NORTHEAST NOW (Assamese)

মাজুলীত গড়কাপ্তানি পথ নিৰ্মাণত ব্যাপক দূৰ্নীতি: ৰাইজে বখলিয়াই পেলালে নিম্ন মানৰ পকী পথ

April 22, 2018 6:39 pm · মিটু খাটনিয়াৰ

দীৰ্ঘ দিন ধৰি জৰাজীৰ্ণ বাট পথৰ দূৰৱস্থাই মাজুলীবাসীক জ্বলা-কলা খুৱাই অহাৰ পিছত শেহতীয়াকৈ বাট-পথ সমূহৰ নিৰ্মাণত জড়িত বিভাগীয় ঠিকাদাৰ সকলে ব্যাপক দূৰ্নীতিত লিপ্ত হোৱাৰ অভিযোগ উঠিছে।

অভিযোগ মতে কাম আৰম্ভ হোৱা পথ সমূহৰ নিৰ্মাণৰ ক্ষেত্ৰত বিভাগীয় ঠিকাদাৰ সকলে প্ৰাক-কলন অনুযায়ী পথসমূহ নিৰ্মাণ নকৰি দূৰ্নীতি আৰু অনিয়মত লিপ্ত হোৱাত নিৰ্মাণৰ পিছতে একাংশ নিৰ্মীয়মান পথ জহি খহি নষ্ট হ’বলৈ ধৰিছে।

মাজুলীৰ গুৱলাবাৰী গড়মূৰ সংযোগী পথটো নিৰ্মাণৰ বেলিকা ব্যাপক দূৰ্নীতি সংঘটিত কৰা অভিযোগ তুলি স্থানীয় ৰাইজে আজি প্ৰায় এক কি মি দৈঘ্যৰ গড়কাপ্তানি পথটো বখলা বখলকৈ এৰুৱাই পেলাই।

উল্লেখযোগ্য যে অতি নিম্ন মাণদণ্ডৰে নিৰ্মাণ কৰা পথটো হাতেৰে দাঙি দিলটে চবকা চবকৈ উঠি আহে ৰাস্তাৰ অংশ সমুহ।

খোদ মুখ্যমন্ত্ৰীৰ সমষ্টিতে বিভাগ আৰু ঠিকাদাৰৰ এনে কাণ্ডত ক্ষোভত ফাটি পৰিছে অঞ্চলবাসী।

এইক্ষেত্ৰত মাজুলী গড়কাপ্তানি বিভাগৰ কাৰ্যবাহী অভিযন্তা আৰু সহকাৰী কাৰ্যবাহী অভিযন্তাৰ প্ৰত্যক্ষ সহযোগতে ঠিকাদাৰে নিজ খেয়াল খুচিমতে নিম্নমানদণ্ডৰ সামগ্ৰীৰে পথসমূহ নিৰ্মাণ কৰা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ।

Related News