মহাৰাষ্ট্ৰ বিধানসভাত এবছৰৰ বাবে নিলম্বিত কৰা হ’ল ১২ গৰাকী বিজেপি বিধায়কক, কিন্তু কিয়?

bj22

মহাৰাষ্ট্ৰ বিধানসভাত আজি ১২ গৰাকীকৈ বিজেপি বিধায়কক এবছৰৰ বাবে বিধানসভাৰ পৰা নিলম্বিত কৰাৰ ঘটনাই ৰাজ্যখনত শিৱসেনাৰ সৈতে থকা বিজেপিৰ মতানৈক্যক পুনৰ বাৰ উদঙাই দিলে।

মহাৰাষ্ট্ৰ বিধানসভাৰ বৰ্ষাকালীন অধিবেশন চলি থকাৰ মাজতে আজি অন্যান্য পিচপৰা জাতিৰ বিষয় এটাকলৈ বিজেপিৰ বিধায়কসকলে বিধানসভাৰ মজিয়া উত্তপ্ত কৰি তোলে।

বিধানসভাৰ অধ্যক্ষ ভাস্কৰ যাদৱে অভিযোগ কৰা অনুসৰি বিজেপিৰ বিধায়ক কেইজনে আনকি অধ্যক্ষৰ চকীলৈয়ো চোঁচা লয়।

ইয়াৰ পিছতে অধ্যক্ষ ভাস্কৰ যাদৱে ১২ গৰাকী বিজেপি বিধায়কক বিধানসভাৰ পৰা এবছৰৰ বাবে নিলম্বিত কৰাৰ কথা ঘোষণা কৰে।

অধ্যক্ষৰ এনে কাৰ্যক হঠকাৰী কাৰ্য আখ্যা দিছে বিধানসভাৰ বিৰোধী দলৰ দলপতি দেৱেন্দৰ ফাৰনবিছে।

ফাৰনবিছে কয় যে বিজেপি বিধায়কসকলৰ মুখ বন্ধ কৰাৰ বাবেই তেওঁলোকক নিলম্বিত কৰা হৈছে। বিজেপিৰ নিলম্বিত বিধায়ক সকলৰ ভিতৰত আছে সঞ্জয় কুটে, গিৰীশ মহাজন, অভিমন্যু পাৱাৰ,আশীষ ছেলাৰ, অতুল ভাটকালকাৰ,পৰাগ আলাভনি,হৰিশ পিম্পালে,ৰাম ছাটপুটে, বিজয় কুমাৰ ৰাৱাল,যোগেশ সাগৰ,নাৰায়ণ কুছে,কীৰ্তিকুমাৰ বাগৰিয়া।

উল্লেখ্য ২০১৯ চনৰ নৱেম্বৰ মাহৰ পৰাই মহাৰাষ্ট্ৰত কংগ্ৰেছ-শিৱসেনা আৰু এনচিপিৰ সন্মিলিত চৰকাৰ চলি আছে।

বিধানসভাৰ অধ্যক্ষৰ পদটো অধিকাৰ কৰি আছে কংগ্ৰেছৰ ভাস্কৰ যাদৱে।