DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 4, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অবৈধ অনুপ্ৰৱেশকাৰীৰ বাবে মহাৰাষ্ট্ৰৰ নেৰুলত নিৰ্মাণ হ’ব ৰাজ্যখনৰ প্ৰথমটো ডিটেনশ্যন চেন্টাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
September 13, 2019 10:35 am
101190548805667428801535044924n

মহাৰাষ্ট্ৰৰ নৱী মুম্বাইৰ নেৰুল। ফটো : ইন্টাৰনেটৰ সৌজন্যত

6.1k
VIEWS
Share on FacebookShare on Twitter

প্ৰতিখন ৰাজ্যৰে প্ৰধান মহানগৰসমূহত ডিটেনশ্যন চেন্টাৰ স্থাপন কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে যোৱা জুলাই মাহত নিৰ্দেশ দিছিল।

মহাৰাষ্ট্ৰ চৰকাৰে এই নিৰ্দেশনাৰ ভিত্তিত অবৈধ অনুপ্ৰৱেশকাৰীৰ বাবে ৰাজ্যখনৰ প্ৰথমটো ডিটেনশ্যন চেন্টাৰৰ বাবে নৱী মুম্বাইত এটুকুৰা স্থান বিচাৰিছে।

গৃহ বিভাগে অলপতে নৱী মুম্বাইৰ পৰিকল্পনা কৰ্তৃপক্ষ CIDCO লৈ ডিটেনশ্যন চেন্টাৰৰ বাবে নেৰুলত ৩ একৰ মাটি বিচাৰি পত্ৰ দিছে।

শেহতীয়াকৈ অসমত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ (এন আৰ চি) চূড়ান্ত তালিকা প্ৰকাশৰ পাছতে এই সিদ্ধান্তৰ কথা পোহৰলৈ আহিছে।

অসমৰ এন আৰ চিৰ চূড়ান্ত তালিকাৰ পৰা প্ৰায় ১৯ লাখ লোকৰ নাম বাদ পৰিছে।

এন আৰ চিৰ পৰা বাদ পৰা সকলে বিদেশী ন্যায়াধীকৰণত আবেদন কৰাৰ বাবে ১২০ দিনৰ সময় পাব আৰু ব্যৰ্থ হোৱাসকলক ডিটেনশ্যন চেন্টাৰলৈ প্ৰেৰণ কৰা কৰাৰ আশংকা কৰা হৈছে।

মহাৰাষ্ট্ৰ চৰকাৰৰ গৃহ বিভাগৰ সূত্ৰই নেৰুলৰ প্ৰস্তাৱিত ডিটেনশ্যন চেন্টাৰৰ প্ৰকৃত স্থান টুকুৰাৰ বিষয়ে প্ৰকাশ কৰিবলৈ অস্বীকাৰ কৰিছে।

তেওঁলোকে কয় যে সেই স্থান ডোখৰ কিছুদিন আগলৈকে এটা বেচৰকাৰী সংস্থাই ব্যৱহাৰ কৰিছিল আৰু তাত এটা গাঁথনি আছে।

ৰাজ্যৰ গৃহ বিভাগৰ প্ৰধান সচিব (বিশেষ) অমিতাভ গুপ্তাই সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে কেন্দ্ৰীয় চৰকাৰে যোৱা জুলাই মাহতে ৰাজ্য চৰকাৰসমূহক নিৰ্দেশনা দিয়াৰ পাছতে ডিটেনশ্যন চেন্টাৰৰ বাবে মাটি বিচৰাৰ কাম আৰম্ভ কৰা হৈছিল।

কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰা ‘২০১৯ মডেল ডিটেনশ্যন মেনুৱেল’ অনুসৰি প্ৰধান অনুপ্ৰৱেশ পৰীক্ষণ চকী থকা প্ৰতিখন মহানগৰ বা জিলাত এটা ডিটেনশ্যন চেন্টাৰ থাকিবই লাগিব।

২০১৯’ৰ সাধাৰণ নিৰ্বাচনৰ সময়ত তদানীত্বন বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি তথা বৰ্তমানৰ কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে  গোটেই দেশতে এন আৰ চি ৰূপায়ন কৰাৰ প্ৰতিশ্ৰুতি দিছিল।

সেই একে প্ৰতিশ্ৰুতি বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰতো অন্তৰ্ভুক্ত হৈছিল।

মহাৰাষ্ট্ৰত এন আৰ চিৰ সপক্ষে শাসনাধীষ্ঠ বিজেপিৰ লগতে ইয়াৰ মিত্ৰ দল শিৱসেনাও আছে।

অলপতে, শিৱসেনাৰ সাংসদ তথা গুৰু উদ্যোগ বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী অৰবিন্দ সাৱন্তে মুম্বাইত এন আৰ চি ৰূপায়নৰ দাবী তুলিছিল।

ৰাজ্যৰ গৃহ বিভাগে অনুপ্ৰৱেশকাৰীৰ নিৰ্দ্দিষ্ট সংখ্যা প্ৰকাশ কৰিবলৈ অস্বীকাৰ কৰিলেও এগৰাকী বিষয়াই কয় যে মুম্বাইত বৃহৎ সংখ্যক অবৈধ অনুপ্ৰৱেশকাৰী, বিশেষকৈ বাংলাদেশী নাগৰিক আছে।

তেওঁ জানিবলৈ দিয়ে যে তেওঁলোকক বিতাড়িত কৰিবলৈ সময়ৰ প্ৰয়োজন হ’ব, গতিকেই ডিটেনশ্যন চেন্টাৰৰ প্ৰয়োজন। বৰ্তমান এই অবৈধ অনুপ্ৰৱেশকাৰীক  আটক কৰি জেইলত ৰখা হৈছে।

সূত্ৰসমূহে জানিবলৈ দিয়ে যে নৱী মুম্বাইত হ’বলগীয়া ডিটেনশ্যন চেন্টাৰটো জেইলৰ দৰে নহ’ব, ইয়াত থাকিবলগীয়া লোকসকলে সকলো সুবিধাই লাভ কৰিব।

‘২০১৯ মডেল ডিটেনশ্যন মেনুৱেল’ অনুসৰি আটকাধীন পৰিয়ালৰ সদস্য এজনৰ পৰা আনজনক পৃথক কৰি ৰখা নহ’ব আৰু প্ৰতিটো চেন্টাৰতে এটা শিশুগৃহ (acrèche)থাকিব লাগিব।

Recent News

Flood in Assam

ধাৰ লৈ বান ক্ষতিগ্রস্তক ক্ষতিপূৰণ দিবলৈ বিচৰা বিজেপিয়ে এতিয়া মিছাৰ আশ্রয় লৈছে: আঞ্চলিক গণ মৰ্চা

Jasprit Bumrah

বুমৰাহৰ আন এক অভিলেখ: অতিক্ৰম কৰিলে ভুৱনেশ্বৰ কুমাৰ, জাহিৰ খানক

Femina Miss India World 2022

কৰ্ণাটকৰ চিনি চেট্টীৰ শিৰত মিছ ইণ্ডিয়া ৱৰ্ল্ড ২০২২ খিতাপ

Lashkar Terrorist

সৰিয়হৰ ডুলিত ভূত! জম্মু-কাশ্মীৰত আটক কৰা লস্কৰ-ই-তৈবা সন্ত্ৰাসবাদী ওলাল বিজেপিৰ আই টি চেলৰ মুৰব্বী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd