NORTHEAST NOW (Assamese)

মেঘালয়ত দিব্যাংগসকলৰ মাজত ফটো যুক্ত ব্ৰেইলী ভোটাৰ পৰিচয় পত্ৰ বিতৰণ

April 10, 2019 7:51 am · এন ই নাও নিউজ
Updated: April 10, 2019 10:07 am
মেঘালয়ত দিবাংগ সকলৰ বাবে ব্ৰেইলী ভোটাৰ পৰিচয় পত্ৰ উদ্বোধন কৰা সময়ত

লোকসভা নিৰ্বাচনক দিব্যাংগ ভোটাৰ সকলৰ প্ৰতি লক্ষ্য ৰাখি মঙলবাৰে শ্বিলঙত প্ৰথমবাৰৰ বাবে দিব্যাংগ সকলৰ মাজত ফটো যুক্ত ব্ৰেইলী ভোটাৰ পৰিচয় পত্ৰ বিতৰণ কৰা হয়। মঙলবাৰে শ্বিলঙত অনুষ্ঠিত এটা অনুষ্ঠানত পদ্মশ্ৰী বেৰ্থা জি খাৰে দিব্যাংগ সকলৰ মাজত  বিশেষ ব্ৰেইলী ভোটাৰ পৰিচয় পত্ৰ বিতৰণ কাৰ্য্যসূচীৰ শুভাৰম্ভ কৰে।

আনহাতে, নিৰ্বাচনী আয়োগে ৰাজ্যসমূহ ৰ প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰত দিব্যাংগসকলৰ বাবে বিশেষ ব্ৰেইলী বেলত পেপাৰৰ ব্যৱস্থা কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছিল। মেঘালয় নিৰ্বাচনী আয়োগে আয়োজন কৰা ‘গ’ ভোট শ্বিলং টকছ’ নামৰ এটা অনু্ষ্ঠানত দিব্যাংগসকলৰ বাবে কৰা বিশেষ ভোটাৰ পৰিচয় পত্ৰসমূহ মুকলি কৰে।

উল্লেখযোগ্য যে, মেঘালয়ত ৮০০ গৰাকী দৃষ্টিশক্তিহীন ভোটাৰকে সামৰি মুঠ ৪৬৮৬ গৰাকী দিব্যাংগ ভোটাৰ আছে যিসকলে লোকসভা নিৰ্বাচনত ভোটদান কৰিব। মেঘালয়ৰ দুটা সমষ্টি হ’ল-শ্বিলং আৰু টুৰা লোকসভা সমষ্টি। শ্বিলং লোকসভা সমষ্টিত ২০৫৮ টা ভোটগ্ৰহণ কেন্দ্ৰ থকাৰ বিপৰীতে টুৰা লোকসভা সমষ্টিত ১১১৪ টা ভোটগ্ৰহণ কেন্দ্ৰ আছে।

Related News