বৈষ্ণো দেৱী মন্দিৰত পদপিষ্ট হৈ মৃত্যু ১২ জন তীৰ্থযাত্ৰীৰ, আহত কেইবাজনো

Mata Vaishno Devi shrine

জম্মু-কাশ্মীৰৰ মাতা বৈষ্ণো দেৱী মন্দিৰত পদপিষ্ট হৈ ১২ জন তীৰ্থযাত্ৰীৰ মৃত্যু হোৱাৰ লগতে প্ৰায় ১৪ জন লোক আহত হৈছে। মন্দিৰত ভক্তসকলৰ বৃহৎ সমাগমৰ ফলত এই দুৰ্ঘটনা সংঘটিত হৈছে।

নতুন বছৰৰ আৰম্ভণি উপলক্ষে মন্দিৰত উপাসনা কৰিবলৈ অহা ভক্তসকলৰ এক বিশাল ভিৰ বৈষ্ণো দেৱী ভৱনত প্ৰৱেশ কৰাৰ সময়ত এই ঘটনা সংঘটিত হয় বুলি স্থানীয় বিষয়াসকলে জানিবলৈ দিয়ে।

ৰাজ্যিক মন্ত্ৰী কেন্দ্ৰীয় মন্ত্ৰী জীতেন্দ্ৰ সিঙে এক টুইটযোগে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মাতা বৈষ্ণো দেৱীমন্দিৰত উদ্ভৱ হোৱা কৰুণ পৰিস্থিতিৰ ব্যক্তিগতভাৱে নিৰীক্ষণ কৰিছে আৰু শোকসন্তপ্ত পৰিয়ালসমূহলৈ সহানুভূতি প্ৰকাশ কৰিছে।

লগতে প্ৰধানমন্ত্ৰী মোদীয়ে আহতসকলক সকলো সম্ভৱ চিকিৎসা সাহায্য আৰু সহায় আগবঢ়োৱাৰ বাবে নিৰ্দেশনা জাৰি কৰিছে বুলিও মন্ত্ৰীজনে সদৰী কৰে।

স্থানীয় কৰ্তৃপক্ষ আৰু মন্দিৰ পৰিচালনা সমিতিৰ বিষয়ববীয়া সকলে নিশ্চিত কৰিছে যে এই দুৰ্ঘটনাত ১২ জন তীৰ্থযাত্ৰীৰ মৃত্যু হৈছে আৰু কমেও ১৪ জন লোক আহত হৈছে।

ইতিমধ্যে আহতসকলক চিকিৎসালয়লৈ লৈ যোৱা হৈছে। ইয়াৰে কেইবাজনৰো স্বাস্থ্যৰ অৱস্থা গুৰুতৰ বুলি বিষয়া সকলে জানিবলৈ দিয়ে।