মেক্সিকোৰ কাৰাগাৰত সশস্ত্ৰ দুৰ্বৃত্তৰ ভয়ংকৰ আক্ৰমণত নিহত কমেও ১৪ জন

মেক্সিকোৰ কাৰাগাৰত অচিনাক্ত বন্দুকধাৰীৰ ভয়ংকৰ আক্ৰমণত কমেও ১৪ জন লোক নিহত হৈছে। আক্ৰমণৰ এই ঘটনাত আন ১৩ জন লোক আহত হৈছে।মেক্সিকোৰ চিহুয়াহুয়া প্ৰদেশৰ সীমান্ত চহৰ জুয়াৰেজত স্থানীয় সময় অনুসৰি দেওবাৰে এই সশস্ত্ৰ আক্ৰমণৰ ঘটনাটো সংঘটিত হয়।

চিহুয়াহুয়া প্ৰাদেশিক প্ৰচিকিউটৰৰ কাৰ্যালয়ে এক বিবৃতিত কয় যে কাৰাগাৰত সশস্ত্ৰ আক্ৰমণত নিহত সকলৰ ভিতৰত ১০ জন সুৰক্ষা কৰ্মী আৰু বাকী চাৰিজন হৈছে কাৰাবন্দী। এই আক্ৰমণত কমেও ২৪ জন কাৰাবন্দী পলাই গৈছে। আনহাতে, ১৩ জন লোক আহত হৈছে।

লগতে পঢ়ক: আৰক্ষী থানাৰ ভিতৰত মহিলাক ‘যৌন নিৰ্যাতন’ৰ বাবে আটক কৰা আৰক্ষী বিষয়াক জামিনত মুক্তি

প্ৰাথমিক অনুসন্ধানত প্ৰকাশ পাইছে যে সশস্ত্ৰ আক্ৰমণকাৰীসকল স্থানীয় সময় অনুসৰি পুৱা প্ৰায় ৭ বজাত কাৰাগাৰত উপস্থিত হয়। সেই সময়ত তেওঁলোকে কেইবাখনো সশস্ত্ৰ বাহনত আহে আৰু গুলীবৰ্ষণ আৰম্ভ কৰে।

ইয়াৰ পূৰ্বে, জুয়াৰেজৰ পৌৰ কৰ্তৃপক্ষই কৈছিল যে তেওঁলোকৰ কাৰ্যালয়তো আক্ৰমণ কৰা হৈছিল। পিছত এখন ট্ৰাক জব্দ কৰা হয় আৰু আক্ৰমণকাৰীসকলক খেদি যোৱাৰ পিছত চাৰিজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।

জুয়াৰেজৰ আন এটা ঘটনাত দুজন চালকক সশস্ত্ৰ বন্দুকধাৰীয়ে গুলীয়াই হত্যা কৰে। অৱশ্যে, মহানগৰ কৰ্তৃপক্ষই এতিয়াও নিশ্চিত নহয় যে আক্ৰমণটো কিয় কৰা হৈছিল।

লগতে পঢ়ক: বিমুদ্ৰাকৰণ সন্দৰ্ভত ৰায় দিলে উচ্চতম ন্যায়ালয়ে; মোডীৰ ঘোষণা সন্দৰ্ভত কি ক’লে ন্যায়ালয়ে?

ইয়াৰ পূৰ্বে যোৱা আগষ্ট মাহত মেক্সিকো চৰকাৰৰ জুয়াৰেজ কাৰাগাৰত দুটা প্ৰতিদ্বন্দী ড্ৰাগ গোটৰ সদস্যৰ মাজত সংঘৰ্ষত ১১ জন লোক নিহত হৈছিল। চৰকাৰে তেতিয়া পৰিস্থিতি নিয়ন্ত্ৰণত ৰাখিবলৈ সেনাবাহিনী প্ৰেৰণ কৰিছিল।