NORTHEAST NOW (Assamese)

অসমত আৰু ১৪ ক’ভিড ৰোগীৰ মৃত্যু, মুঠ মৃতকৰ সংখ্যা ৭৪৯লৈ বৃদ্ধি

October 4, 2020 9:47 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ফটো।

আৰু ১৪গৰাকী ক’ভিড১৯ ৰোগীয়ে দেওবাৰে অসমত প্ৰাণ হেৰুৱাইছে, মুঠ মৃতকৰ সংখ্যা ৭৪৯লৈ বৃদ্ধি পাইছে।

অসমজুৰি বিভিন্ন জিলাৰ ক’ভিড ৰোগী মৃত্যুমুখত পৰিছে।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত এই তথ্য সদৰী কৰিছে।

অসমত শনিবাৰলৈকে ৭৩৫গৰাকী ক’ভিড ৰোগীয়ে প্ৰাণ হেৰুৱাইছিল।

বিপৰীতে ১,৫০,৭৭৩গৰাকী ব্যক্তিয়ে শনিবাৰলৈকে অসমত ক’ভিডৰ পৰা আৰোগ্য হৈ চিকিৎসালয় এৰিছে।

অসমত শনিবাৰে সক্ৰিয় ৰোগীৰ সংখ্যা আছিল ৩৩,৯৩৩(।)

মুঠ ১,৮৫,৪৪৪গৰাকী ব্যক্তি অসমত শনিবাৰলৈকে ক’ভিড পজিটিভ চিনাক্ত হৈছে।

ইয়াৰে তিনিগৰাকী আন ঠাইলৈ স্থানান্তৰিত হৈছে।

Related News