NORTHEAST NOW (Assamese)

ওদালগুৰিৰ পানেৰীত সংঘটিত পথ দুৰ্ঘটনাত আহত ১৭ গৰাকী শিশু

August 20, 2018 7:40 pm · চাজিদ খান
দুৰ্ঘটনাত পতিত হোৱা বাহনখন

আজি পুনৰ ওদালগুৰি জিলাত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। জানিব পৰা মতে ৰাতিপুৱা প্ৰায় ৯ বজাত জিলাখনৰ পানেৰী আৰক্ষী থানাৰ অন্তৰ্গত খ্ৰীষ্টানবস্তী অঞ্চলত এখন তীব্ৰ বেগী মহিন্দ্ৰা ছুপ্ৰ’ ভানে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ ওপৰতে বাগৰি পৰে। ফলত ভানখনত থকা ১৭ গৰাকী শিশু গুৰুতৰভাৱে আঘাত প্ৰাপ্ত হয়।

দুৰ্ঘটনা সংঘটিত হোৱাৰ লগে লগে ঘটনাস্থলীত উপস্থিত থকা স্থানীয় ৰাইজৰ তৎপৰতাত আঘাত প্ৰাপ্ত শিশু কেইজনক টংলা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

ইফালে টংলা চিকিৎসালয়ৰ চিকিৎসকে আঘাতপ্ৰাপ্ত শিশু কেইজন বৰ্তমান সংকট মুক্ত বুলি সদৰী কৰে। আনহাতে বাহনখনৰ চালকগৰাকীও দুৰ্ঘটনাটোত সামান্য পৰিমাণে আঘাত প্ৰাপ্ত হয় বুলি স্থানীয় লোকে জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে দুৰ্ঘটনাত পতিত হোৱা বাহনখনত থকা আটাইকেইজন শিশুৱে হিন্দু ধৰ্মীয় সাজ পৰিধান কৰি কোনো ধৰ্মীয় অনুষ্ঠানত ভাগ লোৱাৰ উদ্দেশ্যে অহা বুলি জানিব পৰা যায়।

আনহাতে ওদালগুৰি জিলাৰ বিভিন্ন অঞ্চলত বিগত কিছু দিনৰ পৰা অভাৱনীয় হাৰত বৃদ্ধি পোৱা পথ দুৰ্ঘটনাই শংকিত কৰি তুলিছে জিলাখনৰ সচেতন মহলক। গাড়ী চালকৰ দৌৰাত্ম্যৰ বাবেই এনেদৰে নিতৌ শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হৈ আছে বুলি স্থানীয় ৰাইজে মত প্ৰকাশ কৰে।

Related News