কলিয়াবৰত আজি পুনৰ ১৩ জন লোক কোভিড-১৯ত আক্ৰান্ত

Covid19..-750x375

ৰাজ্যত প্ৰতিদিনে বৃদ্ধি পাবলৈ লৈছে কোভিড-১৯ত আক্ৰান্ত ৰোগীৰ সংখ্যা। যাৰ ফলত আজিৰে পৰা নতুনকৈ কাৰ্যকৰী হোৱাকৈ নতুন নীতি নিৰ্দেশনা আগবঢ়াইছে প্ৰশাসনে। সমান্তৰালকৈ কলিয়াবৰতো বৃদ্ধি পাইছে কোভিড-১৯ত আক্ৰান্তৰ সংখ্যা।

কলিয়াবৰত আজি পুনৰ ১৩ জন আক্ৰান্ত হৈছে কোভিড-১৯ত।

জখলাবন্ধা চিকিৎসালয় আৰু জখলাবন্ধা চিকিৎসালয়ৰ সৈতে জড়িত অন্য ৪ টা কোভিড টেষ্ট কেন্দ্ৰত আজি ১১ জন লোক আক্ৰান্ত হয় কোভিডত।

ইয়াৰে কুঠৰীৰ ডিফলু ৰিভাৰ ৰিজৰ্টৰ ৬ জনকৈ কৰ্মচাৰী আক্ৰান্ত হৈছে কোভিডত।

ইফালে চিমনাবস্তি চিকিৎসালয়ৰ কোভিড চেন্টাৰৰ সৈতে জড়িত আন চাৰিটা কোভিড টেষ্ট কেন্দ্ৰত কৰা টেষ্টত ২ জন লোক আক্ৰান্ত হয় কোভিডত।

আজি আক্ৰান্ত ১৩ জনক বৰ্তমান হোম আইচ’লেচনত থকাৰ নিৰ্দেশ দিয়ে স্বাস্থ্য বিভাগে।

এই পৰ্যন্ত কলিয়াবৰত কোভিড-১৯ত আক্ৰান্তৰ সংখ্যা ১৬২ লৈ বৃদ্ধি পালে।সুস্থ হৈ উঠিছে- ৯১ জন,সক্ৰিয় ৰোগী- ৭১ জন।