• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কঙ্গোত ৰাষ্ট্ৰসংঘৰ শান্তি ৰক্ষা অভিযানত ভাগ লোৱা দুই বি এছ এফ জোৱানৰ মৃত্যু

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 27, 2022 2:15 pm
2 BSF personnel on killed in Congo
202
VIEWS
Share on FacebookShare on Twitter

আফ্ৰিকান ৰাষ্ট্ৰ কঙ্গোত ৰাষ্ট্ৰসংঘৰ শান্তি ৰক্ষা অভিযানৰ অংশ হৈ থকা সীমান্ত সুৰক্ষা বাহিনীৰ দুজন জোৱান মঙলবাৰে হিংসাত্মক প্ৰতিবাদৰ সময়ত নিহত হয়। সীমান্ত সুৰক্ষা বাহিনীয়ে এক বিবৃতি যোগে এই কথা সদৰি কৰিছে।

ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে দুয়োগৰাকী বীৰ জোৱানৰ মৃত্যুত শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে।

এনে আক্ৰমণত জড়িত অপৰাধীসকলক জবাবদিহি কৰি নিহত সেনা কেইগৰাকীক ন্যায় প্ৰদান কৰিবলৈ তেওঁ লগতে দাবী জনায়।

নিহত দুয়ো জোৱান ডিআৰ কঙ্গোত ৰাষ্ট্ৰসংঘৰ ‘ইউনাইটেড নেচনচ্ অৰগেনাইজেশ্যন ষ্টেবিলাইজেশ্যন মিচন ইন দ্য ডেমক্ৰেটিক ৰিপাব্লিক অৱ দ্য কঙ্গো’, চমুকৈ MONUSCO ৰ অংশ আছিল।

সীমান্ত সুৰক্ষা বাহিনীৰ (বিএছএফ) এজন মুখপাত্ৰই জানিবলৈ দিয়া অনুসৰি মৃত দুয়োজন বীৰ সৈনিক সেনা বাহিনীটোৰ হেড কনিষ্টবল পদবীত কৰ্মৰত আছিল।

নিহত সৈনিক দুগৰাকীক শিশুপাল আৰু এছ আৰ বিষ্ণৈ বুলি চিনাক্ত কৰা হৈছে। দুয়োগৰাকী জোৱান ৰাজস্থানৰ বাসিন্দা আছিল বুলি তেওঁ লগতে জানিবলৈ দিয়ে।

বিএছএফ- ৰ বিষয়া সকলে সদৰি কৰা তথ্য অনুসৰি কঙ্গোৰ সংঘৰ্ষজৰ্জৰ অঞ্চলটোত দুটা প্লাটুন মোতায়েন কৰা হৈছিল। চলিত বৰ্ষৰ মে’ মাহত এই প্লাটুন দুটা ৰাষ্ট্ৰসংঘৰ শান্তি ৰক্ষা অভিযানত অন্তৰ্ভুক্ত কৰা হৈছিল।

ইফালে আন্তৰ্জাতিক সংবাদ মাধ্যমত প্ৰকাশিত খবৰ মতে ৰাষ্ট্ৰসংঘৰ মিছনৰ বিৰুদ্ধে কঙ্গোৰ পূব চহৰ গোমাত দ্বিতীয় দিনা হোৱা প্ৰতিবাদত কমেও পাঁচজন লোক নিহত আৰু প্ৰায় ৫০ জন লোক আহত হয়।

Recent News

অলপ বেছি বয়সত বিবাহ সুখী জীৱনৰ চাবিকাঠি; কৈছে বিশেষজ্ঞসকলে

অলপ বেছি বয়সত বিবাহ সুখী জীৱনৰ চাবিকাঠি; কৈছে বিশেষজ্ঞসকলে

মানসিক স্বাস্থ্যৰ অৱনতিৰ সৈতে জড়িত ভিটামিনৰ অভাৱ! কি কয় বিশেষজ্ঞই?

মানসিক স্বাস্থ্যৰ অৱনতিৰ সৈতে জড়িত ভিটামিনৰ অভাৱ! কি কয় বিশেষজ্ঞই?

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd