• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অৰুণাচল

গুজৰাটত অৱস্থিত কৃষ্ণ ৰুক্মিণীৰ বিবাহস্থান দৰ্শন কৰিব অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ ৪ ৰাজ্যৰ মুখ্য মন্ত্ৰী আৰু ৰাজ্যপালে

এন ই নাও নিউজ by এন ই নাও নিউজ
March 23, 2018 4:43 pm
madhavpur ghed
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মাৰ্চৰ ২৫ তাৰিখে অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ ৪খন ৰাজ্যৰ মুখ্য মন্ত্ৰী আৰু ৰাজ্যপালসকলে গুজৰাটৰ এখন পৌৰাণিক কাহিনীৰ সৈতে জড়িত গাওঁ ভ্ৰমণ কৰিব। পুৰাণৰ মতে এই মাধৱপুৰ ঘেদ গাওঁতেই ভগৱান শ্ৰীকৃষ্ণ আৰু কুণ্ডিল নগৰৰ ৰাজকন্যা কুক্মিণীৰ বিবাহকাৰ্য সম্পন্ন কৰা হৈছিল। অৰুণাচল প্ৰদেশ, মণিপুৰ, অসম আৰু ত্ৰিপুৰাৰ ৰাজ্যপাল আৰু মুখ্য মন্ত্ৰীসকলে পৌৰাণিক স্মৃতি বিজড়িত মাধৱপুৰ ঘেদ নামৰ গাওঁখনত অনুষ্ঠিত হোৱা বছৰ্কীয়া মেলাত উপস্থিত থাকিব বুলি জানিব পৰা গৈছে।

এই কুণ্ডিল ৰাজ্য বৰ্তমানৰ শদিয়াৰ আশে-পাশে বুলি বহুতে কয়। আৰু এচামে এই কু্ণ্ডিল নগৰী আজিৰ অৰুণাচলত বুলিও কয়। সেই যি কি নহ’ওক, উত্তৰ-পূৰ্বাঞ্চলৰ সৈতে  ভাৰতৰ অন্যন্য অংশৰ যি যোগসূত্ৰ তাক গুজৰাটৰ এই গাওঁখনে পৌৰাণিক দিনৰে পৰাই মনত পেলাই আহিছে।

Apply Now

উত্তৰ-পূৰ্বাঞ্চলৰ সৈতে ভাৰতৰ অন্য অংশৰ সাংস্কৃতিক বান্ধোন সুদৃঢ় কৰাৰ বাবে কেন্দ্ৰই গ্ৰহণ কৰা নীতি পৰা অনুপ্ৰেৰণা গ্ৰহণ কৰি গুজৰাটৰ ৰাজ্যপালে এই অনুষ্ঠানটোৰ পৃষ্ঠপোষকতা কৰিছে।

তাৎপৰ্যপূৰ্ণভাৱে ২০১৪ চনৰ লোকসভা নিৰ্বাচনৰ সময়ত অৰুণাচলৰ পাছিঘাটত ‘বিজয় সংকল্প অভিযান’ৰ গণ সমাৱেশত দিয়া ভাষণত নৰেন্দ্ৰ মোদীয়ে কৈছিল যে  মোদী উপাধি ব্যৱহাৰ কৰা অৰুণাচলৰ আদি জনগোষ্ঠীৰ লোকসকল কেনেবাকৈ গুজৰাটৰ মোদীৰ সৈতে যোগসূত্ৰ থাকিব পাৰে। তেওঁ আৰু কৈছিল যে ৰুক্মিণী আছিল অৰুণাচলৰ ৰাজকুমাৰী।

এই মেলাখনত সোণাল মানসিঙৰ ধ্ৰুপদী নৃত্যৰ অনুষ্ঠানৰ লগতে উত্তৰ-পূ্ৰ্বাঞ্চল, পশ্চিম আৰু উত্তৰ ভাৰতৰ ৪৯২গৰাকী শিল্পীয়ে অংশগ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে।  গুজৰাটৰ পৰ্যটন বিভাগে জনোৱা মতে এই মেলাখনত ২০০খন বিপণি থাকিব।

এই অনুষ্ঠানত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিত থকাৰ কথা আছিল যদিও অন্তিম মুহূৰ্তৰ এটি বিশেষ জৰুৰী কামৰ বাবে তেওঁৰ ভ্ৰমণসূচী সলনি কৰা হয়। এই মেলাখনত প্ৰতিৰক্ষা মন্ত্ৰী নিৰ্মলা সীতাৰমণ আৰু কেন্দ্ৰীয় গৃহ ৰাজ্যিক মন্ত্ৰী কিৰেন ৰিজিজু উপস্থিত থাকিব বুলি জনা গৈছে।

টাইমছ অব ইণ্ডিয়াক দিয়া এটা সাক্ষাৎকাৰত কিৰেন ৰিজিজুৱে কৈছে যে ৰুক্মিণী অৰুণাচলৰ ইদু মিচিমি জনগোষ্ঠীৰ আছিল। তেওঁ মিশ্বাকনগৰত বাস কৰিছিল। ভগৱান শ্ৰীকৃষ্ণই মাধৱপুৰ ঘেদলৈ আনি বিয়া পাতিছিল। ৰিজিজুৱে জানিবলৈ দিছে যে তাহানিৰ এই কাহিনীটো মেলাখনত কাহিনী আকাৰে প্ৰদৰ্শন কৰা হ’ব।

কিংবদন্তি মতে ৰুক্মিণীৰ ককায়েক ৰুক্মবীৰে ৰুক্মিণীৰ অসন্মতি সত্ত্বেও দেউতাক মহাৰাজ ভীষ্মকক সৈমান কৰাই চেদী ৰাজ্যৰ ৰজা শিশুপালৰ সৈতে বিয়া দিবলৈ ওলাইছিল। বৰ্তমানৰ চেদী ৰাজ্য বৰ্তমানৰ মধ্য প্ৰদেশৰ আশে-পাশে হ’ব। শ্ৰীকৃষ্ণই ৰুক্মিণীক হৰণ কৰি এই মাধৱপুৰতেই বিয়া পাতিছিল বুলি কিংবদন্তি এটা চলি আহিছে।

গুজৰাটৰ ক্ৰীড়া আৰু সংস্কৃতি বিভাগৰ মুখ্য সচিব ভি পি পেটেলে কৈছে যে গুজৰাটৰ সৈতে উত্তৰ-পূৰ্বাঞ্চলৰ সংযোগ স্থাপন কৰাটো তেওঁলোকৰ মূল উদ্দেশ্য।

উল্লেখ্য যে মাধৱপুৰ ঘেদ মেলাখন এটা জাতীয় উৎসৱ হিচাপে পালন কৰাৰ বাবে কেন্দ্ৰই প্ৰস্তাৱ আগবঢ়াইছে।

গুজৰাট সাহিত্য পৰিষদৰ এগৰাকী সদস্য, পুৰাণ বিশেষজ্ঞ নৰোত্তম পালানে কয় যে মাধৱপুৰ আৰু দাঁতিকাষৰীয়া গাওঁসমূহত এটা ৫০০ বছৰ পুৰণি গীত আছে য’ত ৰুক্মিণীক সেই ঠাইৰ লোকসকলে কেনেদৰে নিজৰ জীয়ৰীৰ মৰ্যাদা দিছিল তাক বৰ্ণনা কৰা হৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd