ধিক হিমন্তৰ স্বাস্থ্যখণ্ড ! চিকিৎসক নাই, অক্সিজেনৰ অভাৱত প্ৰাণ এৰিলে ১৮ মহীয়া শিশুৱে

ডিব্ৰুগড়ত সংঘটিত হৈছে এই মৰ্মান্তিক ঘটনা। চিকিৎসক নোহোৱাকৈয়ে চলিছে অসমৰ একাংশ চিকিৎসালয়। অসমৰ অনগ্ৰসৰ স্বাস্থ্যখণ্ডৰ বাবেই মাত্ৰ ১৮ মাহৰ আলহী হৈ এই পৃথিৱীৰ পৰা মেলানি মাগিব লগা হ’ল এটি শিশুৱে।

ডিব্ৰুগড়ৰ ৰোমাই চাহ বাগিচাৰ এখন চৰকাৰী চিকিৎসালয়ত অক্সিজেনৰ অভাৱত এটি ১৮ মহীয়া কণমানি শিশুৰ মৃত্যু হোৱাৰ অভিযোগ উত্থাপন হৈছে। তথ্য অনুসৰি সোমবাৰে হঠাতে ১৮ মহীয়া শিশুটি গুৰুতৰভাবে অসুস্থ হৈ পৰে আৰু লগে লগে চিকিৎসাৰ বাবে শিশুটিক ওচৰৰে বাগিচাৰ চিকিৎসালয়লৈ লৈ যোৱা হয়। কিন্তু চিকিৎসালয়খনত চিকিৎসক নথকাৰ বাবে নাৰ্চে তেওঁক অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে।

লগতে পঢ়কঃ গামোচা …Fakes can be stopped

অভিযোগ অনুসৰি বিগত এবছৰ ধৰি চিকিৎসকৰ অবিহনেই চলি আছে ৰোমাই চাহ বাগিচা হাস্পতালখন । লগতে জৰুৰীকালীন সাসুবিধাও উপলব্ধ নহয় চিকিৎসালয়খনত। জানিব পৰা মতে হাস্পাতালখনৰ এম্বুলেন্স সেৱাত জৰুৰীকালীন অৱস্থাৰ বাবেও কোনো অক্সিজেন চিলিণ্ডাৰ নাই। যাৰ বাবে মৃত্যু হ’বলগাঽ’ল শিশুটি।

এগৰাকী স্থানীয় লোকে সাংবাদিকৰ আগত দাবী কৰে যে অসমৰ অধিকাংশ বাগিচা চিকিৎসালয়ত মৌলিক সাসুবিধা আৰু চিকিৎসক নাই।

লগতে পঢ়কঃ বেয়া খবৰ ! UPI ত ধনৰ লেনদেন কৰিলে গ্ৰাহকে ভৰিব লাগিব ১.১ শতাংশ মাচুল

আন এজন স্থানীয় লোকে কয়, “ৰোমাই চাহ বাগিচা চিকিৎসাল মৌলিক চিকিৎসা সুবিধা আৰু জিএনএম নাৰ্ছ নোহোৱাকৈয়ে চলি আছে। অসমৰ বিজেপি নেতৃত্বাধীন চৰকাৰে দৰিদ্ৰ বাগিচাৰ কৰ্মীৰ বাবে আঁচনি আৰু স্বাস্থ্য সুবিধাৰ কথা ঘোষণা কৰাৰ পিছতো বাগিচা পৰিচালনা কৰ্তৃপক্ষই চিকিৎসালয়খন উন্নীতকৰণৰ কোনো পদক্ষেপ গ্ৰহণ কৰা নাই।”

লগতে পঢ়কঃ লালকিল্লাৰ সমীপত প্ৰতিবাদ সাব্যস্ত কংগ্ৰেছৰ: আটক কেইবাগৰাকীও নেতা

উল্লেখ্য যে বিগত বৰ্ষৰ আৰম্ভণিতে কৰিমগঞ্জ অসামৰিক চিকিৎসালয়তো চিকিৎসক আৰু নাৰ্ছৰ গাফিলতিৰ বাবে এটি শিশুৱে মৃত্যুক সাৱটি ল’বলগা হৈছিল। 

এতিয়া এই ১৮ মহীয়া শিশুটিৰ অকাল মৃত্যুৱে যেন অসম চৰকাৰ আৰু স্বাস্থ্য বিভাগৰ ফোপোলা স্বৰূপটোকে উদঙাই দিছে।

লগতে পঢ়কঃ ঘৃণাসূচকৰ বক্তব্যৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণত পলম : উচ্চতম ন্যায়ালয়ৰ ধমক