চিকিৎসালয় চৌহদত অক্সিজেন চিলিণ্ডাৰৰ বিস্ফোৰণ: প্ৰাণ হেৰুৱালে দুগৰাকীয়ে

oxygen cylinder explodes in hospital

উত্তৰ প্ৰদেশৰ চান্দৌলি জিলাত আজি এখন ব্যক্তিগত চিকিৎসালয়ৰ চৌহদত হোৱা ভয়ংকৰ চিলিণ্ডাৰ বিস্ফোৰণত দুগৰাকী লোকৰ মৃত্যু হয়। বিস্ফোৰণৰ ফলত চিকিৎসালয় আৰু কাষৰীয়া বাসগৃহতো বিস্তৰ ক্ষতিসাধন হয়।

বিস্ফোৰণ এনে ভয়াৱহ হৈ পৰে যে মৃত লোক দুগৰাকীৰ দেহ ছিন্নভিন্ন হৈ পৰে। ঘটনাৰ কিছু সময় পিছতে জিলাখনৰ আৰক্ষী অধীক্ষক তথা মোগলচৰাইৰ বিধায়ক ঘটনাস্থলীত উপস্থিত হয়।

আৰক্ষীয়ে মৃতদেহ দুটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। ঘটনাস্থলীত থকা ছিকিউৰিটি কেমেৰাৰ ফুটেজৰ ভিত্তিত তদন্ত চলি আছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

আৰক্ষীয়ে সদৰী কৰা মতে, মোগলচৰাই চহৰৰ ৰবি নগৰ অঞ্চলৰ দয়াল হাস্পতালৰ বাহিৰত পুৱা ৯ বজাৰ পৰা ৯:৩০ বজাৰ ভিতৰত এই বিস্ফোৰণ সংঘটিত হৈছিল। চিকিৎসালয়ৰ বাহিৰত ৰখাই থোৱা এখন ট্ৰাকৰ পৰা অক্সিজেন চিলিণ্ডাৰ নমাই অনাৰ সময়তে বিস্ফোৰণ ঘটিছিল।

বিস্ফোৰণৰ খবৰ লাভ কৰাৰ পাছতে অগ্নিনিৰ্বাপক বাহিনী আৰু আৰক্ষীৰ দল তাৎক্ষণিকভাৱে উপস্থিত হয়। আৰক্ষী অধীক্ষক অংকুৰ আগৰৱালাই ঘটনাস্থলী পৰিদৰ্শন কৰি ফৰেনছিক দলক মাতি আনে।

আৰক্ষী বিষয়াগৰাকীয়ে সদৰী কৰা মতে, মৃত্যু হোৱা দুয়োগৰাকী লোকে অক্সিজেন চিলিণ্ডাৰ যোগান ধৰা কোম্পানীটোত কাম কৰিছিল। আৰক্ষীয়ে বিস্ফোৰণৰ কাৰণ উদ্ধাৰৰ বাবে অক্সিজেন চিলিণ্ডাৰৰ ৰিফিলিং আৰু পেকিং সঠিকভাৱে কৰা হৈছিল নে, সেই বিষয়ে তদন্ত অব্যাহত ৰাখিছে।