NORTHEAST NOW (Assamese)

অসমত আৰু ১৬ ক’ভিড ৰোগীৰ মৃত্যু, মুঠ মৃতকৰ সংখ্যা ৫৭৮লৈ বৃদ্ধি

September 21, 2020 9:29 pm · এন ই নাও নিউজ
Updated: September 21, 2020 9:30 pm
প্ৰতিনিধিত্বমূলক ফটো।

আৰু ১৬গৰাকী ক’ভিড১৯ ৰোগীয়ে অসমত প্ৰাণ হেৰুৱাইছে, সোমবাৰলৈকে মুঠ মৃতকৰ সংখ্যা ৫৭৮লৈ বৃদ্ধি পাইছে।

অসমজুৰি বিভিন্ন জিলাৰ ক’ভিড ৰোগী মৃত্যুমুখত পৰিছে।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত এই তথ্য সদৰী কৰিছে।

৫৬২গৰাকী ক’ভিড ৰোগীয়ে দেওবাৰলৈকে অসমত প্ৰাণ হেৰুৱাইছিল।

বিপৰীতে অসমত দেওবাৰলৈকে মুঠ ১,২৭,৩৩৫গৰাকী ব্যক্তিয়ে ক’ভিডৰ পৰা আৰোগ্য লাভ কৰিছে।

অসমত দেওবাৰলৈকে চিনাক্ত মুঠ ক’ভিড আক্ৰান্তৰ সংখ্যা ১,৫৬,৬৮০লৈ বৃদ্ধি পাইছে।

ইয়াৰে তিনিগৰাকী আন ঠাইলৈ স্থানান্তৰিত হৈছে।

Related News