• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰাজ্য চৰকাৰৰ ওপৰত ১,৭২,১৭৪.৭৪ কোটি টকাৰ ঋণৰ বোজা! প্ৰতিজন অসমীয়াৰ ওপৰত গড়ে ৫২,১৬৪ টকাৰ ধাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 11, 2025 2:39 pm
113
VIEWS
Share on FacebookShare on Twitter

বিকাশে নতুন মাত্রা লাভ কৰা দাবী কৰা হিমন্ত বিশ্ব চৰকাৰ ধাৰ, ঋণৰ বোজাত পোত গৈছে। কাৰণ চলিত বৰ্ষৰ ৩১ মাৰ্চলৈ অসম চৰকাৰৰ সৰ্বমুঠ ঋণৰ বোজা হ’ল ১,৭২,১৭৪.৭৪ কোটি টকা। এই হিচাপত অসমৰ জনমূৰি ঋণ হ’ল ৫২,১৬৪ টকা।

বিত্ত মন্ত্রী অজন্তা নেওগে কালি বিধানসভাত দাখিল কৰা বাজেটৰ তথ্যৰ পৰা এই কথা পোহৰলৈ আহিছে। ১,৭২,১৭৪.৭৪ কোটি ঋণৰ ভিতৰত ৰিজার্ভ বেংকৰ পৰা লোৱা ঋণ ১,১৩,৫৮২.৪১ কোটি টকা, কেন্দ্ৰীয় চৰকাৰৰ পৰা লোৱা ঋণ ২০৪৮২.১৫ কোটি টকা, ভাৰতীয় জীৱন বীমা নিগম, ভাৰতীয় সাধাৰণ বীমা নিগম, ৰাষ্ট্ৰীয় সমবায় উন্নয়ন নিগম আৰু নাবাৰ্ডৰ পৰা লোৱা ঋণ ১৩০২১.৮০ কোটি টকা, ৰাষ্ট্ৰীয় ক্ষুদ্ৰ সঞ্চয়ৰ পৰা লোৱা ঋণ হ’ল ৩৪২৪.৮০ কোটি টকা। তদুপৰি চৰকাৰে বিভিন্ন শিতানৰ পৰা লোৱা সৰ্বমুঠ ধাৰ হ’ল ২১৬৬৩.৫৮ কোটি টকা। ইফালে, মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদনৰ অনুপাতে গ্ৰহণ কৰা ঋণৰ হাৰৰ ক্ষেত্ৰত অসম ভাৰতৰ ভিতৰত আটাইতকৈ তলৰ স্থানত আছে বুলি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ উপৰি বিত্ত মন্ত্রী নেওগে বাজেটত উল্লেখ কৰে।

মুখ্যমন্ত্ৰীৰ মতে, অসমৰ মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদনৰ বিপৰীতে ঋণৰ অনুপাতত দেশৰ ভিতৰতে সৰ্বনিম্ন স্থানত আছে অসম। ২০২৩-২৪ বর্ষত জিএছডিপিৰ বিপৰীতে ঋণৰ অনুপাত হ’ল ২৪.৩ শতাংশ। অজন্তা নেওগে বাজেটত উল্লেখ কৰা অনুসৰি ঋণৰ পৰিমাণত পঞ্জাবৰ মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদন হ’ল ৪১.৪ শতাংশ, হিমাচল প্ৰদেশৰ ৪১.১ শতাংশ, পশ্চিমবংগৰ ৩৪.৫ শতাংশ, কেৰালাৰ ৩৪.২ শতাংশ, ৰাজস্থানৰ ৩২.৬ শতাংশ, অন্ধ্রপ্রদেশৰ ৩০.৯ শতাংশ, উত্তৰ প্ৰদেশৰ ২৮.০ শতাংশ, তামিলনাডুৰ ২৬.৬ শতাংশ আৰু মধ্যপ্ৰদেশৰ ২৫.৭ শতাংশ।

বিত্ত মন্ত্রী অজন্তা নেওগে বাজেটত উল্লেখ কৰা অনুসৰি, ২০২৩-২৪ বৰ্ষত অসমৰ মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদন হ’ল ৫,৭০,৯৪৪ কোটি টকা আৰু জনমূৰি আয় হ’ল ১,৩৯,৭৮৩ টকা। জনমূৰি আয় হিচাপত বছৰেকীয়া বৃদ্ধিৰ হাৰ হ’ল ১৭ শতাংশ। সেইদৰে ২০২৪-২৫ বৰ্ষত ৰাজ্যিক ঘৰুৱা উৎপাদন ৬,৪৩,৬৬৭ কোটি টকা, জনমূৰি আয় ১,৫৪,২২২ টকা। জনমূৰি আয়ৰ হিচাপত বছৰেকীয়া বৃদ্ধিৰ হাৰ ১০ শতাংশ।

Recent News

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd