বিজেপিয়ে ইয়াৰ নিৰ্বাচনী ইস্তাহাৰত হিন্দু বাংলাদেশীক নাগৰিকত্ব দিবলৈ নাগৰিকত্ব সংশোধনী বিধেয়ক আনিবই বুলি সংকল্প প্ৰকাশ কৰাৰ পিছত অসমত দলটোৱে ব্যাপক হাৰত ভোটাৰ হেৰুৱাব ধৰিছে।
প্ৰথম পৰ্য্যায়ৰ ভোটগ্ৰহণলৈ মাজত মাত্ৰ কেইঘণ্টামান থকা অৱস্থাত যোৰহাট লোকসভা সমষ্টিত বিজেপিৰ নাগৰিকত্ব সংশোধনী বিধেয়ক অনাৰ সিদ্ধান্তৰ বিৰোধিতা কৰি অগপ-বিজেপিৰ প্ৰায় ৫০০ নেতা-কৰ্মীয়ে কংগ্ৰেছত যোগাদান কৰিছে।
কংগ্ৰেছৰ এটা সূত্ৰই কয় যে এই নেতা-কৰ্মীসকল জাতীয়তাবাদী মনোভাবৰ বাবে আৰু বিজেপিয়ে ইস্তাহাৰত পুনৰ শাসনলৈ আহিলে পুনৰ নাগৰিকত্ব সংশোধনী বিধেয়ক অনা হ’ব বুলি প্ৰকাশ কৰাৰ পিছতে দলটো আৰু ইয়াৰ মিত্ৰ অগপক ত্যাগ কৰিবলৈ সিদ্ধান্ত কৰে।
নিৰ্বাচনৰ প্ৰাতমুহূৰ্তত ঘটা এই ঘটনাই যোৰাহাট সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী তপন গগৈক যথেষ্ট ক্ষতি কৰিব বুলি অনুমান কৰা হৈছে।
তৰাজান ১ নং সোণাৰি গাঁও, লিচুবাৰী আৰু দ-গাঁৱৰ বহুকেইজন মধ্যমীয়া স্তৰৰ নেতা আৰু কৰ্মীয়ে বিজেপিৰ পৰা কংগ্ৰেছত যোগাদান কৰাৰ বিপৰীতে টীয়ক বিধানসভা সমষ্টিৰ বামুণপুখুৰী আৰু বলমাত মঙলবাৰে বিজেপি দলৰ মুঠ ৭০জন নেতা-কৰ্মীয়ে কংগ্ৰেছ দলত যোগদান কৰে।
আনহাতে টীয়কৰ বামুণপুখুৰীত অনুষ্ঠিত এখন নিৰ্বাচন সভাত প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈৰ উপস্থিতিত কাকজান চাহ বাগিচাৰ ৫০জন বিজেপি কৰ্মীয়ে কংগ্ৰেছত যোগদান কৰে বুলি সূত্ৰটোৱে কয়।
ইপিনে সমষ্টিটোৰ বলমাত কংগ্ৰেছৰ নেত্ৰী পল্লৱী শইকীয়া গগৈৰ উপস্থিতিত বলমা পঞ্চায়তৰ ২০জন অগপ আৰু বিজেপি নেতা-কৰ্মীয়ে কংগ্ৰেছ দলত যোগদান কৰে। ইয়াৰ এদিন পূৰ্বে ৰাজৈত বিজেপি আৰু অগপৰ প্ৰায় ৪০জন নেতা-কৰ্মীয়ে কংগ্ৰেছত যোগদান কৰে।
এইদৰে টীয়ক বিধানসভা সমষ্টিৰ অন্তৰ্গত বিভিন্ন স্থানত বিজেপি আৰু অগপ দলৰ প্ৰায় ৫০০নেতা-কৰ্মীয়ে কংগ্ৰেছ দলত যোগদান কৰিছে বুলি দলটোৰ সূত্ৰই কয়।