NORTHEAST NOW (Assamese)

পাষণ্ড পিতৃ : পিতৃৰ ধৰ্ষণত গৰ্ভৱতী ১৬ বছৰীয়া কন্যা

October 23, 2023 1:52 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: October 23, 2023 2:03 pm

খোদ পিতৃয়েই নিজৰ নাবালিকা কন্যাক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে। ৪৭ বছৰীয়া পিতৃয়ে এবছৰ ধৰি নিজৰ ১৬ বছৰীয়া কন্যাক ধৰ্ষণ কৰি অহাৰ অভিযোগ উত্থাপন কৰিছে। আনকি পিতৃৰ ধৰ্ষণৰ বলি হোৱা কিশোৰীগৰাকী গৰ্ভৱতী বুলিও জানিব পৰা গৈছে। 

আনকি কিশোৰীগৰাকী গৰ্ভৱতী হোৱাৰ পিছতহে পৰিয়ালটোৱে এই নিৰ্যাতনৰ কথা জানিব পাৰিছে। ইয়াৰ পিছতে থানাত এজাহাৰ দাখিল কৰিছে পৰিয়ালটোৱে। 

উত্তৰ প্ৰদেশৰ বাৰেলীত সংঘটিত হৈছে এই ঘটনা।

জানিব পৰা মতে অভিযুক্ত পিতৃ পেছাত ট্ৰাক চালক। পত্নীৰ লগত কাজিয়া হোৱাৰ পৰাই তেওঁ নিজৰে দুই কন্যা সন্তানৰ সৈতে পৃথককৈ থাকিবলৈ আৰম্ভ কৰিছিল। 

অভিযোগ অনুসৰি এবছৰতকৈ অধিক সময় তেওঁ কিশোৰীগৰাকীক ধৰ্ষণ কৰিছিল।

নাবালিকা গৰাকী গৰ্ভৱতী হোৱাৰ কথা জানি পেহীয়েকে দাবী ধমকি দি কথাটো সোধাতহে তাই পিতৃয়ে ধৰ্ষণ কৰাৰ কথা অৱগত কৰে। 

ইয়াৰ পিছত নাবালিকাৰ পিতৃ তথা অভিযুক্তৰ ভগ্নীয়ে থানাত এজাহাৰ দাখিল কৰে। আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি আৰু POCSO আইনৰ অধীনত এটা ৰুজু কৰিছে। 

ভুক্তভোগীয়ে জনোৱা মতে, কিছু মাহ পূৰ্বে তেওঁ বন্ধু এজনৰ সৈতে এজাহাৰ দাখিল কৰিবলৈ থানালৈ গৈছিল। কিন্তু আৰক্ষী বিষয়াসকলে তেওঁৰ অভিযোগ বিশ্বাস নকৰিলে। 

জানিব পৰা মতে, থানাত এজাহাৰ দাখিল কৰা কথা গম পোৱাৰ পিছৰে পৰা অভিযুক্ত পলাতক হৈ আছে ।  আৰক্ষীয়ে অভিযুক্তক বিচাৰি সন্ধান অব্যাহত ৰাখিছে।

Related News