NORTHEAST NOW (Assamese)

ডক্টৰ আভে বাংলৈ উপেন্দ্ৰ নাথ ব্ৰহ্ম মানৱতাৰ সৈনিক বঁটা

November 13, 2021 4:42 pm · এন ই নাও নিউজ, গুৱাহাটী

মহাৰাষ্ট্ৰৰ এগৰাকী সমাজ সেৱক তথা স্বাস্থ্য গৱেষক ডক্টৰ আভে বাঙক প্ৰদান কৰা হয় ১৮ তম উপেন্দ্ৰ নাথ ব্ৰহ্ম মানৱতাৰ সৈনিক বঁটা। বড়ো ভুমি কোকৰাঝাৰ চহৰৰ চান্দামাৰীস্থিত বডোফা সাংস্কৃতিক ভৱনত উপেন্দ্ৰ নাথ ব্ৰহ্ম ট্ৰাষ্ট (ইউ এন বি টি) আৰু নিখিল বড়ো ছাত্র সন্থা(এবছু) যৌথ ভাৱে প্ৰদান কৰা বঁটা গ্ৰহণ কৰে ডক্টৰ তথা সমাজ সেৱক ডঃ আভে বাং।

বি টি আৰ প্ৰধান প্ৰমোদ বড়ো, অসমৰ কেবিনেট মন্ত্ৰী ইউ জি ব্ৰহ্ম, এবছুৰ সভাপতি দ্বীপেন বড়ো, বড়ো সাহিত্য সভাৰ সভাপতি তৰেন বড়ো সহ বি টি আৰ কাৰ্যবাহী সদস্য ডঃ নিলুৎ স্বৰ্গয়াৰী, অধ্যক্ষ কাটিৰাম বড়ো, বিধায়ক লৰেঞ্চ ইছলাৰী উপস্থিত থাকে বঁটা প্ৰদান অনুষ্ঠানত।

বঁটা প্ৰাপ্ত ডঃ আভে বাঙে পত্নী ডঃ ৰাণী বাঙৰ সৈতে অনুষ্ঠানত বঁটা গ্ৰহণ কৰে। এই বঁটাত আছে নগদ এক লাখ টকাৰ লগতে বডোফাৰ স্মাৰক আৰু আৰ’নাই।

বঁটা গ্ৰহণ কৰি আভে বাঙে মন্তব্য কৰে যে বড়ো জনগোষ্ঠীৰ মাজত জন্মলাভ কৰি বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্ম-এ বড়োৰ অস্তিত্ব ৰক্ষাৰ বাবে আন্দোলন গঢ়ি তুলিছিল। বড়ো যুৱক-যুৱতী পঢ়া শুনা কৰি এনে বহি নাথাকি সমস্যাৰে জৰ্জৰিত অঞ্চলত গৈ সমাধান কৰা গৱেষণা কৰিব লাগিব।

স্থানীয় ৰাইজক স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখিবলৈ আহ্বান জনায় ডঃ আভেই। এই বঁটাৰে সন্মানিত কৰাত সন্তুষ্ট প্ৰকাশ কৰে সমাজ সেৱকজনে।

আনহাতে বঁটা প্ৰদান অনুষ্ঠানত মূখ্য অতিথি ৰূপে অংশগ্ৰহণ কৰি বি টি আৰ প্ৰধান প্ৰমোদ বড়োয়ে কাইলৈৰ পৰা আৰম্ভ হবলগীয়া সাহিত্য উৎসৱৰ জড়িয়তে বডোলেণ্ডত শান্তি, একতা আৰু সমন্বয়ৰ বাৰ্তা বিলোৱা হ’ব বুলি মন্তব্য কৰে।

Related News