NORTHEAST NOW (Assamese)

মিজোৰাম আৰু আছাম ৰাইফলছৰ অভিযানত ১৭ কোটি টকাৰ ড্ৰাগছ জব্দ

September 28, 2018 3:44 pm · ছাংজুৱালা মাৰ

মিজোৰাম আৰক্ষী আৰু আছাম ৰাইফলছৰ দ্বাৰা ২৭ ছেপ্টেম্বৰ বৃহস্পতিবাৰে চলোৱা এটা যুটীয়া ড্ৰাগছ বিৰোধী অভিযানত ৮ লাখতকৈও অধিক ক্ৰিষ্টেল মেথাফেটামাইন টেবলেট জব্দ কৰিছে। এই টেবলেটকসমূহৰ সৈতে দুজন ম্যানমাৰৰ নাগৰিককো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। লগতে তেওঁলোকে ব্যৱহাৰ কৰা দুখন গাড়ীও জব্দ কৰিছে।

জব্দ কৰা ড্ৰাগখিনিৰ মূল্য আনুমানিক ১৭ কোটি টকা হ’ব।

আৰক্ষীৰ সূত্ৰত প্ৰকাশ যে ধৃত লোককেইজনক জেৰাৰ বাবে ইতিমধ্যে আৰক্ষীৰ জিম্মালৈ লৈ যোৱা হৈছে।

উল্লেখ্য যে এই ড্ৰাগবিধক পাৰ্টি ড্ৰাগ আৰু ক্ৰিষ্টেল মেথ বুলিও জনা যায়। স্থানীয় বজাৰত এটা টেবলেটৰ মূল্য প্ৰায় ১৮৪.৫০ টকা।

সূত্ৰৰ পৰা জানিব পৰা মতে এই ড্ৰাগখিনি ম্যানমাৰৰ পৰা চোৰাংভাৱে সৰবৰাহ কৰা হৈছিল।

কৰ্তৃপক্ষই জনাইছে যে এই ‘ক্ৰিষ্টেল মেথ’খিনি মিজোৰামত এই পৰ্যন্ত ধৰা পৰা আটাইতকৈ অধিক পৰিমাণৰ ড্ৰাগ।

উল্লেখ্য যে চলিত বৰ্ষৰ ৬ এপ্ৰিলত মিজোৰাম আৰক্ষীয়ে অসম-মিজোৰাম সীমান্তত ৭৩,৮০০টা ক্ৰিষ্টেল মেথ টেবলেট জব্দ কৰিছিল। ঘটনা সন্দৰ্ভত মিজোৰাম আৰক্ষী ৩জন মণিপুৰী লোকক গ্ৰেপ্তাৰ কৰিছিল।

Related News