• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মগৰাহাট উচ্চ বিদ্যালয়ৰ হীৰক জয়ন্তীৰ সফল সামৰণি: ব্যতিক্ৰমী অনুষ্ঠান ‘জ্ঞান মন্থন’ৰে বিশেষ সাফল্য

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 23, 2023 11:54 am
Maghrahat High School
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শিৱসাগৰ জিলাৰ আগশাৰীৰ শৈক্ষিক প্ৰতিষ্ঠান মগৰাহাট উচ্চ বিদ্যালয়ে অতিক্ৰম কৰিলে গৌৰৱময় ৬০ টা বছৰ। বিদ্যালয়খনৰ এই গৌৰৱময় যাত্ৰাক প্ৰতিফলিত কৰি বৰ্ষজোৰা কাৰ্যসূচীৰ অন্তত যোৱা ২০ আৰু ২১ অক্টোবৰত অনুষ্ঠিত কৰা হীৰক জয়ন্তী অনুষ্ঠান।

প্ৰথম দিনাৰ বিস্তৃত কাৰ্যসূচীৰ পিছত শনিবাৰে বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰাৰে সামৰণি দিনৰ কাৰ্যসূচী আৰম্ভণি কৰে। অৱসৰ প্ৰাপ্ত শিক্ষক খৰ্গেশ্বৰ শইকীয়াই উদ্বোধন কৰা সাংস্কৃতিক শোভাযাত্ৰাত প্ৰতিফলিত হয় সমাজ-সংস্কৃতিৰ নানা বৈভৱ।

Apply Now

ইয়াৰ পিছতে আৰম্ভ হোৱা মুকলি সভাত সভাপতিত্ব কৰে লোকসংস্কৃতিৰ গৱেষক ড° অনিল শইকীয়াই। সভাত উপস্থিত থাকে ডাঃ মছউদুল হক, ডঃ পি.চি. নেওগ (মুখ্য বিজ্ঞানী NEIST যোৰহাট), অৱসৰপ্ৰাপ্ত অধ্যাপক তথা বুৰঞ্জীবিদ জিতেন বৰপাত্ৰগোঁহাইকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি।

এই সভাতেই হীৰক জয়ন্তীৰ উপলক্ষত বিদ্যালয়ৰ সহ শিক্ষয়িত্ৰী জীনা গগৈৰ সম্পাদনাত প্ৰকাশ কৰি উলিওৱা স্মৃতি গ্ৰন্থ “হীৰক-দ্যুতি” উন্মোচন কৰা হয়। উন্মোচন কৰে ডাঃ মছউদুল হকে।

বিশিষ্ট চিন্তাবিদ ড° হীৰেন গোহাঁই, অনন্ত কলিতা, ড° অনিল শইকীয়া, ড° ৰজনীকান্ত বৰুৱা,ড° ৰাজু বৰাকে প্ৰমূখ্য কৰি বহু বিশিষ্ট লেখকৰ তথ্য সমৃদ্ধ লিখাৰ লগতে বিদ্যালয় তথা অঞ্চলটোৰ ইতিহাসৰ ওপৰতো আলোকিত লিখাৰে স্মৃতি গ্ৰন্থ ‘হীৰক-দ্যুতি’ সজাই তোলা হৈছে।

লক্ষণীয়ভাৱে, হীৰক জয়ন্তীৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা হয় ‘জ্ঞান মন্থন’ নামৰ এক ব্যতিক্ৰমী অনুষ্ঠানৰ। বহুকেইটা গুৰুত্বপূৰ্ণ বিষয়ক সামৰি অনুষ্ঠিত কৰা এই দীঘলীয়া কাৰ্যসূচীয়ে বিশেষ কৃতকাৰ্যতা লাভ কৰে। অনুষ্ঠানটোৱে উপস্থিত সকলোকে উপকৃত কৰে বুলি মন্তব্য কৰে বিভিন্নজনে।

উক্ত অনুষ্ঠানটোত ক্ৰমে বেংক ঋণৰ নিয়মাৱলী আৰু আমাৰ ল’ব লগা সাৱধানতা (বক্তা : শ্ৰীযুত অনিল কুমাৰ বৰুৱা, অৱসৰপ্ৰাপ্ত প্ৰবন্ধক, এলাহাবাদ বেংক); চাহ, ঔষধি গুণ আৰু অন্যান্য ব্যবহাৰ (বক্তা : ড° সাবিত্ৰী বৰুৱা, অৱসৰপ্ৰাপ্ত, জোষ্ঠ বিজ্ঞানী, টোকোলাই চাহ গবেষণা প্রতিষ্ঠান) বিষয়ৰ ওপৰত বক্তৃতানুষ্ঠান অনুষ্ঠিত হয়।

সেইদৰে থাকে ‘লিভাৰ: ৰোগ আৰু নিৰাময়’ (বক্তা : ডাঃ প্রবুদ্ধ প্রসাদ চেতিয়া, অৱসৰপ্ৰাপ্ত যুটীয়া সঞ্চালক, স্বাস্থ্যবিভাগ, অসম চৰকাৰ); ‘মানবজাতি: উৎপত্তি আৰু বিৱৰ্তনৰ পম খেদি (বক্তা: ড° অনিল চন্দ্ৰ গগৈ, অৱসৰপ্ৰাপ্ত অধ্যাপক, জে.বি. কলেজ, যোৰহাট); ‘ভূমিকম্প আগজাননীৰ আভাস ধ্বংসলীলা আৰু আমাৰ ল’বলগীয়া সাৱধানতা’ (বক্তা: ড° মনোজ কুমাৰ ফুকন, বিজ্ঞানী, NEIST যোৰহাট) আদি বিষয়।

তদুপৰি অনুষ্ঠানটোত ‘কয়লা: ৰাসায়নিক দ্রব্য প্রস্তুতকৰণ আৰু অন্যান্য ব্যবহাৰ (বক্তা: ড° বিনয় কুমাৰ শ‍ইকীয়া, বিজ্ঞানী, NEIST, যোৰহাট), ‘ফৰেনচিক বিজ্ঞান: অপৰাধ অনুসন্ধানত ইয়াৰ প্ৰয়োগ (বক্তাঃ ড° ৰাজেন্দ্ৰ নাথ খাউণ্ড, অৱসৰপ্ৰাপ্ত সঞ্চালক, ডাইৰেক্টৰেট, ফৰেনচিক চাইঞ্চ,গুৱাহাটী); তৃতীয় শিক্ষা অর্থনৈতিক স্বাবলম্বিতা (বক্তা: শ্ৰীযুত সদানন্দ দত্ত, অৱসৰপ্ৰাপ্ত এচ’চিয়েট প্রফেচাৰ, দুলীয়াজান কলেজ, ডিব্ৰুগড়) আদি বিষয় আলোচিত হয়।

হীৰক জয়ন্তীৰ লগত সংগতি ৰাখি ছাত্ৰ-ছাত্ৰী সকলৰ মাজত আঞ্চলিক আৰু জিলা ভিত্তিত বিভিন্ন প্ৰতিযোগিতাৰো অনুষ্ঠিত কৰে। উল্লেখযোগ্য যে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী ৰ শৈক্ষিক উন্নতি, আৰু ছাত্ৰ ছাত্ৰীৰ মানসিক শাৰীৰিক স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি ক্ৰমে NEIST যোৰহাটৰ অৱসৰ প্ৰাপ্ত জেষ্ঠ বিজ্ঞানী ড° ৰজনীকান্ত বৰুৱা আৰু বিদ্যালয়ৰ সহ শিক্ষয়িত্ৰী শ্ৰীযুক্তা জীনা গগৈয়ে বছৰি দুইলাখ টকা কৈ অনুদানেৰে দুটা ন্যাস গঠন কৰে।

বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী, শিক্ষক কৰ্মচাৰী, শুভাকাংশী ৰাইজৰ আৰ্থিক-কায়িক সহযোগত বিদ্যালয়ৰ আন্তঃগাথঁনিৰ বিস্তৰ উন্নতি সাধন হয়- বাৰানদা পকীকৰণ পদপথৰ নিৰ্মাণ, খোৱা পানীৰ যোগানৰ নৱসংযোজন, চাইকেল আস্থান পুনৰ নিৰ্মাণ আৰু অন্যান্য নিৰ্মাণ কাৰ্যৰ লগতে সৌন্দৰ্য্য বৰ্ধন কৰা হয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুজৰাট, বিহাৰ আৰু মধ্যপ্ৰদেশৰ উপনিৰ্বাচন : দুটা আসনত বিৰোধীৰ সফলতা, গুজৰাটত নাক ৰাখিলে বিজেপিয়ে

গুজৰাট, বিহাৰ আৰু মধ্যপ্ৰদেশৰ উপনিৰ্বাচন : দুটা আসনত বিৰোধীৰ সফলতা, গুজৰাটত নাক ৰাখিলে বিজেপিয়ে

August 3, 2026 9:34 pm
৩০ বছৰৰ বিজেপিৰ দুৰ্গ ৩০ দিনত ধূলিসাৎ! প্ৰশান্ত কিশোৰৰ জয়ে লালু আৰু বিজেপিক দিলে কঠোৰ বাৰ্তা

৩০ বছৰৰ বিজেপিৰ দুৰ্গ ৩০ দিনত ধূলিসাৎ! প্ৰশান্ত কিশোৰৰ জয়ে লালু আৰু বিজেপিক দিলে কঠোৰ বাৰ্তা

August 3, 2026 9:04 pm
প্ৰতিবাদকাৰী শিক্ষাৰ্থীৰ ওপৰত লোৱা আইনী ব্যৱস্থা সম্পৰ্কে সংসদত অমিত শ্বাহৰ পৰা উত্তৰ ‎বিচাৰিলে গৌৰৱ গগৈয়ে

প্ৰতিবাদকাৰী শিক্ষাৰ্থীৰ ওপৰত লোৱা আইনী ব্যৱস্থা সম্পৰ্কে সংসদত অমিত শ্বাহৰ পৰা উত্তৰ ‎বিচাৰিলে গৌৰৱ গগৈয়ে

August 3, 2026 8:53 pm
কাজিৰঙাক কেন্দ্ৰ কৰি প্ৰণৱ দলেৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ আৰোপৰ তীব্ৰ বিৰোধিতা, তাৎক্ষণিক মুক্তিৰ দাবী দেশৰ ৬০ৰো অধিক সংগঠনৰ

কাজিৰঙাক কেন্দ্ৰ কৰি প্ৰণৱ দলেৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ আৰোপৰ তীব্ৰ বিৰোধিতা, তাৎক্ষণিক মুক্তিৰ দাবী দেশৰ ৬০ৰো অধিক সংগঠনৰ

August 3, 2026 8:34 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুজৰাট, বিহাৰ আৰু মধ্যপ্ৰদেশৰ উপনিৰ্বাচন : দুটা আসনত বিৰোধীৰ সফলতা, গুজৰাটত নাক ৰাখিলে বিজেপিয়ে

গুজৰাট, বিহাৰ আৰু মধ্যপ্ৰদেশৰ উপনিৰ্বাচন : দুটা আসনত বিৰোধীৰ সফলতা, গুজৰাটত নাক ৰাখিলে বিজেপিয়ে

August 3, 2026 9:34 pm
৩০ বছৰৰ বিজেপিৰ দুৰ্গ ৩০ দিনত ধূলিসাৎ! প্ৰশান্ত কিশোৰৰ জয়ে লালু আৰু বিজেপিক দিলে কঠোৰ বাৰ্তা

৩০ বছৰৰ বিজেপিৰ দুৰ্গ ৩০ দিনত ধূলিসাৎ! প্ৰশান্ত কিশোৰৰ জয়ে লালু আৰু বিজেপিক দিলে কঠোৰ বাৰ্তা

August 3, 2026 9:04 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd