DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, January 30, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অৰুণাচল

অৰুণাচলৰ ভাৰত-চীন সীমান্তত সন্ধানহীন অসমৰ ১৯ গৰাকী নিৰ্মাণ শ্ৰমিক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 19, 2022 6:10 pm
Assam construction workersmissing
183
VIEWS
Share on FacebookShare on Twitter

অৰুণাচল প্ৰদেশৰ ভাৰত-চীন সীমান্তৰ ওচৰৰ এটা দূৰৱৰ্তী অঞ্চলৰ পৰা অসমৰ প্ৰায় ১৯ গৰাকী নিৰ্মাণ শ্ৰমিক সন্ধানহীন হোৱাৰ খবৰ পোহৰলৈ আহিছে।

প্ৰকাশিত খবৰ অনুসৰি অৰুণাচলৰ কুৰুং কুমে জিলাৰ দামিন চক্ৰৰ এটা সীমান্ত পথ নিৰ্মাণ স্থানৰ পৰা দুসপ্তাহ ধৰি ১৯ জন পথ নিৰ্মাণ কৰ্মী সন্ধানহীন হৈ আছে।

আনহাতে শেহতীয়াকৈ কুমে নদীৰ উপনদী ফুৰাক নদীৰ পৰা উদ্ধাৰ কৰা এটা মৃতদেহ সন্ধানহীন শ্ৰমিকসকলৰ মাজৰে এজন বুলি সন্দেহ কৰা হৈছে।

জিলাখনৰ মুখ্য কাৰ্যালয়ৰ পৰা প্ৰায় ১৭০ কিলোমিটাৰ দূৰত অৱস্থিত হুৰি আৰু ৰূপা ভিলাগছেৰ মাজৰ এই ঘটনাস্থলীলৈ এজন কাৰ্যবাহী দণ্ডাধীশৰ সৈতে আৰক্ষীৰ এটা দলক অনুসন্ধানৰ বাবে প্ৰেৰণ কৰা হৈছে।

লগতে উদ্ধাৰ হোৱা মৃতদেহটোৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰিবলৈ ঘটনাস্থলীলৈ এটা চিকিৎসা দলো প্ৰেৰণ কৰা হৈছে।

সন্ধানহীন আটাইকেইগৰাকী নিৰ্মাণ শ্ৰমিক অৰুণাচল প্ৰদেশৰ কুমি নদীত ডুব যোৱাৰ আশংকা কৰা হৈছে। উল্লেখ্য যে সন্ধানহীন শ্ৰমিক কেইগৰাকী অসমৰ বৰপেটা, বাক্সা আৰু বঙাইগাঁও জিলাৰ বাসিন্দা।

নিৰ্মাণ শ্ৰমিক কেইগৰাকী সন্ধানহীন হৈ থকাৰ পিছত তেওঁলোকৰ কাম পৰিচালনা কৰা ঠিকাদাৰ গৰাকীয়ে ৫ জুলাইত এটা সন্ধানহীন অভিযোগ দাখিল কৰিছিল।

আনহাতে নিৰুদ্দেশ হৈ থকা শ্ৰমিক কেইজনে যোৱা সপ্তাহত ঈদ উদযাপন কৰিবলৈ তেওঁলোকৰ স্বগৃহলৈ অহাৰ বাবে ছুটিৰ আবেদন কৰিছিল।

কিন্তু তেওঁলোকৰ ছুটি অস্বীকাৰ কৰাৰ পিছত অৰুণাচল প্ৰদেশৰ দামিন চক্ৰৰ শ্ৰমিক শিবিৰৰ পৰা পলায়ন কৰাৰ অভিযোগ উত্থাপিত হৈছিল।

নিৰুদ্দিষ্ট শ্ৰমিকসকল অৰুণাচল প্ৰদেশৰ দামিনৰ পৰা হুৰিলৈ বিআৰঅ’ পথ নিৰ্মাণত নিয়োজিত আছিল। অৰুণাচল প্ৰদেশৰ কুৰুং কুমে জিলাৰ উপায়ুক্ত নিঘি বেংগিয়াই জানিবলৈ দিয়া অনুসৰি আৰক্ষীয়ে সম্প্ৰতি বিষয়টোৰ তদন্ত কৰি আছে।

অৱশ্যে এই সন্দৰ্ভত কোনো তথ্য এতিয়ালৈকে উদ্ধাৰ কৰিব পৰা নাই বুলিও তেওঁ লগতে দোহাৰে।

Recent News

Earthquake In Iran

প্ৰবল ভূমিকম্পই কঁপাই তুলিলে ইৰান: নিহত তিনিগৰাকী, আঠ শতাধিক আহত

India won U19 Women's T20 World Cup

স্বৰ্ণিল ইতিহাস! উদ্বোধনী বৰ্ষৰ মহিলাৰ ১৯ অনুৰ্ধ টি-২০ বিশ্বকাপৰ খিতাপ ভাৰতৰ দখলত

Odisha Minister Shot

উৰিষ্যাত চাঞ্চল্যকৰ হত্যাকাণ্ড: আৰক্ষী বিষয়াৰ গুলীত প্ৰাণ হেৰুৱালে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰীয়ে

আমৰণ অনশনত বহিল ফুংছুক ৱাংড়ু

আমৰণ অনশনত বহিল ফুংছুক ৱাংড়ু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd