• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

১৩৫ বছৰ পুৰণি কয়লা উদ্যোগ বন্ধ হোৱাৰ উপক্ৰম: ক’ল ইণ্ডিয়াৰ শ্ৰমিক-কৰ্মচাৰীৰ প্ৰতিবাদ

NE NOW NEWS মানস প্রতীম গগৈ
মাৰ্ঘৰিটা , August 30, 2019 6:42 am

3 min read

Screenshot_20190829_162054

ফটো : নৰ্থইষ্ট নাও

2.2k
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যৰ অন্যতম লাভজনক ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান উত্তৰ-পূব কয়লা ক্ষেত্ৰলৈ অনিশ্চয়তা নামি আহিছে।

প্ৰতিষ্ঠানটোৰ কলিকতাস্থিত মুখ্য কাৰ্যালয়ৰ পৰা শ্ৰমিক কৰ্মচাৰী সকলক দেশৰ অন্য প্ৰান্তত থকা কয়লা ক্ষেত্ৰ সমূহলৈ বদলিৰ বাবে আবেদন জনোৱাৰ নিৰ্দেশক কেন্দ্ৰ কৰিয়ে সৃষ্টি হৈছে এই অনিশ্চয়তা ।

ইপিনে,শ্ৰমিক কৰ্মচাৰী সকলৰ মাজত হাহাকাৰ লাগিছে। ইয়াৰ লগে লগে সমগ্ৰ মাৰ্ঘেৰিটা লিডু আৰু ইয়াৰ উপকন্ঠ অঞ্চলৰ ৰাইজৰ মাজত উৎকন্ঠাৰ সৃষ্টি হৈছে।

উল্লেখ্য যে এই অঞ্চলসমূহৰ আৰ্থ-সামাজিক সম্পূৰ্ণ ৰূপে এই উদ্যোগটোৰ ওপৰত নিৰ্ভৰশীল।

বৃহস্পতিবাৰে সকলো কয়লা শ্ৰমিক সংগঠন সমৃহৰ নেতৃত্বত কেইবাশতাধিক শ্ৰমিক কৰ্মচাৰীয়ে মাৰ্ঘেৰিটা ইণ্ডিয়া ক্লাবৰ পৰা প্ৰতিবাদ সমদল কৰি উত্তৰ পূব কয়লা ক্ষেত্ৰৰ মাৰ্ঘেৰিটা কাৰ্যালয় ঘেৰাও কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

তেওঁলোকে প্ৰতিষ্ঠানটোৰ কলিকতাস্থিত মুখ্য কাৰ্যালয়ৰ হঠকাৰী সিদ্ধান্তুৰ তীব্ৰ বিৰোধিতা কৰে। প্ৰতিবাদত টিকক, টিৰাপ, টিপং, লিডু, বৰগোলাই, নামদাং তথা মাৰ্ঘেৰিটা কাৰ্যালয়ৰ শ্ৰমিক কৰ্মচাৰী সকলোৱে অংশগ্ৰহণ কৰে।

তদুপৰি, অসম চৰকাৰে ক্ষতিপূৰণ হিচাপে ৫৬ কোটি টকা আদায় লৈয়ো প্ৰায় বাৰ বছৰে বনভূমি ব্যৱহাৰৰ অনুমতি প্ৰদান নকৰাৰ বাবেই প্ৰতিষ্ঠানটোৱে উৎপাদন বৃদ্ধি কৰিব পৰা নাই বুলি অভিযোগ কৰি অসম চৰকাৰৰ এই ভূমিকাক তীব্ৰ সমালোচনা কৰে ।

প্ৰতিবাদী কাৰ্যসূচীৰ পাছত দিহিং গেষ্ট হাউচত এখন সংবাদমেল অনুষ্ঠিত কৰি দেশ তথা ৰাজ্য চৰকাৰক এক বৃহৎ ৰাজহ দি অহা প্ৰতিষ্ঠানটোক বন্ধ কৰাৰ ষড়যন্ত্ৰক প্ৰতিবাদকাৰীসকলে তীব্ৰ সমালোচনা কৰে।

সংবাদমাধ্যমক সম্বোধন কৰি শ্ৰমিক নেতা ভাৰতভূষণ বৰঠাকুৰে অসমৰ ১৩৫ বছৰ পুৰণি একমাত্ৰ বৃহৎ ৰাষ্ট্ৰীয়কৃত কয়লা উদ্যোগ উত্তৰ পূব কয়লাক্ষেত্ৰ বন্ধ হোৱাৰ উপক্ৰম হৈছে বুলি জানিবলৈ দিয়ে।

তেওঁ কয় যে দেশৰ শক্তিখণ্ডত বলিষ্ঠ অৰিহনা যোগাই অহা তথা কেন্দ্ৰ আৰু অসম চৰকাৰৰ ৰাজকোষলৈ প্ৰায় ১২০কোটি টকা বছৰি অৰিহনা যোগাই অহা এই কয়লা উদ্যোগটোক অসম চৰকাৰৰ বিভাগীয় আমোলা বিষয়াৰ গাফিলতি আৰু অমনোযোগিতাৰ বাবে বন্ধ হোৱাৰ পথলৈ গৈছে।

ইয়াৰ ফলত বৃহত্তৰ মাৰ্ঘেৰিটা মহকুমাৰ লক্ষাধিক পৰিয়াল পৰোক্ষ তথা প্ৰত্যক্ষভাবে ক্ষতিগ্ৰস্ত হ’ব বুলি তেওঁ ব্যক্ত কৰে।

মন্তুষ টাইয়ে, স্বপন ৰয়, সঞ্জীৱ বৰুৱা, নোমল গগৈ আদিকে ধৰি আটাইকেইটা শ্ৰমিক সংগঠনৰ নেতা সংবাদমেলত উপস্থিত থাকে।

কয়লা উদ্যোগটোৰ শ্ৰমিক কৰ্মচাৰী সংগঠন সমূহে বন বিভাগৰ আমোলাতন্ত্ৰৰ পৰিকল্পিত ষড়যন্ত্ৰই এক কৃত্ৰিম ব্যৱস্থা গঢ়ি উদ্যোগটো ধ্বংসৰ মুখলৈ ঠেলি দি বহিৰাগত পুঁ‌জিপতিৰ হাতত তুলি দিয়াৰ পথ প্ৰশস্ত কৰা বুলি স্পষ্টভাৱে অভিযোগ কৰে।

উল্লেখ্য যে কয়লা উদ্যোগটোৰ পৰা অসম আৰু কেন্দ্ৰ চৰকাৰে বছৰি প্ৰায় ১২০ কোটি টকা ৰাজহ সংগ্ৰহ কৰাৰ লগতে বিদ্যুৎ বিভাগে প্ৰায় ১০ কোটি টকা লাভ কৰি আহিছে।

তদুপৰি, লেখাপানী প্ৰস্তাৱিত কয়লা ভিত্তিক তাপ বিদ্যুৎ প্ৰকল্প আৰু কয়লা উদ্যোগ প্ৰকল্পৰ ভূখণ্ডৰ প্ৰায় ২৫০ হেক্টৰ ভূমি অৰুণাচল চৰকাৰে বেদখল কৰি ফলক লগোৱাত দুয়োটা প্ৰকল্পৰ ভৱিষ্যত অনিশ্চিত হৈ পৰিছে বুলিও শ্ৰমিক নেতাকেইজনে বিস্ফোৰক অভিযোগ কৰে।

ইয়াৰ মাজতে লেখাপানী কয়লা প্ৰকল্পৰ বাবে আবন্টিত ২৩৫ হেক্টৰ মাটিৰ বাবদ ইতিমধ্যে ৪২ কোটি টকা অসম চৰকাৰক আদায় দিয়া হৈছে বুলি জনায়।

ৰাজ্যৰ আৰ্থ সামাজিকত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি অহা প্ৰতিষ্ঠানটোৰ বন্ধৰ ষড়যন্ত্ৰক কোনোপধ্যে সফল হ’বলৈ দিয়া নহব বুলি স্পষ্ট কৰি দি সংগঠনসমূহে আগন্তুক দিনত তীব্ৰ আন্দোলন গঢ়ি তুলিব বুলি স্পষ্ট কৰি দিয়ে।

Recent News

IMG-20210121-WA0143~2

পশু কল্যাণ বিভাগৰ তৰফৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণী কল্যাণৰ বাবে এম্বুলেঞ্চ প্ৰদান

WhatsApp Image 2021-01-22 at 8.06.27 AM

প্ৰচণ্ড বিস্ফোৰণত কঁপি উঠিল শিবমোগা; কমেও ৮জনৰ মৃত্যু, প্ৰধানমন্ত্ৰী মোদীৰ শোকপ্ৰকাশ

WhatsApp Image 2021-01-21 at 7.40.44 PM

ৰবীন্দ্ৰ ভৱনত পৰিৱেশিত হ’ল “মোক্ষ”: প্ৰয়াত পদ্মশ্ৰী সুনীল কোঠাৰীক সশ্ৰদ্ধ স্মৰণ

IMG-20210121-WA0007

২২ জানুৱাৰীত বন্ধ নহয় শিৱসাগৰ; বন্ধ উঠাই ল’লে সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd