মাৰ্ঘেৰিটা আৰক্ষীৰ সহযোগত তিনিচুকীয়া জিলা পৰিবহন বিষয়াৰ কাৰ্যালয়ৰ এটা অভিযানকাৰী দলে আজি মাৰ্ঘেৰিটা নগৰ এলেকাত অভিযান চলাই উপযুক্ত নথি-পত্ৰ আৰু পঞ্জীয়ণ বিহীনভাৱে যাত্ৰী কঢ়িওৱা ৬খন টাটা মেজিক, ১খন উইংগাৰ, ১০খন ডিজেল চালিত অটো টাটা আৰু ১খন এ চীসহ মুঠ ১৭ খন গাড়ী জব্দ কৰি মাৰ্ঘেৰিটা আৰক্ষী থানালৈ লৈ আনে।
সম্পূৰ্ণ নথি পত্ৰ সঠিকভাৱে জমা নিদিয়া পৰ্যন্ত এই গাড়ীসমূহ মুকলি কৰা নহ’ব বুলি তিনিচুকীয়াৰ ডি টি অ ডি জে দাসে জানিবলৈ দিয়ে।
উল্লেখযোগ্য যে দীৰ্ঘদিন ধৰি মাৰ্ঘেৰিটাত বহু সংখ্যক যাত্ৰীবাহী গাড়ীৰ উপযুক্ত নথিপত্ৰ, ইঞ্চুৰেঞ্চ আদি নথকাৰ লগতে বহু গাড়ী মালিকে উপযুক্ত বয়স নোহোৱা চালককে যাত্ৰীবাহী গাড়ীসমূহ চলাবলৈ দিছে। ফলত বিভিন্ন সময়ত দুৰ্ঘটনা সংঘটিত হোৱা দেখিবলৈ পোৱা গৈছে।
আনহাতে, কেৱল পূজা-বিহুৰ আগে আগে পৰিবহন বিভাগে এনে অভিযান চলাই কেইখনমান মাত্ৰ সৰু যাত্ৰীবাহী গাড়ীকে আটক কৰে যদিও নথিপত্ৰ নথকা বুজন সংখ্যক গধুৰ বাহনৰ মালিকপক্ষৰ সৈতে গোপন বুজা বুজিৰে গাড়ী চলাবলৈ অনুমতি দি অহাৰ অভিযোগ উত্থাপন হৈছে।
দুখীয়া চালকৰ বিৰুদ্ধে বীৰত্ব প্ৰদৰ্শন কৰা জিলা পৰিবহন বিষয়াই মাৰ্ঘেৰিটাৰ ৩৮নং ৰাষ্ট্ৰীয় ঘাইপথেদি প্ৰতিদিনে চলাচল কৰা অত্যাধিক বোজা কঢ়িওৱা মালবাহী ট্ৰাক-ডাম্পাৰ আৰু অত্যাধিক যাত্ৰী কঢ়িওৱা বাছৰ বিৰুদ্ধে চকু মুদা কুলিৰ ভাঁও দি অহিছে বুলি একাংশ অটো-টেম্প চালকে ক্ষোভ প্ৰকাশ কৰে।
ইয়াৰ উপৰি এনে গাড়ী সমূহৰ মালিকৰ লগত জিলা পৰিবহণ বিষয়াৰ গোপন বুজাবুজি থকাৰো তেওঁলোকে সন্দেহ ব্যক্ত কৰে।
এতিয়া এই ক্ষেত্ৰত অনাগত দিনত জিলা পৰিবহন বিভাগে কেনেধৰণৰ পদক্ষেপ হাতত লয় সেইয়া লক্ষণীয় হ’ব।