কমনৱেলথত দেশৰ  হৈ প্ৰথমটো স্বৰ্ণ আঁজুৰিলে মণিপুৰৰ মীৰাবাই চানুৱে

chanu

মণিপুৰৰ ভাৰোত্তোলক ছাইখম মীৰাবাই চানুৰ জৰিয়তে কমনৱেলথ গেমছৰ আৰম্ভণিৰ দিনাই  প্ৰথমটো স্বৰ্ণ জয় কৰিবলৈ সক্ষম হ’ল ভাৰতে।

গল্ডক’ষ্টত অনুষ্ঠিত কমনৱেলথ গেমছ ২০১৮ত মণিপুৰৰ ভাৰত্তোলক গৰাকীয়ে ৪৮ কেজি শাখাত অভিলেখ ভংগ কৰি দেশৰ হৈ প্ৰথমটো স্বৰ্ণ জয় কৰিবলৈ সক্ষম হয়।

উল্লেখযোগ্য যে কমনৱেলথ গেমছৰ আৰম্ভণিৰ দিনাই বিশ্ব চেম্পিয়ন চানুৱে ৪৮ কেজি শাখাত ছটা অভিলেখ ভংগ কৰি স্বৰ্ণ জয় কৰাৰ লগে লগে আনন্দিত হৈ পৰিছে দেশৰ ক্ৰীড়াপ্ৰেমীসকল।

প্ৰসংগক্ৰমে উল্লেখযোগ্য যে চানুৱে প্ৰতিযোগিতাখনত নিজৰ ১৯৪ কেজি উত্তোলনৰ অভিলেখ ভংগ কৰি ১৯৬ কেজি ভাৰোত্তোলন কৰিবলৈ সক্ষম হয়।

স্মৰ্তব্য যে ইয়াৰ পূৰ্বে মণিপুৰৰ ভাৰোত্তোলকগৰাকীয়ে ২০১৭ বৰ্ষত বিশ্ব ভাৰোত্তোলন চেম্পিয়নশ্বিপত  ৪৮ কেজি শাখাত সোণ জয় কৰাৰ উপৰি ২০১৪ত গ্লাছগ’ত অনুষ্ঠিত কমনৱেলথ গেমছত ৰূপৰ পদক জয় কৰিবলৈ সক্ষম হৈছিল।

৫৬ কেজি শাখাত ভাৰতৰ হৈ গুৰুৰাজাই ৰূপ জয় কৰাৰ প্ৰায় এঘণ্টাৰ ভিতৰতে স্বৰ্ণ জয় কৰি নতুন কমনৱেলথ ৰেকৰ্ড গঢ়িবলৈ সক্ষম হোৱা চানুক সম্প্ৰতি প্ৰশংসাৰে উপচাইছে বিভিন্ন ক্ষেত্ৰৰ ব্যক্তিসকলে।

বিশেষকৈ বিশ্বজয়ী বক্সাৰ মেৰীকমে ছ’চিয়েল নেটৱৰ্কিং ছাইট টুইটাৰযোগে অভিনন্দন জ্ঞাপন কৰিছে সোণৰ কন্যা চানুক।