আমগুৰিত ১৭২ টা সংখ্যালঘু কংগ্ৰেছী পৰিয়ালৰ অগপত যোগদান

ফটো : নৰ্থ-ইষ্ট নাও

উজনি অসমৰ আঞ্চলিকবাদৰ শক্তিশালী দূৰ্গ আমগুৰি বিধানসভা সমষ্টিৰ সৰ্বস্তৰৰ ৰাইজৰ অসম গণ পৰিষদ দললৈ ব্যাপক সহাৰি দেখিবলৈ পোৱা গৈছে।

প্ৰতি দিনাই বিভিন্ন দল-সংগঠনৰ কৰ্মীৰ যোগদানে আমগুৰিত দলটোক উজ্জীৱিত কৰি তুলিছে।

আজিও আমগুৰি সমষ্টিৰ অন্তৰ্গত আমগুৰি কংগ্ৰেছৰ দূৰ্গ ৰূপে খ্যাত নামতি পঞ্চায়তৰ জোলা(খ) ত অনুষ্ঠিত এক বিশাল যোগদান সভাত সংখ্যালঘু সম্প্ৰদায়ৰ ১৭২ টা পৰিয়ালে অসম গণ পৰিষদ দলৰ নীতি-আদৰ্শ আৰু প্ৰদীপ হাজৰীকা দেৱৰ সমষ্টি উন্নয়নৰ প্ৰতি আকৃষ্ট হৈ অসম গণ পৰিষদ দলত যোগদান কৰে।

ইয়াৰ ভিতৰত নামতি মণ্ডল কংগ্ৰেছৰ প্ৰাক্তন সম্পাদক আব্দুল মটিন অন্যতম। কংগ্ৰেছ-এআইইউডিএফৰ মিত্ৰতাৰ সময়ত সংখ্যালঘু ৰাইজৰ অসম গণ পৰিষদ দললৈ এই ব্যাপক সহাৰিয়ে আগন্তুক দিনৰ বাবে তাৎপৰ্য বহন কৰিছে।

আমগুৰি সমষ্টি সমিতিৰ সংখ্যালঘু কোষৰ সভাপতি ইমদাদ হুছেইনৰ সভাপতিত্ব অনুষ্ঠিত সভাত অংশগ্ৰহন কৰি অসম গণ পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক তথা বিধায়ক প্ৰদীপ হাজৰীকাই বক্তৃতা প্ৰদান কৰি কয় যে আজি এই বৃহৎ যোগদান সভাৰ দ্বাৰা অসম তথা ভাৰতবাসীৰ বাবে এক বাৰ্তা কঢ়িয়াই আনিছে। আজিৰ পৰা এখন যুদ্ধ আৰম্ভ হৈছে আৰু এই যুদ্ধ মৌলবাদী শক্তি তথা অশুভ শক্তিৰ বিৰুদ্ধে।

আজি খিলঞ্জীয়া ৰাইজ এই অশুভ শক্তিৰ বিৰুদ্ধে একত্ৰিত হৈছে বুলি উল্লেখ কৰি বিধায়ক প্ৰদীপ হাজৰীকা আগন্তুক দিনত অসমৰ স্বাৰ্থত খিলঞ্জীয়া ৰাইজে এই অশুভ শক্তিক পৰাস্ত কৰিব বুলি আশা প্ৰকাশ কৰে।

যোগদান সভাত শিৱসাগৰৰ বিশিষ্ট শিক্ষাবিদ ইমদাদুল হুছেইন, অগপৰ আমগুৰি সমষ্টি সমিতিৰ কাৰ্যকৰী সভাপতি বিপুল বৰকটকী, সম্পাদক মন্টু গগৈ, অগপৰ শিৱসাগৰ জিলা সমিতিৰ নবনিৰ্বাচিত সাধাৰণ সম্পাদক নিত্য কলিতা, অসম যুৱ পৰিষদৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক সুদৰ্শন হাজৰীকা, জিলা সভাপতি মৃগাংক শ‌ইকীয়া, জিলা পৰিষদৰ সদস্য সুমিত্ৰ তামুলি উপস্থিত থাকে।