• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পানী মিহলোৱা ডিজেল; পথৰ মাজতে বিকল হৈ পৰিল বিজেপিৰ মুখ্যমন্ত্ৰীৰ কনভয়ৰ ১৯খন বাহন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 28, 2025 9:44 am
199
VIEWS
Share on FacebookShare on Twitter

মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী মোহন যাদৱে এক অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ গৈ আছিল। হঠাতে ঘটিল বিজুতি। ইখনৰ পিছত সিখন গাড়ী ৰৈ যাবলৈ ধৰিলে। এইদৰে কনভয়ৰ ১৯ খন বাহন পথৰ মাজতে বিকল হৈ পৰে।

শুকুৰবাৰে এই ঘটনাৰ বাবেই এক বৃহৎ কেলেংকাৰীৰ উন্মোচিত হয়। বাহনসমূহত পানী মিহলি ডিজেল ভৰোৱা হৈছিল হোৱা বুলি জানিব পৰা গৈছে। এই ঘটনাক লৈ ক্ষুব্ধ হৈ পৰিছে মুখ্যমন্ত্ৰী। বৃহৎ দুৰ্নীতিৰ অভিযোগত ছীল কৰা হৈছে পেট্ৰ’ল পাম্পটো।

জানিব পৰা মতে, শুকুৰবাৰে পুৱা মধ্যপ্ৰদেশৰ ৰাটলামত অনুষ্ঠিত হোৱা ‘এম পি ৰাইজ ২০২৫’ অনুষ্ঠানলৈ গৈ আছিল মুখ্যমন্ত্ৰীগৰাকী। সেই সময়ত বাটত পেট্ৰ’ল পাম্পৰ পৰা মুখ্যমন্ত্ৰীৰ কনভয়ৰ বাহনত ৩৫০ লিটাৰৰো অধিক ডিজেল ভৰাইছিল। অৱশ্যে কিছু দূৰ যোৱাৰ পিছত বাহনসমূহ নচলা হ’ল।

চালকসকলে কেনেবাকৈ গাড়ীবোৰ ঠেলি নিলে। ঘটনাস্থলীত উপস্থিত হয় প্ৰশাসনিক বিষয়া। ইন্ধন পৰীক্ষা কৰাৰ পিছত সন্দেহৰ সৃষ্টি হয়। যদিও পেট্ৰ’ল পাম্পৰ কৰ্মচাৰীয়ে বিষয়টো অস্বীকাৰ কৰে। পিছত ডিজেলৰ নমুনা সংগ্ৰহ কৰি তাত পানী মিহলি থকাটো ধৰা পৰে।

অভিযোগ পোৱাৰ পিছতে পেট্ৰ’ল পাম্পটো ছীল কৰি দিয়া হয়। বিতং প্ৰতিবেদন দাখিল কৰিব ৰাটলাম কালেক্টৰে। অৱশ্যে মুখ্যমন্ত্ৰীৰ অনুষ্ঠানত এই ঘটনাৰ কোনো প্ৰভাৱ পৰা নাছিল। মুখ্যমন্ত্ৰীৰ বাবে ইন্দোৰৰ পৰা আন এখন বাহনৰ ব্যৱস্থা কৰা হয়। এই ঘটনাৰ পিছতে পেট্ৰ’ল পাম্পত কেইবাজনো ট্ৰাক চালক উপস্থিত হৈ একে অভিযোগ উত্থাপন কৰে।

Recent News

হিন্দু পুৰোহিতৰ বিৰুদ্ধে আশীৰ্বাদৰ চলেৰে মন্দিৰত যৌন নিৰ্যাতনৰ অভিযোগ বিদেশী মডেলৰ!

হিন্দু পুৰোহিতৰ বিৰুদ্ধে আশীৰ্বাদৰ চলেৰে মন্দিৰত যৌন নিৰ্যাতনৰ অভিযোগ বিদেশী মডেলৰ!

আঁচনিভুক্ত মহিলা কৰ্মচাৰীসকলৰ সৈতে চৰকাৰৰ চৰম বঞ্চনা: বিজেপি চৰকাৰৰ নামমাত্র মাননি বৃদ্ধিৰ প্ৰবঞ্চনামূলক ঘোষণাৰ তীব্ৰ গৰিহণা চিপিআই(এম)ৰ

আঁচনিভুক্ত মহিলা কৰ্মচাৰীসকলৰ সৈতে চৰকাৰৰ চৰম বঞ্চনা: বিজেপি চৰকাৰৰ নামমাত্র মাননি বৃদ্ধিৰ প্ৰবঞ্চনামূলক ঘোষণাৰ তীব্ৰ গৰিহণা চিপিআই(এম)ৰ

বন্ধ নহয় উচ্ছেদ অভিযান, অখিল গগৈৰ মতে নচলে উচ্চতম আৰু উচ্চ ন্যায়ালয়! উচ্ছেদ অভিযান সন্দৰ্ভত স্পষ্টিকৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

বন্ধ নহয় উচ্ছেদ অভিযান, অখিল গগৈৰ মতে নচলে উচ্চতম আৰু উচ্চ ন্যায়ালয়! উচ্ছেদ অভিযান সন্দৰ্ভত স্পষ্টিকৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

মাৰ্ঘেৰিটাত বৈধ কয়লা খনিত পুনৰ খননৰ দাবী: আন্তঃৰাষ্ট্ৰীয় মানৱাধিকাৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ

মাৰ্ঘেৰিটাত বৈধ কয়লা খনিত পুনৰ খননৰ দাবী: আন্তঃৰাষ্ট্ৰীয় মানৱাধিকাৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd