মাজুলীৰ ঐতিহাসিক মৃৎ শিল্পৰ থলি শালমৰাৰ কেশৱৰাম বৰা সমন্বয় ক্ষেত্ৰত ২১ আৰু ২২ এপ্ৰিলত দুদিনীয়া কাৰ্যসূচীৰে সদৌ অসম কুমাৰ যুৱ ছাত্ৰ সন্মিলনৰ প্ৰথমখন দ্বি বাৰ্ষিক অধিৱেশনখন অনুষ্ঠিত হয়।
বৃহত্তৰ অসমীয়া জাতিৰ প্ৰাচীনতম ঐতিহ্যৰে চিহ্নিত মৃৎ শিল্প আৰু নৌকা শিল্পকে ধৰি সত্ৰীয়া তথা শংকৰী কলা কৃষ্টিৰে পৰিপূৰ্ণ অসমৰ অন্যতম খিলঞ্জীয়া সম্প্ৰদায় এই কুমাৰ সকল। স্বকীয় শিল্প কৰ্মৰে চহকী মাজুলীৰ কুমাৰ সকল আজি বিভিন্ন সমস্যাৰে ভাড়াক্ৰান্ত। বান আৰু গৰাখহনীয়াই দিশহাৰা কৰি তোলা কুমাৰ সকলৰ জীৱন জীৱিকা বিপন্ন হৈ পৰিছে । বান খহনীয়াৰূপি ব্ৰহ্মপুত্ৰৰ কাল ব্যাধিয়ে ক্ৰমে নি:শেষ কৰি আনিছে শালমৰাৰ ছশ টা পৰিয়ালৰ জীৱন সংস্কৃতি । বানপানী, প্ৰাকৃতিক দুৰ্যোগ, বিধ্বস্ত যাতায়াত-যোগাযোগ, স্বাস্থ্য চিকিৎসা সকলোফালৰ পৰাই শালমৰাবাসী ভাৰাক্ৰান্ত।
ফলত কুমাৰ সকলৰ দুখ-দুৰ্দশা, সমস্যা সকলো দিশ দাঙি ধৰি সম্প্ৰদায়টোক আৰ্থ সামাজিক দিশত আগুৱাই নিয়াৰ উদ্দেশ্যে ২০১৪ চনত গঠন হয় সদৌ অসম কুমাৰ যুৱ ছাত্ৰ সন্মিলন।
শিক্ষাবদ কেশৱৰাম বৰা সমন্বয় ক্ষেত্ৰত দুদিনীয়াকৈ অনুষ্ঠিত এই সদৌ অসম কুমাৰ যুৱ ছাত্ৰ সন্মিলনৰ প্ৰথমখন দ্বি-বাৰ্ষিক অধিৱেশনত মুখ্য পৃষ্ঠপোষক হিচাপে উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল।
অধিৱেশনত উপস্থিত থাকি মুখ্য মন্ত্ৰী গৰাকীয়ে একালৰ বৃহত্তৰ মৌজাটো ক্ষয়িষ্ণু অৱস্থা তথা খহনীয়া প্ৰতিৰোধৰ বাবে ব্ৰহ্মপুত্ৰ ব’ৰ্ডক দায়িত্ব দিয়া হৈছে বুলি মন্তব্য কৰে।
মাজুলীৰ উচ্চ শিক্ষাৰ বাটকটীয়া সিংহপুৰুষ নিবাৰণ বৰা আৰু কেশৱৰাম বৰাৰ স্মৃতি চীৰযুগমীয়া কৰিবৰ বাবে শালমৰাতে দুটা প্ৰতিমূৰ্তি নিৰ্মাণ কৰা হ’ব বুলিও প্ৰতিশ্ৰুতি প্ৰদান কৰে মুখ্যমন্ত্ৰী সোণোৱালে। লগতে উঠি অহা চামে যাতে এই দুজন মহান ব্যক্তিৰ বিষয়ে অধ্যয়ন কৰিবব পাৰে তাৰ ব্যৱস্থা কৰা হ’ব বুলি মুখ্য মন্ত্ৰী গৰাকীয়ে মন্তব্য প্ৰকাশ কৰে।