NORTHEAST NOW (Assamese)

২৫-৩০ ছেপ্টেম্বৰলৈ গুৱাহাটীত ১১ সংখ্যক ৰাষ্ট্ৰীয় ৰেংকিং টেবুল টেনিছ চেম্পিয়নশ্বিপ

September 20, 2018 1:08 pm ·
প্ৰতিনিধিত্বমূলক চিত্ৰ

গুৱাহাটীৰ দেশভক্ত তৰুণৰাম ফুকন ইনড’ৰ ষ্টেডিয়ামত অহা ২৫ৰ পৰা ৩০ ছেপ্টেম্বৰলৈ ১১ সংখ্যক ৰাষ্ট্ৰীয় ৰেংকিং টেবুল টেনিছ চেম্পিয়নশ্বিপ ২০১৮ অনুষ্ঠিত হ’ব।

বুধবাৰে অনুষ্ঠিত এক সংবাদমেলত এই কথা জানিবলৈ দিয়ে অসম টেবুল টেনিজ সন্থাৰ সম্পাদক ত্ৰিদিব দুৱৰাই।

তদুপৰি উক্ত সংবাদমেলতে টেবুল টেনিজ সন্থাৰ ফালৰ পৰা লগতে কোৱা হ. যে ২৮ খন ৰাজ্য আৰু ১৩ খন প্ৰতিষ্ঠানৰ প্ৰায় ৮০০ পেডলাৰে  অংশগ্ৰহণ কৰিব লগা প্ৰতিযোগিতাখনত ৭,৪৬,৬০০ টকাৰ প্ৰাইজমানি থাকিব।

ইয়াৰ উপৰি প্ৰতিযোগিতাখন চলি থকাৰ মাজতে ২৯ ছেপ্টেম্বৰত গুৱাহাটীত টেবুল টেনিছ ফেডাৰেশ্যন অব ইণ্ডিয়াৰ কাৰ্যনিৰ্বাহক সভা আৰু বাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিত হ’ব বুলি জানিব পৰা গৈছে।

Related News