• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ভাৰতীয় সেনা আৰু ভাৰতীয় বায়ু সেনাৰ বিৰুদ্ধে পাঁচ বছৰত ১১৬ টা মানৱ অধিকাৰ উলংঘনৰ অভিযোগ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 20, 2022 10:27 am
Humen Rights Violation Complaints Against Army
216
VIEWS
Share on FacebookShare on Twitter

দেশ তথা জনতাৰ নিৰাপত্তাৰ বাবে নিয়োজিত নিৰাপত্তাৰক্ষীৰ দ্বাৰাই সাধাৰণ জনতা নিৰাপত্তাৰ আশংকাত ভোগা কোনো নতুন ঘটনা নহয়। নিৰাপত্তাৰ ৰক্ষাৰ নামত বহুসময়ত নিৰাপত্তাৰক্ষীৰ দ্বাৰা লাঞ্ছনাৰ সন্মুখীন হ’বলগীয়া হয় সাধাৰণ জনতা। এনে ঘটনা বহুসময়ত অৱশ্যে পোহৰলৈ নহাকৈয়ে থাকি যায়।

সোমবাৰে ৰাজ্যসভাত কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰা বিৱৰণ অনুসৰি ভাৰতীয় সেনা আৰু ভাৰতীয় বায়ু সেনাৰ বিৰুদ্ধে ২০১৭ চনৰ পৰা মানৱ অধিকাৰ উলংঘনৰ মুঠ ১১৬ টা অভিযোগ পোৱা গৈছে।

প্ৰতিৰক্ষা ৰাজ্যিক মন্ত্ৰী অজয় ভট্টই সোমবাৰে প্ৰদান কৰা বিৱৰণৰ তথ্য অনুসৰি এই ১১৬ টা অভিযোগৰে সেনাৰ বিৰুদ্ধে ১০৮ টা অভিযোগ পোৱা গৈছে। আনহাতে ভাৰতীয় বায়ু সেনাৰ বিৰুদ্ধে এই সময়ছোৱাত ৮ টা অভিযোগ উত্থাপিত হৈছে।

মন্ত্ৰীগৰাকীৰ তথ্য অনুসৰি ২০১৭ চনৰ পৰা ২০২২ চনৰ ভিতৰত ভাৰতীয় নৌসেনাৰ বিৰুদ্ধে মানৱ অধিকাৰ উলংঘনৰ কোনো অভিযোগ উত্থাপন হোৱা নাই।

ৰাজ্যসভাত অজয় ভট্টই দাঙি ধৰা তথ্যত দেখুওৱা হৈছে যে ২০১৭ চনত ভাৰতীয় সেনাৰ বিৰুদ্ধে মানৱ অধিকাৰ উলংঘনৰ অভিযোগৰ সংখ্যা আছিল ২৯ টা, আনহাতে ২০১৮ চনত অভিযোগৰ সংখ্যা ৪২ টালৈ বৃদ্ধি পায়।

সেইদৰে ২০১৯, ২০২০, ২০২১ চনত ভাৰতীয় সেনাৰ বিৰুদ্ধে ক্ৰমে ২৬ টা, ৭ টা আৰু ৪ টা মানৱ অধিকাৰ উলংঘনৰ অভিযোগ উত্থাপন হৈছিল।

আনহাতে ভাৰতীয় বায়ু সেনাৰ বিৰুদ্ধে ২০১৭ চনত এটা আৰু ২০১৯ চনত আন এটা অভিযোগ উত্থাপন হৈছিল। ২০২১ আৰু ২০২২ চনত বায়ু সেনাৰ বিৰুদ্ধে তিনিটাকৈ অভিযোগ সন্মুখলৈ আহে বুলি মন্ত্ৰীগৰাকীয়ে কয়।

মন্ত্ৰী ভট্টই লগতে কয় যে ভাৰতীয় সেনাৰ বিৰুদ্ধে মানৱ অধিকাৰ উলংঘনৰ অভিযোগ সমূহ স্থানীয় আৰক্ষী, বিশেষ তদন্ত দল, মানৱ অধিকাৰ আয়োগ, চিবিআই তথা সেনা গোটসমূহৰ উচ্চতম কৰ্তৃপক্ষৰ তদন্তৰ আওতাত পৰে।

মানৱ অধিকাৰ উলংঘনৰ ঘটনাৰ প্ৰতিবেদন দাখিল হ’লে প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ ইণ্টিগ্ৰেটেড মুখ্য কাৰ্যালয় আৰু কমাণ্ডৰ মুখ্য কাৰ্যালয়ক তদন্ত কৰাৰ ক্ষমতা দিয়া হৈছে বুলিও মন্ত্ৰীগৰাকীয়ে লগতে দোহাৰে।

আনহাতে ভাৰতীয় বায়ু সেনাৰ বিৰুদ্ধে উত্থাপিত মানৱ অধিকাৰ উলংঘনৰ অভিযোগ সমূহ প্ৰভোষ্ট মাৰ্শ্বেল (এয়াৰ)ৰ দ্বাৰা তদন্ত কৰা হয়।

সাধাৰণতে সেনাৰ বিৰুদ্ধে মানৱ অধিকাৰ উলংঘনৰ এনে অভিযোগ বহু সময়ত পোহৰলৈ নহাকৈয়ে থাকি যায়। যোৱা পাঁচটা বছৰত সেনাৰ বিৰুদ্ধে যি ১১৬ টা অভিযোগ উত্থাপিত হৈছে বুলি দেখুওৱা হৈছে, প্ৰকৃততে ইয়াৰ সংখ্যা বৃদ্ধি হোৱাৰ যথেষ্ট সম্ভাৱনা আছে।

Recent News

নয়ন অসমৰ অন্ত্যোষ্টিক্ৰিয়া চলি থকাৰ সময়তে আলফা(স্বা)ৰ শিবিৰত সেনাৰ মিছাইল আক্ৰমণ! নিহত কৰ্ণেল প্ৰদীপ অসম

নয়ন অসমৰ অন্ত্যোষ্টিক্ৰিয়া চলি থকাৰ সময়তে আলফা(স্বা)ৰ শিবিৰত সেনাৰ মিছাইল আক্ৰমণ! নিহত কৰ্ণেল প্ৰদীপ অসম

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

কংগ্ৰেছ নেতাৰ অধিক প্ৰশংসা! ৰাজস্থানৰ পাঠ্যপুথিত নিষিদ্ধ কৰা হ’ল কংগ্ৰেছৰ অৱদান সম্পৰ্কে থকা পাঠ

কংগ্ৰেছ নেতাৰ অধিক প্ৰশংসা! ৰাজস্থানৰ পাঠ্যপুথিত নিষিদ্ধ কৰা হ’ল কংগ্ৰেছৰ অৱদান সম্পৰ্কে থকা পাঠ

মাজনিশা ঘুমন্ত শ্ৰমিকক গাড়ীৰে মহতিয়াই নিলে মাতাল চালকে; নিমিষতে ৰক্তাক্ত ৰাজধানীৰ ফুটপাথ

মাজনিশা ঘুমন্ত শ্ৰমিকক গাড়ীৰে মহতিয়াই নিলে মাতাল চালকে; নিমিষতে ৰক্তাক্ত ৰাজধানীৰ ফুটপাথ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd