পাশৱিক: এগৰাকী ১৩ বছৰীয়া ছোৱালীক বলাৎকাৰ কৰিলে ৮০ জন লোকে!

বি-টেক পাঠ্যক্ৰমৰ ছাত্ৰসহ ৭৪ জনক গ্ৰেপ্তাৰ

মানুহৰ চৰিত্ৰৰ কেনেদৰে স্খলন ঘটিছে, কিদৰে অপমৃত্যু ঘটিছে নৈতিকতা বোলা শব্দটোৰ তাৰ শেহতীয়া প্ৰমাণ পোৱা গ’ল অন্ধ্ৰপ্ৰদেশত।

এগৰাকী ১৩ বছৰীয়া কন্যা সন্তান। যিটো সময়ত ছোৱালীজনীয়ে পখিলা খেদি ফুৰিব লাগিছিল সেই সময়তে তেওঁ বলি হ’বলগীয়া হৈছে মানুহৰ জঘন্য অপৰাধৰ।

১৩ বছৰীয়া ছোৱালীজনীক যোৱা ৮ মাহৰো অধিক সময় ধৰি বলাৎকাৰ কৰিছে ৮০ জনৰো অধিক লোকে। কোভিডত আক্ৰান্ত হৈ মাতৃৰ মৃত্যু ঘটাৰ পিছতেই এগৰাকী মহিলাই ছোৱালী জনীৰ দায়িত্ব ল’ম বুলি ছোৱালীজনীক লৈ গৈছিল। কিন্তু আশ্ৰয় দানৰ নামত সেই মহিলাগৰাকীয়েই ছোৱালীজনীক পতিতাবৃত্তি গ্ৰহণ কৰিবলৈ বাধ্য কৰাইছিল।

অন্ধ্ৰপ্ৰদেশ আৰু তেলেংগানাৰ বিভিন্ন পতিতালয়লৈ ছোৱালীজনীক লৈ যোৱা হৈছিল আৰু প্ৰায় ৮০ জন লোকে ছোৱালী জনীক বলাৎকাৰ কৰিছিল। বহুদিন ধৰি নিজৰ কন্যাৰ কোনো খা-খবৰ নাপাই ছোৱালীজনীৰ পিতৃয়ে কাষ চাপে আৰক্ষীৰ। পিতৃৰ সম্পূৰ্ণ অজ্ঞাতেই স্বৰ্ণ কুমাৰী নামৰ মহিলাগৰাকীয়ে ছোৱালীজনীক লৈ গৈছিল।

পিতৃৰ মুখেৰে সমস্ত কথা জনাৰ পিছতে তদন্তত নামি পৰে আৰক্ষী। আৰক্ষীয়ে তদন্ত চলাই নিশ্চিত হয় যে ছোৱালীজনীক পতিতালয়ত ৰখা হৈছে।

আৰক্ষীয়ে এই জগন্য ঘটনাৰ সৈতে জৰিত ১০ জন লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ঘটনাৰ ওৰ বিচাৰি গৈ গৈ আৰক্ষীয়ে আজিলৈকে যাৰ মুঠা ৭৪ জন লোকক গ্ৰেপ্তাৰ কৰিছে।

টাইমছ অৱ ইণ্ডিয়াৰ বাতৰি অনুলসৰি ছোৱালীজনীক শেহতীয়াকৈ গুন্টুৰত আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। ২০২১ চনৰ আগষ্ট মাহতে ছোৱালীজনীৰ পিতৃয়ে আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰিছিল।

ইয়াৰ পিছৰে পৰাই আৰক্ষীয়ে ছোৱালীজনীক উদ্ধাৰৰ বাবে চেষ্টা চলাই গৈছিল।

ইণ্ডিয়া টুডেৰ বাতৰি অনুসৰি এতিয়াও এই জঘন্য কাণ্ডত জড়িত ছয়জন অভিযুক্ত পলাতক অৱস্থাত আছে। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা বলাৎকাৰী কেইজনৰ ভিতৰত এজন বি-টেক পাঠ্যক্ৰমৰ ছাত্ৰও আছে।

গুণ্টুৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক কে সুপ্ৰজাই কয় যে এই জঘন্য ঘটনাত জড়িত প্ৰত্যেক জন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব।

কাকো সাৰি যাবলৈ দিয়া নহ’ব বুলি তেওঁ মন্তব্য কৰে। এই পাশৱিক ঘটনাটোৱে সমগ্ৰ দেশতে চাঞ্চল্যৰ সৃষ্টি কৰিছে।