• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

উপহাৰ হৈ পৰিল মৃত্যুদূত! বিবাহত উপহাৰ ৰূপে লাভ কৰা মিউজিক চিষ্টেমৰ বিস্ফোৰণত নিহত নৱবিবাহিত যুৱক

জেষ্ঠ ভাতৃৰো প্ৰাণহানি, আহত পৰিয়ালৰ আন চাৰি সদস্য

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 4, 2023 9:20 pm
Home Theatre Music System Explodes
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিবাহত নৱবিবাহিত যুৱক-যুৱতীক উপহাৰ প্ৰদান কৰাটো এক পৰম্পৰাগত দৃশ্য। পিছে শুভাকাংক্ষীৰ পৰা লাভ কৰা এনে উপহাৰ যে মৃত্যুদূত স্বৰূপ হৈ পৰিব পাৰে, সেয়া জানো কল্পনা কৰিব পাৰি! পিছে এই অভাৱনীয় ঘটনাই সংঘটিত হৈছে ছত্তীশগড়ত।

ৰাজ্যখনৰ কবীৰ্ধম জিলাত এগৰাকী যুৱকে বিবাহত উপহাৰ হিচাপে লাভ কৰা হোম থিয়েটাৰ মিউজিক চিষ্টেম বিস্ফোৰণ ঘটাৰ ফলস্বৰূপে নৱবিবাহিত যুৱকগৰাকীৰ লগতে তেওঁৰ জ্যেষ্ঠ ভাতৃৰো মৃত্যু ঘটিছে।

Apply Now

এই শোকাৱহ ঘটনাত লগতে পৰিয়ালটোৰ আন চাৰিগৰাকী ব্যক্তি আহতো হৈছে। সোমবাৰে সংঘটিত হৈছে এই শোকাৱহ ঘটনা। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে জানিবলৈ দিয়া মতে, বিস্ফোৰণৰ সঠিক কাৰণ এতিয়াও জানিব পৰা হোৱা নাই।

বিস্ফোৰণৰ প্ৰভাৱত হোম থিয়েটাৰ মিউজিক চিষ্টেমটো ৰখা কোঠাটোৰ দেৱাল আৰু চাল ভাঙি যায় বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। আনহাতে ঘটনাত নিহত দুৰ্ভগীয়া নৱবিবাহিত যুৱকগৰাকীৰ নাম হেমেন্দ্ৰ মেৰাৱী বুলি জানিব পৰা গৈছে।

প্ৰকাশিত খবৰ অনুসৰি, ২২ বৰ্ষীয় হেমেন্দ্ৰ মেৰাৱীয়ে ১ এপ্ৰিলত বিবাহপাশত আবদ্ধ হৈছিল। সোমবাৰে তেওঁ আৰু পৰিয়ালৰ আন সদস্যসকলে তেওঁৰ ঘৰৰ এটা কোঠাৰ ভিতৰত বিয়াৰ উপহাৰ খুলিছিল।

মেৰাৱীয়ে ইলেক্ট্ৰিক বৰ্ডৰ সৈতে তাঁৰ সংযোগ কৰাৰ পিছত হোম থিয়েটাৰ চিষ্টেমটো অন কৰাৰ লগে লগে এক বৃহৎ বিস্ফোৰণ ঘটে আৰু এই বিস্ফোৰণত মেৰাৱীৰ থিতাতে মৃত্যু হয়।

বিস্ফোৰণত তেওঁৰ ভাতৃ ৰাজকুমাৰ (৩০) আৰু ডেৰ বছৰীয়া এটি শিশুকে ধৰি আন চাৰিগৰাকী লোক আহত হোৱাৰ পিছত তেওঁলোকক কাৱৰাধাৰ জিলা চিকিৎসালয়লৈ লৈ যোৱা হয়।

কিন্তু পৰিয়ালটোলৈ আন এক বিভিষীকা নমাই আনি চিকিৎসাৰ সময়তে মৃত্যু হয় মেৰাৱীৰ ভাতৃৰ। আনহাতে আহত আনকেইগৰাকী লোক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে বুলি স্থানীয় আৰক্ষী বিষয়া এগৰাকীয়ে জানিবলৈ দিয়ে।

ইফালে খবৰ লাভ কৰাৰ পিছতে ফৰেনছিক বিশেষজ্ঞৰ সৈতে আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হয়। কোঠাটো পৰিদৰ্শনৰ সময়ত বিস্ফোৰণ ঘটিব পৰা আন কোনো দ্ৰব্যৰ প্ৰমাণ পোৱা নগ’ল বুলি আৰক্ষী বিষয়াগৰাকীয়ে লগতে কয়।

বিস্ফোৰণৰ সঠিক কাৰণ এতিয়াও জানিব পৰা হোৱা নাই বুলি উল্লেখ কৰি তেওঁ লগতে তদন্তৰ পিছতহে এই সন্দৰ্ভত নিশ্চিত হ’ব পৰা যাব বুলি মন্তব্য কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিট প্ৰতিবাদকাৰীৰ বিৰুদ্ধে ৰুজু হোৱা সকলো গোচৰ প্ৰত্যাহাৰৰ সিদ্ধান্ত অসম চৰকাৰৰ

নিট প্ৰতিবাদকাৰীৰ বিৰুদ্ধে ৰুজু হোৱা সকলো গোচৰ প্ৰত্যাহাৰৰ সিদ্ধান্ত অসম চৰকাৰৰ

July 28, 2026 9:59 am
বানৰ বিভীষিকাৰ মাজত কেনেদৰে সুৰক্ষিত ৰাখিব নিজকে আৰু পৰিয়ালক?

বানৰ বিভীষিকাৰ মাজত কেনেদৰে সুৰক্ষিত ৰাখিব নিজকে আৰু পৰিয়ালক?

July 28, 2026 8:04 am
প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

July 27, 2026 8:50 pm
চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

July 27, 2026 8:23 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিট প্ৰতিবাদকাৰীৰ বিৰুদ্ধে ৰুজু হোৱা সকলো গোচৰ প্ৰত্যাহাৰৰ সিদ্ধান্ত অসম চৰকাৰৰ

নিট প্ৰতিবাদকাৰীৰ বিৰুদ্ধে ৰুজু হোৱা সকলো গোচৰ প্ৰত্যাহাৰৰ সিদ্ধান্ত অসম চৰকাৰৰ

July 28, 2026 9:59 am
বানৰ বিভীষিকাৰ মাজত কেনেদৰে সুৰক্ষিত ৰাখিব নিজকে আৰু পৰিয়ালক?

বানৰ বিভীষিকাৰ মাজত কেনেদৰে সুৰক্ষিত ৰাখিব নিজকে আৰু পৰিয়ালক?

July 28, 2026 8:04 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd