NORTHEAST NOW (Assamese)

অসমত আৰু ১৮ ক’ভিড ৰোগীৰ মৃত্যু, মুঠ মৃতকৰ সংখ্যা ৭৭৮লৈ বৃদ্ধি

October 6, 2020 10:33 pm · এন ই নাও নিউজ

আৰু ১৮গৰাকী ক’ভিড১৯ ৰোগীয়ে মঙলবাৰে অসমত প্ৰাণ হেৰুৱাইছে, মুঠ মৃতকৰ সংখ্যা ৭৭৮লৈ বৃদ্ধি পাইছে।

অসমজুৰি বিভিন্ন জিলাৰ ক’ভিড ৰোগী মৃত্যুমুখত পৰিছে।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত এই তথ্য সদৰী কৰিছে।

অসমত সোমবাৰলৈকে ৭৬০গৰাকী ক’ভিড ৰোগীয়ে প্ৰাণ হেৰুৱাইছিল।

বিপৰীতে ১,৫৩,৪৮৮গৰাকী ব্যক্তিয়ে সোমবাৰলৈকে অসমত ক’ভিডৰ পৰা আৰোগ্য হৈ চিকিৎসালয় এৰিছে।

অসমত সোমবাৰে সক্ৰিয় ৰোগীৰ সংখ্যা আছিল ৩৩,৪৬৭(।)

মুঠ ১,৮৭,৭১৮গৰাকী ব্যক্তি অসমত সোমবাৰলৈকে ক’ভিড পজিটিভ চিনাক্ত হৈছে।

ইয়াৰে তিনিগৰাকী আন ঠাইলৈ স্থানান্তৰিত হৈছে।

Related News