DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 2, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অৰুণাচল

অৰুণাচলৰ ১২টা জনগোষ্ঠীয়ে পালে সাংবিধানিক স্বীকৃতি; অসমৰ ছয় জনগোষ্ঠীৰ কি হ’ল?

এন ই নাও নিউজ by এন ই নাও নিউজ
August 9, 2021 4:21 pm
WhatsApp Image 2021-08-09 at 4.15.56 PM
286
VIEWS
Share on FacebookShare on Twitter

সোমবাৰে সংসদত অৰুণাচল প্ৰদেশৰ অনুসূচীত জনজাতিৰ নামকৰণ সংশোধনী বিধেয়ক গৃহীত কৰি ৰাজ্যখনৰ কেইবাটাও জনগোষ্ঠীক সাংবিধানিক স্বীকৃতি প্ৰদান কৰা হ’ল।

এতিয়া ৰাজ্যখনৰ মনপা, ছাজলাং (মিজি), ছাৰটাং, মেম্বা, নক্তা, টাংছা, টুটছা, ৱাংছ’, টাই-খামতি, মিছিমি-কামান (মিজু), ইদু (মিছিমি) আৰু টাৰাওন (ডিগাৰু) ভাৰতীয় সংবিধানিকভাৱে স্বীকৃত হ’ব।

বিগত ৭৪বছৰৰ অপেক্ষাৰ অন্তত এই জনগোষ্ঠীকেইটাও ভাৰতীয় সংবিধানৰ স্বীকৃতি লাভ কৰিব। ইমানদিনে অৰুণাচলী জনগোষ্ঠীকেইটাক যথোপযুক্ত নামেৰে সূচিত নকৰাৰ ফলত যথেষ্ট জটিলতাৰ সৃষ্টি হৈছিল।

অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে এই জনগোষ্ঠীকেইটাৰ নামকৰণ সংশোধনী বিধেয়কক ঐতিহাসিক বুলি অভিহিত কৰিছে।

কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপি নেতা কিৰেন ৰিজিজু আৰু মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে এই পদক্ষেপৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ জ্ঞাপন কৰিছে।

স্বাভাৱিকতে কেন্দ্ৰীয় চৰকাৰৰ এনে পদক্ষেপক লৈ ৰাজ্যখনত সন্তুষ্টিৰ জোৱাৰ উঠিছে। উত্তৰ-পূৰ্বাঞ্চলত চলি থকা সমস্যাসমূহৰ প্ৰতি কেন্দ্ৰৰ যোগাত্মক দৃষ্টিয়ে নিসন্দেহে অঞ্চলটোৰ জনসাধাৰণত আশ্বস্ত কৰিব।

এই সুবাদতে আন এটা কথা চৰ্চাৰ মাজলৈ আহিছে যে অসমৰ ছয়টা জনগোষ্ঠীয়ে দীৰ্ঘদিন ধৰি জনজাতিকৰণৰ দাবী কৰি অহাৰ পাছতো কেন্দ্ৰৰ বিজেপি চৰকাৰে কোনো গুৰুত্ব আৰোপ কৰা নাই।

উল্লেখ্য যে, অসমৰ কোচ-ৰাজবংশী, টাই আহোম, চুতীয়া, মটক, মৰাণ আৰু চাহ জনগোষ্ঠীয়ে দীৰ্ঘ দিন ধৰি জনজাতিকৰণৰ দাবী উত্থাপন কৰি আহিছে।

বিজেপি দলে ২০১৬ চনৰ নিৰ্বাচনত অসমৰ ছয়গোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা দিয়াৰ প্ৰতিশ্ৰুতি দিছিল যদিও সমগ্ৰ বিষয়টোকলৈ এতিয়াও ৰহস্যজনক স্থিতি গ্ৰহণ কৰি আহিছে কেন্দ্ৰ তথা ৰাজ্য চৰকাৰে।

দেখা যায় যে অৰুণাচল প্ৰদেশৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰখনে যথেষ্ট তৎপৰতা প্ৰদৰ্শন কৰি আহিছিল আৰু তাৰ পৰিণতিতে কেন্দ্ৰীয় চৰকাৰে এইদৰে জনগোষ্ঠীকেইটাক সাংবিধানিক স্বীকৃতি দিবলৈ বাধ্য হ’ল।

আনহাতে, অসমৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টোক লৈ আমাৰ ৰাজ্য চৰকাৰখনে কোনো পদক্ষেপ লোৱা নাই আৰু সেইদৰে কেন্দ্ৰীয় চৰকাৰেও বিষয়টো গাপ দি ৰাখিছে।

অসমৰ জনগোষ্ঠীকেইটাৰ নেতৃত্বই কেন্দ্ৰই তেওঁলোকৰ দাবী পূৰণ কৰিব বুলি আশা পালি ৰৈ থকাৰ বিপৰীতে কেন্দ্ৰীয় চৰকাৰে ইয়াক এক নিৰ্বাচনী ইচ্ছ্যু হিচাপেহে ব্যৱহাৰ কৰা দেখা গৈছে।

সংসদত অৰুণাচল প্ৰদেশৰ অনুসূচীত জনজাতিৰ নামকৰণ সংশোধনী বিধেয়ক গৃহীত হোৱাৰ পাছত অসমৰ নেতা-সাংসদসকলেও ৰাজ্যখনৰ বঞ্চিত জনগোষ্ঠীসমূহৰ সমস্যাক লৈ সৰৱ হোৱাৰ আশা কৰিব পাৰিনে?

Recent News

Maharashtra politics

পুনৰ নিৰাশ উদ্ধৱ ঠাকৰে শিবিৰ: উচ্চতম ন্যায়ালয়ে খাৰিজ কৰিলে জৰুৰী শুনানিৰ আবেদন

Raj Thackeray on Uddhav Thackeray

সৌভাগ্য সফলতা নহয়: পতনৰ পাছতে উদ্ধৱ ঠাকৰেক কটাক্ষ ৰাজ ঠাকৰেৰ

Amarinder Singh

শীঘ্ৰেই বিজেপিলৈ অমৰিন্দৰ সিং: বিজেপিৰ সৈতে চামিল হ’ব পঞ্জাৱ লোক কংগ্ৰেছ

Assam career MHRB

Assam Career : এমএইচআৰবিত বৈজ্ঞানিক বিষয়া আৰু বিশ্লেষকৰ খালী পদৰ বাবে আবেদন আহ্বান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd