• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বড়োলেণ্ড টেৰিটৰিয়েল ৰিজ’নৰ সাম্প্ৰতিক পৰিস্থিতি সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত সৰ্বদলীয় বৈঠক

ৰাজ্যত সুস্থ গণতান্ত্ৰিক পৰিৱেশ অটুত ৰখাৰ বাবে চৰকাৰ আৰু বিৰোধী দল সকলোৱে ‘টীম অসম’ৰ ধাৰণাৰে কাম কৰিব লাগিব, মুখ্যমন্ত্ৰী

এন ই নাও নিউজ by এন ই নাও নিউজ
October 6, 2020 9:00 pm
DSC_2986
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বড়োলেণ্ড টেৰিটৰিয়েল ৰিজন’ৰ সাম্প্ৰতিক পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰাৰ বাবে আজি অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অধ্যক্ষতাত এখন সৰ্বদলীয় বৈঠক অনুষ্ঠিত হয়।

মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই আদৰণী ভাষণেৰে আৰম্ভ কৰা উক্ত বৈঠকৰ আৰম্ভণিতে স্বাস্থ্য বিভাগৰ প্ৰধান সচিব সমীৰ কুমাৰ সিনহাই ৰাজ্যখনৰ শেহতীয়া ক’ভিড পৰিস্থিতিৰ অৱলোকনেৰে এক প্ৰেজেন্টেশ্যন আগবঢ়ায়।

Apply Now

ইয়াৰ পিছতে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই নিজৰ বক্তব্যত ৰাজ্যখনৰ শেহতীয়া ক’ভিড পৰিস্থিতি অৱলোকন কৰাৰ লগতে আগন্তক দুৰ্গাপূজা তথা দ্বীপান্বিতাৰ দৰে উৎসৱৰ বতৰত সম্ভাব্য ক’ভিড সংক্ৰমণ বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি বিটিচিৰ নিৰ্বাচন আগন্তক ডিচেম্বৰ মাহত অনুষ্ঠিত কৰাৰ পোষকতা কৰি এই বিষয়ে ইতিমধ্যে মুখ্যমন্ত্ৰীৰ ওচৰত প্রস্তাৱ উত্থাপন কৰিছে বুলি কোৱাৰ লগতে মুখ্যমন্ত্ৰীৰ নিৰ্দেশমৰ্মে এই বিষয়ত সকলো দলৰে মতামত গ্ৰহণ কৰাৰ বাবে আজিৰ এই সৰ্বদলীয় বৈঠকখন ৰাজ্য চৰকাৰে অনুষ্ঠিত কৰিছে বুলিও কয়।

তেওঁ লগতে কয় যে মুখ্যমন্ত্ৰীয়ে এই সম্পৰ্কত সকলো ৰাজনৈতিক দলৰ স্থিতি ব্যক্ত কৰাৰ বাবে আজিৰ এই বৈঠকখন অনুষ্ঠিত কৰিছে।

ইয়াৰ পিছতে কোকৰাবাৰ লোকসভা সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰণীয়া, ইউ পি পি এলক প্ৰতিনিধিত্ব কৰা প্রমোদ বড়ো, বিপিএফ দলৰ ৰবিৰাম নাৰ্জাৰী, এ আই ইউ ডি এফৰ আমিনুল ইছলাম, ভাৰতীয় জাতীয় কংগ্ৰেছৰ দুৰ্গা দাস বড়ো, চি পি আই (এম)ৰ দেবেন ভট্টাচাৰ্য, ভাৰতীয় গণ পৰিষদৰ সুকান্ত মজুমদাৰ, ভোটাৰ্চ পাৰ্টি ইন্টাৰনেশ্যনেলৰ ললিত পেণ্ড, অসম গণ পৰিষদৰ কেশৱ মহন্ত, ভাৰতীয় জনতা পাৰ্টিৰ জয়ন্ত কুমাৰ দাসে ক’ভিড পৰিস্থিতিৰ এই জটিল সন্ধিক্ষণত বিটিচিৰ নিৰ্বাচন অনুষ্ঠিত কৰা সম্পৰ্কত নিজ নিজ দলৰ দৃষ্টিভংগী উত্থাপন কৰে।

বৈঠকত অধ্যক্ষতা কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে বিটিআৰত আজি যি পৰিস্থিতি উদ্ভৱ হৈছে সেই কথা বিস্তৃতভাৱে আলোচনা কৰাৰ বাবে আজিৰ এই বৈঠকখন অনুষ্ঠিত কৰা হৈছে। এই বৈঠকত উপস্থিত থাকি প্রত্যেকটো দলে বিটিচিৰ নিৰ্বাচন সম্পৰ্কত নিজৰ নিজৰ মত দাঙি ধৰাৰ বাবে মুখ্যমন্ত্ৰীয়ে সকলোকেইটা ৰাজনৈতিক দলৰ প্রতিনিধিসকলক আন্তৰিকভাৱে ধন্যবাদ জ্ঞাপন কৰাৰ লগতে সকলো দলে সন্মিলিতভাৱে গণতান্ত্ৰিক প্রক্ৰিয়া অব্যাহত ৰখাৰ দিশত কাম কৰিব লাগিব বুলিও কয়।

এই ক্ষেত্ৰত চৰকাৰ আৰু বিৰোধী দল সকলোৱে ‘টীম অসম’ৰ ধাৰণাৰে কাম কৰিব লাগিব বুলিও কয়।

আজিৰ বৈঠকত উপস্থিত থকা ৰাজনৈতিক দলসমূহে উত্থাপন কৰা মতামতসমূহ লিপিৱদ্ধ কৰা হৈছে বুলি উল্লেখ কৰি কাইলৈ অনুষ্ঠিত হ’বলগীয়া কেবিনেট বৈঠকতো এই সম্পৰ্কত বিস্তৃতভাৱে আলোচনা কৰা হ’ব বুলিও মুখ্যমন্ত্ৰীয়ে কয়।

এই সমগ্র প্রক্ৰিয়াত বিটিআৰৰ জনসাধাৰণ যাতে কোনো ধৰণৰ ক্ষতিগ্ৰস্ত নোহোৱাকৈ গণতান্ত্ৰিক প্রক্ৰিয়াটোক আগবঢ়াই নিব পৰা যায় সেই দৃষ্টিকোণ আগত ৰাখিয়েই ৰাজ্য চৰকাৰে সঠিক সিদ্ধান্ত ল’ব বুলিও মুখ্যমন্ত্ৰীয়ে কয়।

স্বাস্থ্য বিধি অটুত ৰাখি গণতান্ত্ৰিক প্ৰক্ৰিয়াক আগবঢ়াই নিয়াৰ দিশত ৰাজ্য চৰকাৰে পদক্ষেপ ল’ব বুলি উল্লেখ কৰি আগন্তুক দিনত শাসক-বিৰোধীৰ মিলিত প্ৰচেষ্টাৰে এনেদৰে জনসাধাৰণক সেৱা কৰাৰ বাবে ৰাজ্য চৰকাৰে ইতিবাচক পদক্ষেপ লৈ যাব বুলিও মুখ্যমন্ত্ৰীয়ে কয়।

আজিৰ এই সৰ্বদলীয় বৈঠকত উদ্যোগ আৰু বাণিজ্য বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, কৃষি মন্ত্ৰী অতুল বৰা, ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণী কল্যাণ বিভাগৰ মন্ত্ৰী চন্দন ব্ৰহ্ম, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী ৰিহণ দৈমাৰী, জলসিঞ্চন বিভাগৰ ৰাজ্যিক (স্বতন্ত্ৰ) মন্ত্ৰী ভৱেশ কলিতা, মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণ, গৃহ আৰু ৰাজনৈতিক বিভাগৰ দায়িত্ব থকা অতিৰিক্ত মুখ্য সচিব জিষুণ বৰুৱাকে ধৰি বিভিন্ন ৰাজনৈতিক দলৰ সভাপতি, সম্পাদক তথা অন্যান্য বিষয়ববীয়াসকলে অংশগ্ৰহণ কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উন্নয়নৰ নামত হাবি-বন, খাল-বিল, নৈ পুতি পেলালে পানী ক’লৈ যাব?

উন্নয়নৰ নামত হাবি-বন, খাল-বিল, নৈ পুতি পেলালে পানী ক’লৈ যাব?

July 29, 2026 10:31 am
‘জেন-জি’ৰ প্ৰতিবাদত উচপ খাই উঠিল নেকি বিজেপি? ‘জেন-জি’ ভোটাৰৰ কাষ চপাৰ ব্যাপক প্ৰস্তুতি

‘জেন-জি’ৰ প্ৰতিবাদত উচপ খাই উঠিল নেকি বিজেপি? ‘জেন-জি’ ভোটাৰৰ কাষ চপাৰ ব্যাপক প্ৰস্তুতি

July 29, 2026 10:30 am
ককৰোচ জনতা পাৰ্টিৰ আন্দোলনে আমাক কি ৰাজনৈতিক শিক্ষা দিলে?

ককৰোচ জনতা পাৰ্টিৰ আন্দোলনে আমাক কি ৰাজনৈতিক শিক্ষা দিলে?

July 29, 2026 9:49 am
অসমত অপৰিৱৰ্তিত বান পৰিস্থিতি: শিৱসাগৰত ৭ জনৰ মৃত্যু, মৃতকৰ সংখ্যা ৭৫লৈ বৃদ্ধি

অসমত অপৰিৱৰ্তিত বান পৰিস্থিতি: শিৱসাগৰত ৭ জনৰ মৃত্যু, মৃতকৰ সংখ্যা ৭৫লৈ বৃদ্ধি

July 29, 2026 9:09 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উন্নয়নৰ নামত হাবি-বন, খাল-বিল, নৈ পুতি পেলালে পানী ক’লৈ যাব?

উন্নয়নৰ নামত হাবি-বন, খাল-বিল, নৈ পুতি পেলালে পানী ক’লৈ যাব?

July 29, 2026 10:31 am
‘জেন-জি’ৰ প্ৰতিবাদত উচপ খাই উঠিল নেকি বিজেপি? ‘জেন-জি’ ভোটাৰৰ কাষ চপাৰ ব্যাপক প্ৰস্তুতি

‘জেন-জি’ৰ প্ৰতিবাদত উচপ খাই উঠিল নেকি বিজেপি? ‘জেন-জি’ ভোটাৰৰ কাষ চপাৰ ব্যাপক প্ৰস্তুতি

July 29, 2026 10:30 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd