অষ্ট্ৰেলিয়াত উদ্ধাৰ ১২০ বছৰ পুৰণি চকলেট! কোনে সংৰক্ষণ কৰিছিল এয়া?

a image-a-33_1608595772992

তাহানিৰ দিনৰে পৰা চকলেট মানুহৰ মাজত জনপ্ৰিয় হৈ আহিছে।

বিশ্বত বৰ্তমান বিভিন্ন আকাৰ আৰু স্বাদ-গোন্ধৰ চকলেট প্ৰচলন হোৱাৰ সময়তে উদ্ধাৰ হৈছে ১২০ বছৰ পুৰণি চকলেটৰ পেকেট এটা।

পেকেটটোৰ ভিতৰত থকা চকলেট আজিও অক্ষত অৱস্থাতে আছে।

অষ্ট্ৰেলিয়াৰ প্ৰখ্যাত কবি এণ্ড্ৰেউ বাৰ্টন পিটাৰছনৰ ব্যক্তিগত সংগ্ৰহৰ মাজৰ পৰা উদ্ধাৰ কৰা হৈছে এই পুৰণি চকলেট খিনি।

সম্প্ৰতি নেচনেল লাইব্ৰেৰীত সংগ্ৰহৰ দিহা কৰা এই চকলেট খিনি কবি পিটাৰছনৰ কেতবোৰ কাগজ-পত্ৰৰ মাজৰ পৰা উদ্ধাৰ কৰা হৈছে।

ষ্ট্ৰ আৰু চিলভাৰ ফয়েলেৰে মেৰিয়াই ৰখা এই চকলেটৰ সৈতে জৰিত হৈ আছে এক ইতিহাস।

খবৰ অনুসৰি চকলেট খিনি ফৰমাইচ কৰিছিল তদানীন্তন ব্ৰিটেইনৰ ৰাণী ভিক্টোৰিয়াই।

যুদ্ধক্ষেত্ৰত দিনে-নিশাই কেৱল যুদ্ধৰ বিভীষিকাৰ মাজতে সময় পাৰ কৰা সৈনিকসকলৰ বাবে ৰাণীয়ে ফৰমাইচ দিছিল এই চকলেট।

ৰাণীৰ ফৰমাইচ অনুসৰি কেডবেৰীয়ে প্ৰস্তুত কৰিছিল ৭০,০০০-৮০,০০০ পাউণ্ড টিন কোকোৱা চকলেট।

ব্ৰিটিছ সেনাৰ বাবে প্ৰস্তুত কৰা সেই চকলেটৰ এটা পেকেট গৈছিল প্ৰখ্যাত কবি পিটাৰছনৰ হাতলৈ।

পিটাৰছনেও সেই চকলেট খোৱাৰ সলনি থৈ দিছিল তেওঁৰ কেতবোৰ দৰকাৰী কাগজ-পত্ৰৰ সৈতে।

যি চকলেটে আজি বিশ্বৰ প্ৰাচীন চকলেট হিচাবে স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে।