দিল্লীৰ ৰাজেন্দ্ৰ প্লেচ মেট্ৰ’ ষ্টেচনত সংঘটিত এক মৰ্মান্তিক ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। মাত্ৰ ১৬ বছৰ বয়সৰ এজন কিশোৰ ছাত্ৰই মেট্ৰ’ ষ্টেচনৰ পৰা জঁপিয়াই আত্মহত্যা কৰে। এই কিশোৰজন মূলতঃ মহাৰাষ্ট্ৰৰ ছাংগলীৰ নিবাসী আৰু দিল্লীৰ ছেইণ্ট কলম্বা স্কুলৰ দশম শ্ৰেণীৰ ছাত্ৰ আছিল।
মঙলবাৰে স্কুলৰ পৰা আহিয়েই ছাত্ৰজনে এই চৰম সিদ্ধান্ত গ্ৰহণ কৰে। ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে এখন ছুইচাইড নোট উদ্ধাৰ কৰিছে, য’ত ছাত্ৰজনে নিজৰ মৃত্যুৰ বাবে তিনিজন শিক্ষকক স্পষ্টভাৱে দোষাৰোপ কৰিছে।
উদ্ধাৰ হোৱা নোটখনত ছাত্ৰজনে তেওঁৰ অভিভাৱকৰ ওচৰত ক্ষমা বিচাৰিছে আৰু কৈছে যে এইটোৱেই তেওঁৰ “শেষ উপায়”। তেওঁৰ শেষ ইচ্ছা হিচাপে তেওঁ দাবী কৰিছে, “মোক ক্ষমা কৰি দিয়া মা। মোৰ শেষ ইচ্ছা হ’ল তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হওক। মই দেউতাৰ ওচৰতো ক্ষমা বিচাৰিছো। ক্ষমা কৰি দিয়া। এইটো মোৰ শেষ উপায়। মোৰ শেষ ইচ্ছা, তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হওক যাতে আন ছাত্ৰই এই সিদ্ধান্ত লবলগীয়াত নপৰে। প্ৰয়োজন হ’লে মোৰ অংগ দান কৰিব।”
ছাত্ৰজনৰ পিতৃয়ে দাবী কৰিছে যে তেওঁৰ পুত্ৰই বিগত এবছৰ ধৰি শিক্ষকসকলৰ পৰা মানসিক নিৰ্যাতন আৰু হাৰাশাস্তি সহ্য কৰি আহিছিল।
পোহৰলৈ অহা এটা বিশেষ ঘটনা অনুসৰি, নৃত্যৰ আখৰা কৰি থকাৰ সময়ত কিশোৰজন বাগৰি পৰে আৰু সামান্য আঘাত পাই কান্দিবলৈ আৰম্ভ কৰে। সেই সময়ত কোনো শিক্ষকে তেওঁক সহায় কৰা নাছিল। বৰঞ্চ, এজন শিক্ষকে ককৰ্থনা কৰি কৈছিল, “যিমান ইচ্ছা কান্দি থকা, মোৰ একো আহে নাযায়”। আনকি আন এজন শিক্ষকেও তেওঁক ঠেলি দিছিল বুলি অভিযোগ উঠিছে।
অভিভাৱকসকলে এই সন্দৰ্ভত বিদ্যালয় কৰ্তৃপক্ষক অভিযোগ দিছিল যদিও কৰ্তৃপক্ষই সেয়া আওকাণ কৰে বুলি পৰিয়ালৰ লোকে দাবী কৰিছে।
বৰ্তমান দিল্লী আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে। কিশোৰজন বহুদিন ধৰি মানসিক চাপত আছিল বুলি তথ্য পোহৰলৈ আহিছে। এই পৰ্যন্ত বিদ্যালয় কৰ্তৃপক্ষই এই ঘটনা সন্দৰ্ভত কোনো আনুষ্ঠানিক মন্তব্য কৰা নাই।





