NORTHEAST NOW (Assamese)

মধ্যপ্ৰদেশত ভয়ানক পথ দুৰ্ঘটনা : ১৫ জন নিহত, আহত কমেও অৰ্ধ শতাধিক লোক

February 25, 2023 2:29 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: February 25, 2023 2:32 pm

শুকুৰবাৰে মধ্যপ্ৰদেশত সংঘটিত হৈছে এক ভয়ানক পথ দুৰ্ঘটনা। বিজেপিৰ সমাৱেশলৈ যোৱা যাত্ৰীৰ গাড়ী দুৰ্ঘটনা হৈ মৃত্যু হৈছে কেইবাজনো লোকৰ। শুকুৰবাৰে দিনত মশ্যপ্ৰদেশ বিজেপিয়ে মধ্যপ্ৰদেশৰ সিদ্ধিত আয়োজন কৰিছিল এক বিশাল গণ সমাৱেশ। এই সমাৱেশলৈ আহিছিল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। অনুষ্ঠানটোত উপস্থিত আছিল মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানৰ লগতে বহু গণ্য মান্য বিজেপি নেতা।

সেই সমাৱেশত অংশ ল’বলৈ বুলি মধ্যপ্ৰদেশৰ বিভিন্ন স্থানৰ পৰা গাড়ীয়ে গাড়ীয়ে লোক গৈছিল সিদ্ধিলৈ। সেই অনুষ্ঠানৰ পৰা নিশা বাছসমূহ উভটি অহাৰ সময়ত নিয়ন্ত্ৰণ হেৰুৱাই এখন ট্ৰাকে তিনিখনকৈ যাত্ৰীবাহী বাছত খুন্দা মাৰে। ফলত দুখনকৈ বাছ পথৰ পৰা বাগৰি দ খাৱৈত সোমাই পৰে আৰু আনখন বাছ পথৰ ওপৰতে বাগৰি পৰে। 

জানিব পৰা মতে ঘটনাস্থলীতে ৮ গৰাকীকৈ লোক নিহত হয়। যাত্ৰীসকলক উদ্ধাৰ কৰি ততাতৈয়াকৈ হাস্পাতাললৈ লৈ যোৱা হয় যদিও এই মুহূৰ্তলৈকে এই ঘটনাত ১৫ জন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।

লগতে জানিব পৰা মতে, দুৰ্ঘটনাগ্ৰস্ত অধিক সংখ্যক যাত্ৰীৰেই অৱস্থা সংকটজনক। চিকিৎসাধীন হৈ থকা আৰু বহুকেইজন যাত্ৰী মৃত্যুমুখত পৰাৰ আশংকা কৰিছে প্ৰত্যক্ষদৰ্শীয়ে। 

ইতিমধ্যে মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে দুৰ্ঘটনাগ্ৰস্ত লোকসকলক ক্ষতিপূৰণ দি চিকিৎসাৰ ব্যৱস্থা কৰিব বুলি ঘোষণা কৰিছে।

Related News