• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিমুদ্ৰাকৰণ সন্দৰ্ভত ৰায় দিলে উচ্চতম ন্যায়ালয়ে; মোডীৰ ঘোষণা সন্দৰ্ভত কি ক’লে ন্যায়ালয়ে?

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
January 2, 2023 12:54 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উচ্চতম ন্যায়ালয়ে ছয় বছৰ পূৰ্বে লোৱা বিমুদ্ৰাকৰণৰ সিদ্ধান্ত বাহাল ৰাখিলে। শীৰ্ষ ন্যায়ালয়খনে বিচাৰ কৰি কয় যে বিমুদ্ৰাকৰণৰ সিদ্ধান্ত সমানুপাতিকতাৰ বিচাৰৰ ভিত্তিত বাতিল কৰিব নোৱাৰি। উচ্চতম ন্যায়ালয়ে কয় যে বিমুদ্ৰাকৰণ কেৱল কেন্দ্ৰই এনে কৰাৰ সিদ্ধান্ত লোৱাৰ বাবেই বাতিল কৰিব নোৱাৰি।

আৱেদনকাৰীসকলৰ হৈ উপস্থিত থকা অধিবক্তা পি চিদাম্বৰমে দাবী কৰিছিল যে বিমুদ্ৰাকৰণৰ ওপৰত সিদ্ধান্ত ল’বলৈ কেন্দ্ৰই আৰবিআইৰ সৈতে আলোচনা কৰিব লাগে। কিন্তু এই ক্ষেত্ৰত আৰবিআই-ৰ সৈতে কেন্দ্ৰৰ বৈঠকৰ সৱিশেষ তথ্য প্ৰকাশ কৰা হোৱা নাই।

লগতে পঢ়ক: মানুহৰ মৃতদেহৰ পৰা সাৰ প্ৰস্তুত কৰিব নিউয়ৰ্কে

Apply Now

উচ্চতম ন্যায়ালয়ে ইয়াৰ ৰায়ত কয় যে কেন্দ্ৰৰ সিদ্ধান্তত কোনো ভুল নাছিল। শীৰ্ষ ন্যায়ালয়ে পৰ্যবেক্ষণত কয় যে সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়াৰ ওপৰত ভিত্তি কৰি বিমুদ্ৰাকৰণৰ সিদ্ধান্ত বাতিল কৰিব নোৱাৰি।

উল্লেখ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৬ চনৰ ৮ নৱেম্বৰৰ সন্ধিয়া দেশবাসীক সম্বোধন কৰি ১,০০০ আৰু ৫০০ টকাৰ নোট বাতিল কৰাৰ কথা ঘোষণা কৰিছিল। বিমুদ্ৰাকৰণৰ সিদ্ধান্তৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত প্ৰায় ৫৮ টা গোচৰ ৰুজু কৰা হৈছিল। সেই গোচৰবোৰৰ শুনানি যোৱা বছৰ সম্পূৰ্ণ হৈছিল।

ন্যায়াধীশ চৈয়দ আব্দুল নাজিৰৰ নেতৃত্বত পাঁচজনীয়া সংবিধান বিচাৰপীঠে কেন্দ্ৰৰ বিমুদ্ৰাকৰণ গোচৰৰ শুনানি গ্ৰহণ কৰি আছিল। বিচাৰপীঠখনত ন্যায়াধীশ বি আৰ গাভাই, এ এছ বোপান্না, ভি ৰামসুব্ৰমনিয়াম আৰু বি ভি নাগাৰাথনাও আছিল। উচ্চতম ন্যায়ালয়ে সোমবাৰে এই গোচৰবোৰত নিজৰ ৰায় দিছে।

লগতে পঢ়ক:চাৰি জিলা বিলুপ্তিকৰণৰ আঁৰত কি ‘জাতীয়’ স্বাৰ্থ নিহিত হৈ আছে জাতিক জনাওক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

বিমুদ্ৰাকৰণৰ সময়ত, বজাৰত ১৭.৯৭ লাখ কোটি টকাৰ নোট আছিল। ইয়াৰ ভিতৰত ৫০০ আৰু ১০০০ টকাৰ নোটৰ মূল্য আছিল ১৫.৪৪  লাখ কোটি টকা। সেই ধনৰ ৯৮.৯ শতাংশ, অৰ্থাৎ ১৫.৩১ লাখ কোটি টকা বেংকলৈ ঘূৰি আহে। ২০১৬ চনৰ ৮ নৱেম্বৰত প্ৰধানমন্ত্ৰী মোদীয়ে নিশাটোৰ ভিতৰতে ১,০০০ আৰু ৫০০ টকাৰ নোট বিমুদ্ৰাকৰণ কৰিছিল। ক’লা ধন নিয়ন্ত্ৰণ কৰিবলৈ এই পদক্ষেপ লোৱা হৈছিল বুলি সদৰী কৰিছিল। অৱশ্যে, চৰকাৰৰ পদক্ষেপৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থৰ মোকৰ্দমা দাখিল কৰা হৈছিল। এই সন্দৰ্ভত শীৰ্ষ ন্যায়ালয়ে আৰবিআই আৰু কেন্দ্ৰৰ পৰা শপতনামা বিচাৰিছিল।

কেন্দ্ৰই ইয়াৰ শপতনামাত কৈছিল যে বিমুদ্ৰাকৰণৰ ফলত ৰাইজ কষ্টৰ সন্মুখীন হ’ব পাৰে। কিন্তু সেই অভিযোগৰ ভিত্তিত চৰকাৰৰ ৫০০ আৰু ১,০০০ টকাৰ নোট বিমুদ্ৰাকৰণক ত্ৰুটিপূৰ্ণ বুলি ক’ব নোৱাৰি। ইয়াৰ উপৰিও চৰকাৰে কৈছিল যে পুৰণি নোটসলনি কৰিবলৈ ৩০ ডিচেম্বৰলৈকে পৰ্যাপ্ত সময় দিয়া হৈছিল। এই সিদ্ধান্তই নাগৰিকসকলৰ মৌলিক অধিকাৰক ক্ষুণ্ণ কৰা নাছিল।

লগতে পঢ়ক: ৩১ ডিচেম্বৰৰ নিশা ৰাজ্যত ৭৯ টা দুৰ্ঘটনা : ৫ জনৰ মৃত্যু

ইপিনে, আৱেদন দাখিল কৰা এজন আবেদনকাৰীয়ে দাবী কৰিছিল যে নোট নিষেধাজ্ঞাৰ সময়ত তেওঁ বিদেশত আছিল। তেওঁৰ ঘৰত বহুত নগদ ধন আছিল। তেওঁ ঘৰলৈ উভতি আহিবলৈ বহুত পলম হৈছিল। ফলস্বৰূপে, তেওঁ ৫০০ আৰু ১,০০০ টকাৰ নোট সলনি কৰিব নোৱাৰিলে। তেওঁৰ নোট সলনি কৰা হোৱা নাই। তেওঁ এতিয়া এই টকাৰে কি কৰিব?

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm
প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

July 7, 2026 8:41 pm
তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

July 7, 2026 8:22 pm
পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

July 7, 2026 7:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm
প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

July 7, 2026 8:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd