• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমৰ অৰ্থনীতিলৈ গুৰুত্বপূৰ্ণ অৱদান যোগোৱা চাহ বাগিচাত শিক্ষাৰ শোচনীয় ৰূপ

চাজিদ খান by চাজিদ খান
March 10, 2018 12:24 pm
a tea garden employee
29
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ অৰ্থনীতিলৈ প্ৰভুত বৰঙণি যোগাই অহা এটি গুৰুত্বপূৰ্ণ উদ্যোগ হৈছে  চাহ উদ্যোগ। চাহ বাগিচাসমূহত যি সকলে মুৰৰ ঘাম মাটিত পেলাই এই চাহ উদ্যোগটোক সমগ্ৰ বিশ্বৰ ভিতৰতেই আগশাৰিৰ কৰি গঢ়ি তুলিছে সেই চাহ বাগিচাৰ শ্ৰমিকসকলৰ শিক্ষা-দীক্ষা আদিৰ প্ৰতি যে চৰকাৰৰ কোনো মনোযোগ নাই সেই কথা ওলাই পৰিছে বাগিচাসমূহৰ প্ৰাথমিক বিদ্যালয়সমূহৰ মানদণ্ডৰ পৰা। চাহ বাগিচাসমূহত নিয়োজিত আদিবাসী সম্প্ৰদায়ৰ এই শ্ৰমিকসকল ৰাজনৈতিক দলবোৰৰ ভোট বেংক হিচাপে ব্যৱহাৰ হোৱাৰ বাহিৰে যে দেশৰো প্ৰকৃত নাগৰিক তাক ফঁহিয়াই চোৱাৰ অৱকাশ ৰাজনৈতিক দল অথবা চৰকাৰ কাৰোৱেই নাই। অতীতৰে পৰা কৃষ্টি-সংস্কৃতিৰ দিশৰ পৰা নিজৰ এটা সুকীয়া অস্তিত্ব বহন কৰি অহা এই চাহ শ্ৰমিকসকল অৰ্থনৈতিক, সামাজিক,ৰাজনৈতিক সকলো দিশৰ পৰাই বৈষম্যৰ বলি হৈ আহিছে আৰু এখন স্বাধীন দেশৰ নাগৰিক হৈও দ্বিতীয় শ্ৰেণীৰ নাগৰিকৰ জীৱন অতিবাহিত কৰি আহিছে স্বাধীনতাৰ ৭০ বছৰ অতিক্ৰম কৰাৰ পিছতো।

এই স্বধীনতাৰ পিছৰ সুদীৰ্ঘ সময়চোৱাৰ ভিতৰত চাহ শ্ৰমিকসকলৰ অৱস্থাৰ বিশেষ পৰিৱৰ্তন হোৱা নাই আৰু এই সকলৰ বহুতেই এতিয়া দুৰ্বিষহ দাৰিদ্ৰৰ মাজেৰে জীৱন অতিবাহিত কৰি আছে। সামাজিক প্ৰগতিৰ ক্ষেত্ৰত শিক্ষাৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে, সেয়েহে শিক্ষাৰ ক্ষেত্ৰত বৈষম্যৰ বলি হোৱা চাহ শ্ৰমিকৰ এই সম্প্ৰদায়টোৱে মূলসূঁতিৰ সমানেই তাল মিলাই আগবাঢ়িব পৰা নাই। চাহ বাহিচাসমূহৰ প্ৰাথমিক শিক্ষাৰ ছৱিখন চালেই চৰকাৰ তথা শিক্ষা বিভাগৰ উচ্চ স্বৰৰ দাবীবোৰ যে অসমৰ চাহ বাগিচাসমূহৰ ক্ষেত্ৰত ফটা ঢোলৰ শব্দত বাদে অধিক নহয় সেই কথা বুজিব পাৰি।

Apply Now

কঠোৰ পৰিশ্ৰমৰ মাজেৰে জীৱন অতিবাহিত কৰা চাহ বাগিচাৰ শ্ৰমিকসকল আৰু তেওঁলোকৰ সন্তানসকলে উন্নত শিক্ষা লাভ কৰাৰ ক্ষেত্ৰত বহুতো বাধা আছে। চাহ বাগিচাসমূহৰ বিতৰৰ পৰা চহৰত থকা বিদ্যালয়সমূহলৈ যোৱাৰ বাবে যোগাযোগ ব্যৱস্থা সুবিধাজনক নোহোৱা বাবে চাহ বাগিচাৰ ভিতৰতেই প্ৰাথমিক শিক্ষৰ ব্যৱস্থা কৰি দিয়া হৈছে যদিও শিক্ষাৰ গুণগত দিশৰ পৰা সেই বিদ্যালয়সমূহ অত্যন্ত নিম্ন মানৰ।

‘শিক্ষাৰ অধিকাৰ আইন’ চাহ বাগিচাসমূহৰ ক্ষেত্ৰত এক প্ৰহসনত বাদে অইন একো নহয়। অসমৰ চাহ বাগিচাসমূহত অসংখ্য প্ৰাথমিক বিদ্যালয় আছে যি সমূহ এজনীয়া শিক্ষকেৰে চলি আছে। অসমৰ পৰা নিৰ্বাচিত ৰাজ্যসভাৰ সাংসদ ছাণ্টিউছ কুজুৰৰ এটি প্ৰশ্নৰ উত্তৰত মানৱ সম্পদ বিকাশ দপ্তৰৰ ৰাজ্যিক য়ুনিয়ন মন্ত্ৰী উপেন্দ্ৰ কুশ্বৱাহাই অলপতে প্ৰকাশ কৰিছিল যে ২০১৭ চনৰ ৩০ জানুৱাৰিলৈকে ৰাজ্যখনৰ চাহ বাগিচাসমূহত থকা ১৯৮৩খন প্ৰাথমিক বিদ্যালয়ৰ ভিতৰত ১১৯খনেই  হৈছে এজনীয়া শিক্ষকৰ বিদ্যালয়।

এই বিদ্যালয়সমূহত হোৱা এজনীয়া শিক্ষক সমস্যাৰ সম্পৰ্কত কুশ্বৱাহাই প্ৰকাশ কৰিছে যে শিক্ষকৰ অৱসৰ গ্ৰহণ আৰু অনুমোদিত পদসমূহ খালী হৈ থকাৰ বাবেই এই সমস্যাৰ উদ্ভৱ হৈছে। এই পদসমূহত শিক্ষক নিয়োগ কৰাটো চৰকাৰৰ দায়িত্ব বুলিও কুশ্বৱাহাই মন্তব্য কৰে।

লাভ কৰা তথ্য অনুসৰি  ওদালগুৰিৰ চাহ বাগিচাসমূহে মুঠ ৭০খন প্ৰাথমিক বিদ্যালয়ৰ ভিতৰত ১৮খন এজনীয়া শিক্ষকৰ বিদ্যালয়েৰে তালিকাৰ শীৰ্ষস্থান দখল কৰিছে, তাৰ পিছতেই ১৫৯খনৰ ভিতৰত ১৭খনেৰে কৰিমগঞ্জ জিলাই দ্বিতীয় স্থান, ৯৪খনৰ ভিতৰত ১৬খনেৰে শোণিতপুৰ জিলাই তৃতীয় স্থান, ২০৯খনৰ ভিতৰত ১৪খনেৰে যোৰহাট জিলাই চতুৰ্থ স্থান আৰু হাইলাকান্দি জিলাই ১৭৩খনৰ বিতৰত ১২খন এজনীয়া শিক্ষকৰ বিদ্যালয়েৰে পঞ্চম স্থান লাভ কৰিছে। বাকীবোৰ জিলাতো এনে অৱস্থা কম-বেচি পৰিমাণে আছে।

নৰ্থ ইষ্ট নাওৰ সৈতে হোৱা এটি টেলিফ’নিক সাক্ষাৎকাৰত ৰাজ্যসভাৰ সাংসদ ছান্টিউছ কুজুৰে কৈছে যে অসমৰ শিক্ষা বিভাগে ৰাজ্যখনৰ চাহ বাগিচাসমূহৰ শিক্ষাৰ ক্ষেত্ৰত মাহী-আইৰ দৃষ্টিৰে চাই আছে। সাংসদগৰাকীয়ে আৰু কৈছে যে এই সন্দৰ্ভত তেওঁ অসমৰ শিক্ষামন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু সংশ্লিষ্ট কৰ্তৃপক্ষৰ  কেইবাবাৰো অহা-যোৱা কৰিছে যদিও এই ক্ষেত্ৰত এতিয়ালৈকে কোনো ইতিবাচক উত্তৰ লাভ কৰা নাই।

চাজিদ খান

চাজিদ খান

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ব্ৰিকছ সন্মিলনৰ বাবে ভাৰতলৈ নাহে বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমান! কি ক’লে ঢাকাই?

ব্ৰিকছ সন্মিলনৰ বাবে ভাৰতলৈ নাহে বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমান! কি ক’লে ঢাকাই?

September 10, 2026 6:02 pm
অতিথিশালাত ২০ দিনৰ মূৰত দম্পতীৰ ৰহস্যমৃত্যু, উদ্ধাৰ মৃতদেহ! সন্ধান ওলাল ‘অপহৃত’ যুৱতীৰ

অতিথিশালাত ২০ দিনৰ মূৰত দম্পতীৰ ৰহস্যমৃত্যু, উদ্ধাৰ মৃতদেহ! সন্ধান ওলাল ‘অপহৃত’ যুৱতীৰ

September 10, 2026 5:16 pm
ক্ৰিকেটত তিষ্ঠিবই পৰা নাই, হকীত আৰু দুৰ্দশা; পাকিস্তানক ১৯ গ’ল দি থকাসৰকা কৰিলে ভাৰতে

ক্ৰিকেটত তিষ্ঠিবই পৰা নাই, হকীত আৰু দুৰ্দশা; পাকিস্তানক ১৯ গ’ল দি থকাসৰকা কৰিলে ভাৰতে

September 10, 2026 4:09 pm
মুম্বাই-গোৱা ঘাইপথ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ নকৰে নীতিন গাডকাৰীয়ে! কিয় ল’লে এই সিদ্ধান্ত?

মুম্বাই-গোৱা ঘাইপথ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ নকৰে নীতিন গাডকাৰীয়ে! কিয় ল’লে এই সিদ্ধান্ত?

September 10, 2026 3:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ব্ৰিকছ সন্মিলনৰ বাবে ভাৰতলৈ নাহে বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমান! কি ক’লে ঢাকাই?

ব্ৰিকছ সন্মিলনৰ বাবে ভাৰতলৈ নাহে বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমান! কি ক’লে ঢাকাই?

September 10, 2026 6:02 pm
অতিথিশালাত ২০ দিনৰ মূৰত দম্পতীৰ ৰহস্যমৃত্যু, উদ্ধাৰ মৃতদেহ! সন্ধান ওলাল ‘অপহৃত’ যুৱতীৰ

অতিথিশালাত ২০ দিনৰ মূৰত দম্পতীৰ ৰহস্যমৃত্যু, উদ্ধাৰ মৃতদেহ! সন্ধান ওলাল ‘অপহৃত’ যুৱতীৰ

September 10, 2026 5:16 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd