• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

মাকৰ পৰকীয়া প্ৰেমৰ প্ৰতিবাদ কৰাৰ বাবেই ১৫ বছৰীয়া পুত্ৰক হত্যা : মৃতদেহ কবৰস্থানত পুতি থৈ সন্ধানহীন হোৱাৰ নাটক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 2, 2026 5:17 pm
258
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মাকৰ পৰকীয়া সম্পৰ্কৰ বিৰোধিতা কৰাটোৱেই কাল হ’ল এগৰাকী ১৫ বছৰীয়া কিশোৰৰ। অভিযোগ অনুসৰি, নিজৰ প্ৰেমিকৰ সৈতে মিলি মহিলাই সম্পৰ্কৰ পথত হেঙাৰ হৈ থিয় দিয়া নিজৰ পুত্ৰক হত্যা কৰে। তাৰ পিছত এই হত্যাকাণ্ড লুকুৱাবলৈ ল’ৰাজন সন্ধানহীন হোৱাৰ নাটক ৰচনা কৰে। অৱশেষত আৰক্ষীৰ বিশেষ তদন্তকাৰী দলৰ অনুসন্ধানত এই ভয়ংকৰ সত্য পোহৰলৈ আহে। এই চাঞ্চল্যকৰ ঘটনাটো সংঘটিত হৈছে অন্ধ্ৰপ্ৰদেশৰ কুৰ্নুল জিলাৰ আদোনি অঞ্চলত।

আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি, মৃত কিশোৰজনৰ নাম বীৰেন্দ্ৰ। সি আদোনি মণ্ডলৰ জি হোচাল্লি গাঁৱৰ বাসিন্দা আছিল। তদন্তকাৰীসকলে দাবী কৰা মতে, বীৰেন্দ্ৰৰ মাক গংগাম্মাৰ সৈতে দৰগাপ্পা নামৰ এজন ব্যক্তিৰ অবৈধ সম্পৰ্ক আছিল। দীৰ্ঘদিন ধৰি বীৰেন্দ্ৰই মাকৰ এই সম্পৰ্কক লৈ আপত্তি দৰ্শাই আহিছিল। অভিযোগ অনুসৰি, সি কেৱল পৰিয়ালৰ সদস্যসকলৰ আগতেই নহয়, গাঁৱৰ মানুহৰ আগতো এই কথা প্ৰকাশ কৰিছিল।

Apply Now

ইয়াৰ ফলত ঘৰত প্ৰায়েই কাজিয়া হৈছিল। তদন্তকাৰীসকলে অনুমান কৰিছে যে সম্পৰ্কটো সকলোৱে গম পোৱাৰ ভয় আৰু ল’ৰাজনৰ অহৰহ প্ৰতিবাদৰ বাবেই তাক আঁতৰাই পেলোৱাৰ পৰিকল্পনা কৰা হৈছিল। অভিযোগ অনুসৰি, বীৰেন্দ্ৰক হত্যা কৰাৰ পিছত দুয়ো মিলি গাঁৱৰ বাহিৰৰ এখন কবৰস্থানত গোপনে তাৰ মৃতদেহটো পুতি থৈছিল।

ঘটনাৰ পিছত সন্দেহৰ পৰা হাত সাৰিবলৈ অভিযুক্তই আন এক কৌশল অৱলম্বন কৰে। বীৰেন্দ্ৰৰ মাকে নিজেই থানাত ল’ৰা সন্ধানহীন হোৱাৰ ডায়েৰী দাখিল কৰে। পুত্ৰক বিচৰাৰ নামত তাই বিভিন্ন ঠাইত অভিযান চলোৱাৰো ভাও জোৰে। আনকি আৰক্ষীৰ তদন্তত পলম হোৱাৰ অভিযোগ তুলি তাই উচ্চ ন্যায়ালয়ৰ কাষ চাপে আৰু পুত্ৰক বিচাৰি উলিওৱাৰ নিৰ্দেশ বিচাৰি আবেদন জনায়।

ন্যায়ালয়ৰ নিৰ্দেশৰ পিছত তদন্ত খৰতকীয়া কৰিবলৈ এটা বিশেষ তদন্তকাৰী দল গঠন কৰা হয়। তদন্তৰ সময়ত গংগাম্মা আৰু দৰগাপ্পাৰ কথাত আৰক্ষীয়ে কেইবাটাও খেলিমেলি ধৰা পেলায়। ফোনৰ তথ্য আৰু স্থানীয় সাক্ষীসকলৰ বক্তব্য বিশ্লেষণ কৰাৰ পিছত তদন্তকাৰীসকলৰ সন্দেহ আৰু অধিক ঘনীভূত হয়। এগৰাকী আৰক্ষী বিষয়াই জানিবলৈ দিয়ে যে ইয়াক কেৱল এক নিৰুদ্দেশৰ ঘটনা হিচাপে সজাবলৈ চেষ্টা কৰা হৈছিল। কিন্তু বৈজ্ঞানিক প্ৰমাণ আৰু সাক্ষীসকলৰ ভাষ্যই প্ৰকৃত ঘটনাটো পোহৰলৈ আনে।

সোধা-পোছাৰ অন্তত আৰক্ষীয়ে কবৰস্থানৰ নিৰ্দিষ্ট ঠাইটুকুৰা চিনাক্ত কৰে। যোৱা ১ জুন তাৰিখে ৰাজহ বিষয়া, চিকিৎসকৰ দল আৰু কটকটীয়া নিৰাপত্তাৰ মাজত মাটি খান্দি বীৰেন্দ্ৰৰ মৃতদেহ উদ্ধাৰ কৰা হয়। মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহটো চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। ইতিমধ্যে দৰগাপ্পাক আৰক্ষীয়ে নিজৰ জিম্মাত লৈছে। এই ঘটনাৰ সৈতে আন কোনোবা জড়িত আছে নেকি আৰু কেনেকৈ এই হত্যাকাণ্ডৰ পৰিকল্পনা কৰা হৈছিল, সেই বিষয়ে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কেন্দ্ৰীয় মন্ত্ৰীসভাৰ পৰা এল মুৰুগনৰ পদত্যাগ, ২০২৯ৰ লক্ষ্যৰে তামিলনাডুত বিজেপি শক্তিশালী কৰাত মন

কেন্দ্ৰীয় মন্ত্ৰীসভাৰ পৰা এল মুৰুগনৰ পদত্যাগ, ২০২৯ৰ লক্ষ্যৰে তামিলনাডুত বিজেপি শক্তিশালী কৰাত মন

October 13, 2026 7:58 pm
নিৰ্বাচনৰ পূৰ্বে পঞ্জাৱত মাদকবিৰোধী কৰ্মীক গুলীয়াই হত্যা! আপ চৰকাৰৰ বিৰুদ্ধে সৰৱ বিৰোধী

নিৰ্বাচনৰ পূৰ্বে পঞ্জাৱত মাদকবিৰোধী কৰ্মীক গুলীয়াই হত্যা! আপ চৰকাৰৰ বিৰুদ্ধে সৰৱ বিৰোধী

October 13, 2026 6:52 pm
৭০ শতাংশ পৰ্যন্ত হ্ৰাস পাব কৰ্কট ৰোগৰ ঔষধৰ দাম! কেতিয়াৰ পৰা সুবিধা লাভ কৰিব ৰোগীয়ে?

৭০ শতাংশ পৰ্যন্ত হ্ৰাস পাব কৰ্কট ৰোগৰ ঔষধৰ দাম! কেতিয়াৰ পৰা সুবিধা লাভ কৰিব ৰোগীয়ে?

October 13, 2026 5:34 pm
৩৩ বছৰ পূৰ্বে কিদৰে দেশৰ মুখ্য প্ৰতিবাদস্থলী হৈ পৰিছিল যন্তৰ মন্তৰ?

৩৩ বছৰ পূৰ্বে কিদৰে দেশৰ মুখ্য প্ৰতিবাদস্থলী হৈ পৰিছিল যন্তৰ মন্তৰ?

October 13, 2026 4:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কেন্দ্ৰীয় মন্ত্ৰীসভাৰ পৰা এল মুৰুগনৰ পদত্যাগ, ২০২৯ৰ লক্ষ্যৰে তামিলনাডুত বিজেপি শক্তিশালী কৰাত মন

কেন্দ্ৰীয় মন্ত্ৰীসভাৰ পৰা এল মুৰুগনৰ পদত্যাগ, ২০২৯ৰ লক্ষ্যৰে তামিলনাডুত বিজেপি শক্তিশালী কৰাত মন

October 13, 2026 7:58 pm
নিৰ্বাচনৰ পূৰ্বে পঞ্জাৱত মাদকবিৰোধী কৰ্মীক গুলীয়াই হত্যা! আপ চৰকাৰৰ বিৰুদ্ধে সৰৱ বিৰোধী

নিৰ্বাচনৰ পূৰ্বে পঞ্জাৱত মাদকবিৰোধী কৰ্মীক গুলীয়াই হত্যা! আপ চৰকাৰৰ বিৰুদ্ধে সৰৱ বিৰোধী

October 13, 2026 6:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd