গুজৰাটৰ নাও দুৰ্ঘটনাত নিহতৰ সংখ্যা ১৪ জনলৈ বৃদ্ধিঃ সাহায্য ঘোষণা

Gujarat boat tragedy

গুজৰাটৰ বদোদৰাত আজি সংঘটিত হৈছে শোকাৱহ নাও দুৰ্ঘটনাত নিহতৰ সংখ্যা ১৪ জনলৈ বৃদ্ধি পাইছে। এই দুৰ্ঘটনাত ১২ জন শিক্ষাৰ্থী আৰু দুজন শিক্ষক নিহত হৈছে।

ঘটনাৰ পিছতে স্থানীয় কৰ্তৃপক্ষই উদ্ধাৰ অভিযান আৰম্ভ কৰে। আনহাতে নিৰুদ্দেশ হোৱা ছাত্ৰ-ছাত্ৰীৰ সন্ধান অব্যাহত আছে বুলি কৰ্তৃপক্ষই সদৰী কৰিছে।

উল্লেখ্য যে বদোদৰাৰ হাৰ্নি হ্ৰদত সংঘটিত হৈছে এই ঘটনা। দুৰ্ঘটনাত পতিত নাওখনত প্ৰায় ২৭ জন লোক আছিল বুলি জানিব পৰা গৈছে।

প্ৰকাশিত খবৰ অনুসৰি, নিউ চানৰাইজ স্কুল নামৰ এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ শিক্ষাৰ্থী আৰু শিক্ষকসকলে বনভোজৰ উদ্দেশ্যে হাৰ্নি হ্ৰদ ভ্ৰমণ কৰিছিল।

এই ভ্ৰমণৰ সময়তে সংঘটিত হয় এই শোকাৱহ ঘটনা। ঘটনাৰ সময়ত নাওখনত থকা কোনো এগৰাকীয়েই লাইফ জেকেট পিন্ধা নাছিল বুলি জানিব পৰা গৈছে।

ইফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘটনাৰ পিছতে মৃতকৰ পৰিয়ালৰ বাবে প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা ২ লাখ টকা আৰু আহতসকলৰ পৰিয়ালৰ বাবে ৫০ হাজাৰকৈ সাহায্য প্ৰদান কৰাৰ কথা ঘোষণা কৰে।

গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলেও ঘটনাৰ বাবে তেওঁ আন কাৰ্যসূচী বাতিল কৰি বদোদৰালৈ ৰাওনা হ’ব বুলি জানিবলৈ দিছে।

লগতে ৰাজ্য চৰকাৰে মৃতকৰ পৰিয়ালৰ বাবে ৪ লাখ টকা আৰু আহতসকলৰ পৰিয়ালৰ বাবে ৫০ হাজাৰ টকাৰ আৰ্থিক সাহায্য ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

তেওঁ ঘটনাস্থলীত উদ্ধাৰ অভিযান অব্যাহত আছে বুলি সদৰী কৰি আন লোকসকলৰ জীৱন যাতে ৰক্ষা কৰিব পৰা যায়, তাৰ বাবে প্ৰাৰ্থনা জনায়।

ইফালে স্থানীয় বিধায়ক শৈলেশ মেহতাই এই দুৰ্ঘটনাৰ বাবে নাও পৰিচালকক দোষাৰোপ কৰিছে।

নাওখনত ইয়াৰ ক্ষমতাতকৈ অধিক লোক থকাৰ বাবে দুৰ্ঘটনা ঘটা বুলি উল্লেখ কৰি তেওঁ ঠিকাদাৰৰ ওপৰত কঠোৰ ব্যৱস্থাৰ বাবে চৰকাৰক আহ্বান জনায়।