মুম্বাইত জব্দ ১,২০০ কোটি টকা মূল্যৰ ড্ৰাগছ: গ্ৰেপ্তাৰ দুই আফগান নাগৰিকক

Drugs seized in delhi

ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত মঙলবাৰে উদ্ধাৰ কৰা হৈছে বৃহৎ পৰিমাণৰ ড্ৰাগছ। দিল্লী আৰক্ষীয়ে গোপন সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ আধাৰত এক অভিযান চলাই ৩১২.৫ কিলোগ্ৰাম নিষিদ্ধ মেথাম্ফেটামিনৰ লগতে ১০ কিলোগ্ৰাম হেৰোইন জব্দ কৰে।

জব্দকৃত এই বৃহৎ পৰিমাণৰ ড্ৰাগছখিনিৰ আন্ত:ৰাষ্ট্ৰীয় বজাৰ মূল্য প্ৰায় ১,২০০ কোটি টকা হ’ব বুলি আৰক্ষীয়ে জানিবলৈ দিছে। এই সন্দৰ্ভত দুজন আফগান নাগৰিকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

অভিযুক্ত দুই আফগানক নতুন দিল্লীৰ কালিন্দী কুঞ্জ মেট্ৰ’ ষ্টেচনৰ ওচৰৰ মিঠাপুৰ ৰোডৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰ কৰা ব্যক্তিকেইজনক ক্ৰমে মুস্তাফা স্তানিকজা (২৩) আৰু ৰহিমুল্লাহ ৰহিম (৪৪) বুলি চিনাক্ত কৰা হৈছে।

দুইগৰাকী ব্যক্তি ২০১৬ চনৰ পৰা ভাৰতত বাস কৰি আছে। আৰক্ষীয়ে জানিবলৈ দিয়া মতে বৃহৎ পৰিমাণৰ ড্ৰাগছ সাগৰীয় পথেৰে আমদানিৰ তথ্য দিল্লী আৰক্ষীয়ে লাভ কৰিছিল। তাৰ পিছতেই তেওঁলোকে অনুসন্ধান আৰম্ভ কৰিছিল।

এই অভিযানতেই এই বৃহৎ পৰিমাণৰ ড্ৰাগছখিনি ধৰা পেলোৱাৰ লগতে আফগান নাগৰিক দুগৰাকীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় বুলি আৰক্ষীয়ে লগতে সদৰী কৰে।

উল্লেখ্য যে দেশত শেহতীয়াকৈ ড্ৰাগস সৰবৰাহৰ ঘটনা ধাৰাবাহিকভাৱে পোহৰলৈ আহিছে। যোৱা মাহত মুম্বাই আৰক্ষীয়ে প্ৰায় ৭০০ কিলোগ্ৰাম নিষিদ্ধ মেফেড্ৰোন জব্দ কৰিছিল, যাৰ বজাৰ মূল্য আছিল প্ৰায় ১৪০০ কোটি টকা।

আনহাতে শেহতীয়া কিছুদিনৰ ভিতৰত গুজৰাট দেশৰ ভিতৰত ‘ড্ৰাগছৰ প্ৰৱেশদ্বাৰ’ হৈ পৰিছে। প্ৰধানমন্ত্ৰী মোদীৰ ঘনিষ্ঠ পুঁজিপতি আদানিৰ মালিকানাধীন ভাৰতৰ সৰ্ববৃহৎ বাণিজ্যিক বন্দৰ মুন্দ্ৰা বন্দৰত কেইবাবাৰো উদ্ধাৰ হৈছে বৃহৎ পৰিমাণৰ ড্ৰাগছ।