ছত্তীশগড়ৰ দান্তেৱাড়া জিলাৰ এখন আদালতে শুকুৰবাৰে ২০১৭ চনৰ বুৰ্কাপাল নক্সাল আক্ৰমণৰ গোচৰত গ্ৰেপ্তাৰ কৰা ১২১ জন আদিবাসী লোকক নিৰ্দোষ সাব্যস্ত কৰি কাৰাগাৰৰ পৰা মুকলি কৰি দিয়াৰ নিৰ্দেশ দিছে।
ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা, চমুকৈ নিয়াৰ গোচৰৰ বিশেষ ন্যায়াধীশ দীপক কুমাৰ দেশলহেৰে আক্ৰমণত আদিবাসী লোকসকল জড়িত থকা তথা নক্সালৰ সৈতে তেওঁলোকৰ সম্পৰ্কৰ কোনো প্ৰমাণ দিয়াত চৰকাৰী পক্ষ ব্যৰ্থ হোৱাৰ পিছত অভিযুক্তসকলক নিৰ্দোষ সাব্যস্ত কৰে।
নিৰ্দেশটোত লগতে কোৱা হৈছে যে অভিযুক্তৰ দখলৰ পৰা কোনো অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদ উদ্ধাৰ কৰা হৈছে বুলি প্ৰমাণ কৰাতো চৰকাৰী পক্ষ ব্যৰ্থ হয়।
উল্লেখ্য যে ২০১৭ চনৰ ২৪ এপ্ৰিলত চুকমা জিলাৰ বুৰ্কপাল গাঁৱৰ ওচৰত নক্সালবাদীয়ে চিআৰপিএফৰ এটা দলক আক্ৰমণ কৰি অৰ্ধসামৰিক বাহিনীটোৰৰ ৭৪ তম বেটেলিয়নৰ ২৫ জন জোৱানক হত্যা কৰিছিল।
এই আক্ৰমণৰ পিছতে আক্ৰমণত জড়িত থকাৰ অভিযোগত এগৰাকী মহিলাকে ধৰি আদিবাসী সম্প্ৰদায়ৰ প্ৰায় ১২১ জন সদস্যক গ্ৰেপ্তাৰ কৰা হৈছিল।
ইয়াৰে অধিকাংশক ২০১৭ চনত গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে আন কিছু লোকক ক্ৰমে ২০১৮ আৰু ২০১৯ চনত গ্ৰেপ্তাৰ কৰা হৈছিল।
তেওঁলোকৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি, অস্ত্ৰ আইন, বিস্ফোৰক পদাৰ্থ আইন, ছত্তীশগড় বিশেষ ৰাজহুৱা সুৰক্ষা আইন আৰু বেআইনী কাৰ্যকলাপ (প্ৰতিৰোধ) আইনৰ বিভিন্ন ধাৰাৰ অধীনত গোচৰ ৰুজু কৰা হৈছিল।
অভিযুক্ত আদিবাসী লোক সকলক প্ৰতিনিধিত্ব কৰি তেওঁলোকক নিৰ্দোষ হিচাপে প্ৰমাণ কৰিবলৈ আদালতৰ মজিয়াত যুক্তি দাঙি ধৰে অধিবক্তা তথা মানৱ অধিকাৰ কৰ্মী বেলা ভাটিয়াই।
আদালতৰ ৰায়ৰ পিছতে ভাটিয়াই কয়, “তেওঁলোকে অৱশেষত ন্যায় পাইছে, কিন্তু কোনো অপৰাধৰ নকৰাকৈয়ে তেওঁলোকে কিয় ইমান বছৰ কাৰাগাৰত কটাব লগা হ’ল? ইয়াৰ বাবে তেওঁলোকক কোনে ক্ষতিপূৰণ দিব?”
অৱ্শ্যে অভিযুক্ত ১২১ জনৰ ভিতৰত ১১৩ জন লোককহে কাৰাগাৰৰ পৰা এতিয়া মুকলি কৰা হৈছে বুলি বাস্তাৰ ৰেঞ্জৰ আৰক্ষী মহাপৰিদৰ্শক সুন্দৰৰাজে জানিবলৈ দিছে। আঠজন অভিযুক্ত পৃথক গোচৰত ন্যায়িক জিম্মাত থকাৰ বাবে এতিয়া মুকলি নহয় বুলি তেওঁ লগতে কয়।