ভতুৱা উপনাম লাভ কৰিলে অষ্ট্ৰেলিয়ান মডেল ছাৰা ট’ডে

শীৰ্ষস্থানীয় মডেল আৰু আন্তঃজাতিক খ্যাতিসম্পন্ন ৰন্ধনবিদ ছাৰা ট‘ড অসমৰ ৰন্ধন প্ৰকৰণৰ প্ৰেমত পৰিছে। দেশ-বিদেশৰ বিভিন্ন খাদ্যাভ্যাসৰ সৈতে পৰিচিত শীৰ্ষস্থানীয় মডেলগৰাকীয়ে শেহতীয়াকৈ অসমীয়া খাদ্যৰ জুতি পাই এৰিব নোৱাৰা হৈছে বুলি জানিব পৰা গৈছে। ছাৰাই এতিয়া দিনটোৰ তিনিও সাজেই অসমীয়া খাদ্য গ্ৰহণ কৰে। সেয়েহে তেওঁক মৰমতে ‘ভতুৱা‘ উপনাম দিছে বুলি এটা সাক্ষাৎকাৰত প্ৰকাশ কৰিছে।

“অ‘ছাম আছাম“ নামৰ ফক্স লাইফৰ শ্বোটোৰ ছুটিং কৰিবলৈ শেহতীয়াভাৱে এসপ্তাহজোৰা অসম ভ্ৰমণলৈ অহাৰ সময়ত ছাৰাক এই উপনামটো দিয়া হৈছে। এই শ্বটো ২০ এপ্ৰিলৰ পৰা ফক্স লাইফত প্ৰদৰ্শিত হ‘ব।

মিড ডে ডট কমক দিয়া এটা সাক্ষাৎকাৰত ছাৰাই কৈছে যে চাউলৰ ওপৰত ভিত্তি কৰি ৰন্ধা অসমীয়া ৰন্ধন প্ৰকৰণ তেওঁ অত্যন্ত ভাল পায় আৰু তিনিও সাজতে এতিয়া তেওঁ অসমীয়া খাদ্যহে গ্ৰহণ কৰিছে বুলি জনাইছে।

উল্লেখ্য যে তদানিন্তন “মাষ্টাৰশ্বেফ অষ্ট্ৰেলিয়া“ আৰু ফেশ্যন মডেল ছাৰাই অসমৰ বিভিন্ন স্থানত থকাঐতিহাসিক সমলৰ স্থানসমূহ ভ্ৰমণ কৰিছে আৰু জনগোষ্ঠীয় খাদ্যসম্ভাৰৰ জুতি লৈছে।

মেলবৰ্নলৈ উভতি গৈ ছাৰা শ্বটোৰ ছুটিঙত ব্যস্ত হৈ পৰিছে যদিও অসমৰ স্মৃতি তেওঁৰ মনত আজিও সজীৱ হৈ আছে। ছাৰাই কৈছে যেদেওবাৰে ঘৰৰ প্ৰতিগৰাকী সদস্যই খোৱা মেজত একেলগে বহি ছান ডে ৰ‘ষ্ট ( বিশেষকৈ দেওবাৰে পৰিৱেশন কৰা (ভজা মাংস, আলু ভাজি, য়ৰ্কশ্বয়াৰ পুডিং,পাৰ্নিপ নামৰ ধৰণৰ গাজৰ, ব্ৰুছেল্‌ছ স্প্ৰাউট নামৰএক এবিধ সৰু বন্ধাকবিৰ ক‘লি, মটৰ, গাজৰ, ৰঙা মটৰ, ব্ৰকলি আদি পাচলিৰে ৰন্ধা আৰু আঞ্জাৰ পৰম্পৰাগত বৃটিছ খাদ্যসম্ভাৰ বিশেষ)  অষ্ট্ৰেলিয়াৰ প্ৰাচীনতম খাদ্য গ্ৰহণ পৰম্পৰা। তেওঁ কৈছে যে অসমলৈ কৰা ভ্ৰমণে তেওঁৰ মনত ঘৰৰ সোঁৱৰণি জগাই তুলিছে।

ছাৰাই আলু পোৰা আৰু বোকাখাতৰ পেৰাৰো জুতি লৈছে। তেওঁক কলপাতত আলু পোৰা, আলুৰ তৰকাৰীৰ লগত জলকীয়াৰ ছাটনি পৰিৱেশন কৰা হৈছিল বুলি কৈছে।

যোৰহাটত ছাৰাই এটি কলি দুটি পাতসহ চাহপাত তোলাৰো প্ৰশিক্ষণ লৈছিল।

অসম ভ্ৰমণ কালত তেওঁক তিল পিঠাৰে চাহ পৰিৱেশন কৰা হৈছিল বুলি ছাৰাই প্ৰকাশ কৰিছে। ভিতৰত তিলৰ পূৰ দি বাহিৰৰ খোলাটো চেপেটা কৰি দিয়া চিগাৰৰ আকৃতিৰ পিঠাখন খাই তেওঁ খুব ভাল পাইছে বুলি প্ৰকাশ কৰিছে।

মাজুলীত ছাৰাক পৰম্পৰাগত আপঙেৰে অভ্যৰ্থনা কৰা হৈছিল। তেওঁক আলহী হিচাপে ৰখা গৃহস্থই তেওঁৰ বাবে টোপোলা ভাত (কল পাতেৰে মেৰিয়াই ভাঁপত সিজোৱা) আৰু গাহৰি মাংসৰ কেইপদমান তৰকাৰী প্ৰস্তুত কৰিছিল।

মিছিংসকলৰ ৰন্ধন প্ৰকৰণত যথেষ্ট পৰিমাণে স্থানীয়ভাবে উপলব্ধ মছলাজাতীয় শাক ব্যৱহাৰ কৰা হয় বুলি চাৰাই প্ৰকাশ কৰিছে।

তেওঁ আৰু কৈছে যে বিশ্বৰ বন্ধনবিদ সকলৰ দৰে অসমীয়া স্থানীয় ৰান্ধনিয়ে কম জুই বিলম্বিত ৰন্ধন, জল-নিষ্কাশন আৰু ধোঁৱাত দিয়া আদি কৌশল প্ৰয়োগ কৰে।

কাজিৰঙাৰ এখন স্থানীয় খাদ্য বিপণিত তেওঁক ৩৬ বিধ খাদ্য পৰিৱেশন কৰা হৈছিল। তাৰ ভিতৰত কচুপাতৰ তৰকাৰীখন বিশেষ ভাল লাগিছিল বুলি ছাৰাই প্ৰকাশ কৰিছে। ‘এখন ৰাষ্ট্ৰীয় উদ্যানত থকা কাৰ্বি বৃক্ষঘৰৰ মজিয়াত বহি কোনো কাঁটা-চামুচ নোলোৱাকৈ খোৱাটো তেওঁৰ চিৰদিন মনত থাকিব‘ মিছিকিয়াই হাঁহি ছাৰাই কৈছে। ছাৰাই জিকা-মাছ (জিকাৰে ৰন্ধা মাছ) আৰু কঠাল-গাহৰিৰ (কঠালৰ মুছিৰে গাহৰি মাংস)ৰ খাদ্য তালিকা গোৱাৰ ‘অণ্টাৰেছ‘ আৰু লৱাৰ পাৰেলত অৱস্থিত ‘ৱাইন ৰেক‘লৈ লৈ গৈ এই চহকী পৰম্পৰাটোলৈ সন্মন জনাইছে।