গোলাঘাট জিলাত ১,৪৬৫ গৰাকী বিশেষভাৱে সক্ষম আৰু ৮০ বছৰ বয়সৰ উৰ্ধৰ ভোটদাতাই দিব প’ষ্টেল বেলটযোগে ভোট

১৮ আৰু ১৯ মাৰ্চত ঘৰে ঘৰে গৈ সংগ্ৰহ কৰা হ'ব প'ষ্টেল বেলট

a gola12

গোলাঘাট নিৰ্বাচন জিলাৰ অন্তৰ্গত ৯৫-গোলাঘাট আৰু ৯৬-খুমটাই সমষ্টিত প’ষ্টেল বেলটযোগে ১,৪৬৫ গৰাকী বিশেষভাৱে সক্ষম আৰু ৮০ বছৰ বয়সৰ উৰ্ধৰ ভোটদাতাই ভোট দিব পাৰিব ।

এই ভোটদাতাসকলৰ বাবে অহা ১৮ আৰু ১৯ মাৰ্চত ভোটগ্ৰহণ কৰা হ’ব । ১৮ মাৰ্চত খুমটাই সমষ্টিৰ বাবে আৰু ১৯ মাৰ্চত গোলাঘাট সমষ্টিৰ বাবে পুৱা ৮ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ ভোটদাতাসকলৰ ঘৰে ঘৰে গৈ প’ষ্টেল বেলটসমূহ সংগ্ৰহ কৰা হ’ব।

প্ৰতিটো ভোটগ্ৰহণকাৰী দলত এজন চুপাৰভাইজাৰ, এজন চেক্টৰ বিষয়া, এজন মাইক্ৰ’ অৱজাৰ্ভাৰ, ভিডিঅ’গ্ৰাফাৰ আৰু আৰক্ষীৰ লোক থাকিব ।

১৮ আৰু ১৯ মাৰ্চত ভোটগ্ৰহণ সম্পূৰ্ণ নহ’লে ২০ মাৰ্চতো প’ষ্টেল বেলট সংগ্ৰহ কৰা হ’ব ।

উল্লেখযোগ্য যে দুয়োটা সমষ্টিত ৮০ বছৰ বয়সৰ উৰ্ধৰ ১,১৩৯ গৰাকী আৰু বিশেষভাৱে সক্ষম ৩২৬ গৰাকী ভোটদাতাৰ নাম প’ষ্টেল বেলটযোগে ভোটদানৰ বাবে বৈধ পোৱা গৈছে ।

খুমটাই সমষ্টিত আবেদন কৰা ৪৪১ গৰাকী ৮০ উৰ্ধৰ আৰু ৯৮ গৰাকী বিশেষভাৱে সক্ষম ভোটদাতাৰ প’ষ্টেল বেলট সংগ্ৰহ কৰা হ’ব ।

একেদৰে গোলাঘাট সমষ্টিত আবেদন কৰা ৬৯৮ গৰাকী ৮০ উৰ্ধৰ ভোটদাতা আৰু ২২৮ গৰাকী বিশেষভাৱে সক্ষম ভোটদাতাই প’ষ্টেল বেলটযোগে ভোট দিব পাৰিব ।

ইফালে আজি জিলা উপায়ুক্তৰ কাৰ্য্যালয়ৰ সভাকক্ষত ভোটগ্ৰহন প্ৰক্ৰিয়াৰ বাবে নিয়োগ কৰা ৩৯ গৰাকী মাইক্ৰ’ অৱজাৰ্ভাৰৰ প্ৰশিক্ষণ সম্পন্ন হয় ।

প্ৰশিক্ষণত গোলাঘাট নিৰ্বাচনী জিলাৰ নিৰ্বাচনী পৰ্যবেক্ষক ৰামকৃষ্ণ চাহুৱে মাইক্ৰ’ অৱজাৰ্ভাৰসকলক ভোটগ্ৰহণ কেন্দ্ৰত অতি সূক্ষ্মভাৱে সকলো দিশ পর্যবেক্ষণ কৰি নিৰ্বাচনী প্ৰক্ৰিয়াটোক নিকা আৰু সুচাৰুৰূপে সম্পন্ন কৰাত সহায় আগবঢ়াবলৈ আহ্বান জনায় ।

জিলা উপায়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া বিভাষ চন্দ্ৰ মোদীয়ে মাইক্ৰ’ অৱজাৰ্ভাৰসকলৰ দায়িত্ব আৰু কৰ্তব্য সম্পৰ্কে অৱগত কৰোৱাৰ লগতে ভোটগ্ৰহণ কেন্দ্ৰত কোভিড ১৯ ৰ নীতি – নিৰ্দেশনাসমূহ পালনৰ বিষয়ত গুৰুত্ব আৰোপ কৰে ।

প্ৰশিক্ষণত জিলা পৰিষদৰ চি ই অ’ অভিজিৎ বৰুৱা আৰু অতিৰিক্ত উপায়ুক্ত মুন গগৈৰ লগতে ভালেসংখ্যক বিষয়া উপস্থিত আছিল ।