‘আমাক বলিৰ পঠা সজোৱা হৈছে’, চৰকাৰক দোষাৰোপ কৰি ১৪ গৰাকী চিকিৎসকৰ পদত্যাগ,ক’ত?

dov

দেশৰ বিভিন্ন ৰাজ্যত এতিয়া কোভিডে সংহাৰী ৰূপ ধাৰণ কৰিছে। দিল্লী, উত্তৰ প্ৰদেশ আদি ৰাজ্যত এতিয়া পৰিস্থিতি বৰ্ণনাতীত হৈ পৰিছে।

উত্তৰ প্ৰদেশৰ বিভিন্ন অঞ্চলত এতিয়া জ্বলিছে গণ চিতা।নদীৰে উটি আহিছে শ শ লোকৰ মৃতদেহ।

এনে পৰিস্থিতিত দিশহাৰ হৈ পৰিছে উত্তৰ প্ৰদেশৰ যোগী আদিত্যনথ নেতৃত্বাধীন চৰকাৰ।

কোভিডৰ সংক্ৰমণ ৰোধৰ ক্ষেত্ৰত নিজৰ ব্যৰ্থতা ঢাকিবলৈ এতিয়া যোগী আদিত্যনাথৰ চৰকাৰে ৰাজ্য খনৰ একাংশ চিকিৎসকক বলিৰ পঠা সজোৱাৰ ষড়যন্ত্ৰ কৰাৰ অভিযোগ উঠিছে।

একাংশ চিকিৎসকৰ বাবেই ৰাজ্য খনত কোভিডৰ সংক্ৰমণ বৃদ্ধি পোৱা বুলি চৰকাৰে আওপাকে প্ৰচাৰ চলোৱাৰ পিছতে আজি উত্তৰ প্ৰদেশৰ ১৪ গৰাকী চিকিৎসকে সমূহীয়াকৈ পদত্যাগ পত্ৰ দাখিল কৰিছে।

উত্তৰ প্ৰদেশৰ উন্নাওৰ চিকিৎসক কেইজনে আজি আনুষ্ঠানিক ভাবে পদত্যাপত্ৰ দাখিল কৰিছে।

চিকিৎসকসকলে অভিযোগ কৰা অনুসৰি তেওঁলোকে পুৱাৰে পৰা নিশালৈকে কোভিড ৰোগীৰ চিকিৎসাতে ব্যস্ত থকাৰ পিছতো চৰকাৰে তেওঁলোকে কোনো কাম নকৰাৰ অভিযোগ কৰি আহিছে।

গোটেই দিনটো কোভিড ৰোগীৰ চিকিৎসাত ব্যস্ত হৈ থকাৰ পিছত প্ৰতি সন্ধিয়া তেওঁলোকক উচ্চপদস্থ বিষয়াই বৈঠক থকা বুলি মাতি পঠিয়ায়।

কোনো চিকিৎসক বৈঠক অনুষ্ঠিত হোৱা স্থানৰ পৰা ৩০ কিলোমিটাৰ দূৰত থাকিলেও তেওঁলোকে তৰানৰা চিগি বৈঠকলৈ আহিবলগীয়া হয়।

বৈঠকত চিকিৎসকসকলক প্ৰশংসা কৰাৰ সলনি তেওঁলোকক তিৰস্কাৰহে কৰা হয়। চিকিৎসকসকলৰ বাবেই ক’ৰ’নাৰ সংক্ৰমণ বৃদ্ধি পোৱা বুলি বুজাব খোজা হয়।

চৰকাৰৰ এনে ষড়যন্ত্ৰৰ প্ৰতিবাদ কৰিয়েই চিকিৎসক সকলে পদত্যাগ কৰা বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে।

ইপিনে ক’ৰ’নাতংকৰ সময়তে ১৪ গৰাকীকৈ চিকিৎসকে পদত্যাগ কৰাৰ ঘটনাই সমগ্ৰ ৰাজ্য খনতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।