• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

ভাৰতীয় সেনা আৰু ভাৰতীয় বায়ু সেনাৰ বিৰুদ্ধে পাঁচ বছৰত ১১৬ টা মানৱ অধিকাৰ উলংঘনৰ অভিযোগ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 20, 2022 10:27 am
Humen Rights Violation Complaints Against Army
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশ তথা জনতাৰ নিৰাপত্তাৰ বাবে নিয়োজিত নিৰাপত্তাৰক্ষীৰ দ্বাৰাই সাধাৰণ জনতা নিৰাপত্তাৰ আশংকাত ভোগা কোনো নতুন ঘটনা নহয়। নিৰাপত্তাৰ ৰক্ষাৰ নামত বহুসময়ত নিৰাপত্তাৰক্ষীৰ দ্বাৰা লাঞ্ছনাৰ সন্মুখীন হ’বলগীয়া হয় সাধাৰণ জনতা। এনে ঘটনা বহুসময়ত অৱশ্যে পোহৰলৈ নহাকৈয়ে থাকি যায়।

সোমবাৰে ৰাজ্যসভাত কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰা বিৱৰণ অনুসৰি ভাৰতীয় সেনা আৰু ভাৰতীয় বায়ু সেনাৰ বিৰুদ্ধে ২০১৭ চনৰ পৰা মানৱ অধিকাৰ উলংঘনৰ মুঠ ১১৬ টা অভিযোগ পোৱা গৈছে।

Apply Now

প্ৰতিৰক্ষা ৰাজ্যিক মন্ত্ৰী অজয় ভট্টই সোমবাৰে প্ৰদান কৰা বিৱৰণৰ তথ্য অনুসৰি এই ১১৬ টা অভিযোগৰে সেনাৰ বিৰুদ্ধে ১০৮ টা অভিযোগ পোৱা গৈছে। আনহাতে ভাৰতীয় বায়ু সেনাৰ বিৰুদ্ধে এই সময়ছোৱাত ৮ টা অভিযোগ উত্থাপিত হৈছে।

মন্ত্ৰীগৰাকীৰ তথ্য অনুসৰি ২০১৭ চনৰ পৰা ২০২২ চনৰ ভিতৰত ভাৰতীয় নৌসেনাৰ বিৰুদ্ধে মানৱ অধিকাৰ উলংঘনৰ কোনো অভিযোগ উত্থাপন হোৱা নাই।

ৰাজ্যসভাত অজয় ভট্টই দাঙি ধৰা তথ্যত দেখুওৱা হৈছে যে ২০১৭ চনত ভাৰতীয় সেনাৰ বিৰুদ্ধে মানৱ অধিকাৰ উলংঘনৰ অভিযোগৰ সংখ্যা আছিল ২৯ টা, আনহাতে ২০১৮ চনত অভিযোগৰ সংখ্যা ৪২ টালৈ বৃদ্ধি পায়।

সেইদৰে ২০১৯, ২০২০, ২০২১ চনত ভাৰতীয় সেনাৰ বিৰুদ্ধে ক্ৰমে ২৬ টা, ৭ টা আৰু ৪ টা মানৱ অধিকাৰ উলংঘনৰ অভিযোগ উত্থাপন হৈছিল।

আনহাতে ভাৰতীয় বায়ু সেনাৰ বিৰুদ্ধে ২০১৭ চনত এটা আৰু ২০১৯ চনত আন এটা অভিযোগ উত্থাপন হৈছিল। ২০২১ আৰু ২০২২ চনত বায়ু সেনাৰ বিৰুদ্ধে তিনিটাকৈ অভিযোগ সন্মুখলৈ আহে বুলি মন্ত্ৰীগৰাকীয়ে কয়।

মন্ত্ৰী ভট্টই লগতে কয় যে ভাৰতীয় সেনাৰ বিৰুদ্ধে মানৱ অধিকাৰ উলংঘনৰ অভিযোগ সমূহ স্থানীয় আৰক্ষী, বিশেষ তদন্ত দল, মানৱ অধিকাৰ আয়োগ, চিবিআই তথা সেনা গোটসমূহৰ উচ্চতম কৰ্তৃপক্ষৰ তদন্তৰ আওতাত পৰে।

মানৱ অধিকাৰ উলংঘনৰ ঘটনাৰ প্ৰতিবেদন দাখিল হ’লে প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ ইণ্টিগ্ৰেটেড মুখ্য কাৰ্যালয় আৰু কমাণ্ডৰ মুখ্য কাৰ্যালয়ক তদন্ত কৰাৰ ক্ষমতা দিয়া হৈছে বুলিও মন্ত্ৰীগৰাকীয়ে লগতে দোহাৰে।

আনহাতে ভাৰতীয় বায়ু সেনাৰ বিৰুদ্ধে উত্থাপিত মানৱ অধিকাৰ উলংঘনৰ অভিযোগ সমূহ প্ৰভোষ্ট মাৰ্শ্বেল (এয়াৰ)ৰ দ্বাৰা তদন্ত কৰা হয়।

সাধাৰণতে সেনাৰ বিৰুদ্ধে মানৱ অধিকাৰ উলংঘনৰ এনে অভিযোগ বহু সময়ত পোহৰলৈ নহাকৈয়ে থাকি যায়। যোৱা পাঁচটা বছৰত সেনাৰ বিৰুদ্ধে যি ১১৬ টা অভিযোগ উত্থাপিত হৈছে বুলি দেখুওৱা হৈছে, প্ৰকৃততে ইয়াৰ সংখ্যা বৃদ্ধি হোৱাৰ যথেষ্ট সম্ভাৱনা আছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পাহাৰৰ পৰা নামি আহিল মাটি-শিলৰ ঢল; ধ্বংস একাধিক ঘৰ-বাৰী! ছিকিমত ভয়াৱহ ভূমিস্খলন

পাহাৰৰ পৰা নামি আহিল মাটি-শিলৰ ঢল; ধ্বংস একাধিক ঘৰ-বাৰী! ছিকিমত ভয়াৱহ ভূমিস্খলন

September 25, 2026 1:35 pm
বিশ্ব দৰবাৰত উত্তৰ-পূবৰ চলচ্চিত্ৰৰ জয়যাত্ৰা: অস্কাৰৰ দৌৰত নাগালেণ্ডৰ পৰিচালক থেজা ৰিঅ’ৰ ‘আং’

বিশ্ব দৰবাৰত উত্তৰ-পূবৰ চলচ্চিত্ৰৰ জয়যাত্ৰা: অস্কাৰৰ দৌৰত নাগালেণ্ডৰ পৰিচালক থেজা ৰিঅ’ৰ ‘আং’

September 25, 2026 12:55 pm
২৪৯০ কোটি টকা হেৰুৱাইও ভাৰতৰ শীৰ্ষ ধনী অভিনেতা শ্বাহৰুখ খান; দ্বিতীয় স্থানত কোন?

২৪৯০ কোটি টকা হেৰুৱাইও ভাৰতৰ শীৰ্ষ ধনী অভিনেতা শ্বাহৰুখ খান; দ্বিতীয় স্থানত কোন?

September 25, 2026 12:46 pm
এছিয়ান গেমছত ভাৰতৰ দ্বিতীয়টো সোণ! ১০ মিটাৰ এয়াৰ পিষ্টলত ইতিহাস ৰচিলে সুৰুচি আৰু কমলজিতে

এছিয়ান গেমছত ভাৰতৰ দ্বিতীয়টো সোণ! ১০ মিটাৰ এয়াৰ পিষ্টলত ইতিহাস ৰচিলে সুৰুচি আৰু কমলজিতে

September 25, 2026 11:42 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাহাৰৰ পৰা নামি আহিল মাটি-শিলৰ ঢল; ধ্বংস একাধিক ঘৰ-বাৰী! ছিকিমত ভয়াৱহ ভূমিস্খলন

পাহাৰৰ পৰা নামি আহিল মাটি-শিলৰ ঢল; ধ্বংস একাধিক ঘৰ-বাৰী! ছিকিমত ভয়াৱহ ভূমিস্খলন

September 25, 2026 1:35 pm
বিশ্ব দৰবাৰত উত্তৰ-পূবৰ চলচ্চিত্ৰৰ জয়যাত্ৰা: অস্কাৰৰ দৌৰত নাগালেণ্ডৰ পৰিচালক থেজা ৰিঅ’ৰ ‘আং’

বিশ্ব দৰবাৰত উত্তৰ-পূবৰ চলচ্চিত্ৰৰ জয়যাত্ৰা: অস্কাৰৰ দৌৰত নাগালেণ্ডৰ পৰিচালক থেজা ৰিঅ’ৰ ‘আং’

September 25, 2026 12:55 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd