দিল্লীত পুনৰ দলৱদ্ধ বলাৎকাৰ কাণ্ড: বন্ধুত্বৰ সুবিধালৈ চাৰিজনে বলাৎকাৰ কৰিলে কিশোৰীক

a rape

দেশৰ ৰাজধানী চহৰ নতুন দিল্লীত বলাৎকাৰৰ ঘটনা হ্ৰাস পোৱা বুলি আৰক্ষীয়ে দাবী কৰি অহাৰ সময়তে চহৰ খনত পুনৰ সংঘটিত হৈছে বলাৎকাৰৰ এক জঘন্য ঘটনা।

দক্ষিণ  দিল্লীৰ গ্ৰেটাৰ কৈলাস অঞ্চলত এগৰাকী ১৪ বছৰীয়া কিশোৰীক চাৰিজন পাষণ্ডই দলৱদ্ধ বলাৎকাৰ কৰাৰ ঘটনাই সমগ্ৰ চহৰ খনতে পুনৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

জানিব পৰা মতে দক্ষিণ দিল্লীৰ গ্ৰেটাৰ কৈলাসত এঘৰত পৰিচাৰিকা হিচাবে কাম কৰা ১৪ বছৰীয়া কিশোৰী গৰাকীৰ চিনাকী হয় সেই খন ঘৰতে কাম কৰা এজন কিশোৰৰ সৈতে।

লাহে লাহে সেই চিনাকীয়েই ভাল বন্ধুত্বলৈ পৰিণত হয় ।

বন্ধুত্বৰ সুযোগ গ্ৰহণ কৰিয়েই কিশোৰ জনে কিশোৰী গৰাকীৰ ওপৰত লুভীয়া দৃষ্টি দিবলৈ ধৰে।

শেহতীয়াকৈ কিশোৰজনে সেই খন ঘৰৰ পৰা আন এখন ঘৰলৈ কাম কৰিলৈ যায়।

পূৰ্বৰ ঘৰখনৰ পৰা কাম এৰি গ’লেও কিশোৰী গৰাকীৰ সৈতে সম্পৰ্ক বজাই ৰাখে কিশোৰ জনে।

শনিবাৰে দুপৰীয়া কিশোৰ জনে মতাত কিশোৰীগৰাকীয়ে কিশোৰ জনৰ ঘৰলৈ যায়।

কিশোৰ জনে নিজৰ ঘৰতে আন তিনিজন বন্ধুৰ সৈতে মিলি কিশোৰী গৰাকীক দলৱদ্ধ বলাৎকাৰ কৰে।

বলাৎকাৰ কৰা চাৰিও জনৰে বয়স ক্ৰমে ১৭,১৮,২০ আৰু ৩০ বছৰ।

ঘটনা সম্পৰ্কত কিশোৰী গৰাকীয়ে স্থানীয় আৰক্ষী থানাত গোচৰ ৰুজু কৰাৰ পিছতে আজি আৰক্ষীয়ে অভিযান চলাই চাৰিওটা বলাৎকাৰীকে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

চাৰিও জনৰ বিৰুদ্ধে পস্কো আইনৰ অধীনত গোচৰ ৰুজু কৰা হৈছে বুলি জানিব পৰা গৈছে।উল্লেখ্য চলিত বৰ্ষত দিল্লীত ১২৪১ টা ধৰ্ষণৰ গোচৰ পঞ্জীয়ন হৈছে।