• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চৰকাৰৰ সন্মতি নোপোৱাকৈয়ে জোৰদাৰ প্ৰচাৰ চলিছে কোটি টকীয়া “ব্ৰহ্মপুত্ৰ পুষ্কৰমৰ”; ভক্তই বিচাৰিছে পঞ্চতাৰকা হোটেল

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
September 7, 2019 10:47 pm
Pushkaram

প্ৰতিনিধিত্বমূলক ছবি।

8
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চৰকাৰে এতিয়ালৈকে সন্মতি দিয়া নাই যদিও অসমত থকা বহিৰাগত এশ্ৰেণী লোকৰ দ্বাৰা পূৰ্ণ্যোদ্যমে চলিছে অসমত অচিনাকি পুষ্কৰম উৎসৱ আয়োজনৰ প্ৰস্তুতি।

আজি এখন সংবাদমেল পাতি “ব্ৰহ্মপুত্ৰ পুষ্কৰম আৰু সাংস্কৃতিক মহোৎসৱ, ২০১৯” নামৰ আচহুৱা উৎসৱটোৰ কাৰ্য্যসূচী ঘোষণা কৰে আয়োজকে।

Apply Now

কোটি টকীয়া আধ্যাত্মিক উৎসৱটো ব্ৰহ্মপুত্ৰৰ ওপৰত ১২ দিন ধৰি অনুষ্ঠিত হ’ব আৰু দক্ষিণ ভাৰতৰ প্ৰায় ২ লাখ ভক্ত-সন্ন্যাসী আহিব, আজি প্ৰেছ ক্লাবত দিয়া সংবাদমেলত আয়োজকে জনালে।

২ লাখ ভক্ত-সন্ন্যাসীয়ে নদীখন গংগাৰ দৰেই প্ৰদূষিত কৰি তোলাৰ সংশয়ৰ মাজতে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত আয়োজকে কয় যে ভক্তসকলে গুৱাহাটীত থাকিবলৈ থ্ৰী ষ্টাৰ বা ফাইভ ষ্টাৰ হোটেল দাবী কৰিছে।

আয়োজকে কয়, “তেওঁলোকৰ বেছিভাগেই আমাক ফোন কৰি থ্ৰী ষ্টাৰ হোটেল, ফাইভ ষ্টাৰ হোটেল আছে নে সুধিছে। তেওঁলোকক কেৱল গুৱাহাটীতেই নহয় চেৰাপুঞ্জী, পৰশুৰাম কুণ্ড, কাজিৰঙা আৰু অৰুণাচলৰ জিৰ’তো ৰখাৰ ব্যৱস্থা কৰা হৈছে।”

আয়োজক সমিতিৰ সম্পাদকগৰাকীৰ দাবী যে দাক্ষিণাত্যৰ ভক্তসমূহ এইসমূহ স্থানলৈ গ’লে নিশ্চয় পৰ্য্যটন বিভাগৰ এক্টিভিটি বাঢ়িব।

“অসম আৰু পুৰ্বোত্তৰৰ পৰা কিমান মানুহ আহিব ধৰিব পৰা নাই”, আধ্যাত্মিক অনুষ্ঠানটোৰ উদ্যোক্তাৰ দায়িত্বত থকা এজন বিষয়ববীয়াই জনালে।

হাস্যকৰভাৱে পৰ্য্যটন বিভাগৰ এক্টিভিটি বঢ়াৰ কথা চিন্তা কৰা সম্পাদকগৰাকীক পৰ্য্যটন মন্ত্ৰীৰ সৈতে পুষ্কৰম কাৰ্য্যসূচী সন্দৰ্ভত আলোচনা কৰিছে নেকি বুলি সাংবাদিকে সোধাত তেওঁ কোনোধৰণৰ আলোচনা হোৱা নাই বুলি কয়। আনকি পৰ্য্যটন মন্ত্ৰী কোন বুলিহে সাংবাদিকক ওলোটাই প্ৰশ্ন কৰে শৰ্মা উপাধিৰ সম্পাদকজনে।

Puskaram
ব্ৰহ্মপুত্ৰ পুষ্কৰমৰ আয়োজকৰ সংবাদমেলৰ দৃশ্য।

“পৰ্য্যটন মন্ত্ৰীৰ সৈতে আমি কথা পতা নাই। পৰ্য্যটন মন্ত্ৰী কোন? নাই আমি কোনো কথা পতা নাই। পৰ্য্যটন বিভাগৰ পৰাও আমাক কোনো আশ্বাস দিয়া নাই”, সম্পাদকজনৰ মন্তব্য।

“আমি জিলা উপায়ুক্ত তথা চৰকাৰৰ পৰা অনুমতি বিচাৰিছো। কিন্তু বৰ্তমানলৈকে চৰকাৰৰ ফালৰ পৰা কোনোধৰণৰ অনুমতি পোৱা নাই, মৌখিক আশ্বাস পাইছো। আশা কৰিছো চৰকাৰে আমাক অনুমতিটো দিব”, সম্পাদক শৰ্মাই কয়।

চৰকাৰ অথবা প্ৰশাসনৰ পৰা অনুমতি নোপোৱাকৈয়ে উদ্যোক্তাসকলে পুষ্কৰম নামৰ উৎসৱটোৰ কাৰ্য্যসূচী ঘোষণা কৰা আৰু পূৰাদমে প্ৰচাৰ চলোৱাটোৱে চকু কপালত তুলিছে বহুতৰ।

উল্লেখ কৰিব পাৰি যে, চাউথ এচিয়ান গেমছত ২০ হাজাৰ লোকৰ সমাগম হওঁতে গুৱাহাটীত থাকিবলৈ ঠাই নোহোৱা অৱস্থাৰ সৃষ্টি হৈছিল। সেই তুলনাত ব্ৰহ্মপুত্ৰ পুষ্কৰমত কেৱল দক্ষিণ ভাৰতৰ পৰাই ২ লাখ লোক আহিলে কি অৱস্থাৰ সৃষ্টি হ’ব পাৰে সেয়া চিন্তনীয়।

সংবাদমেলত এই কথাটো সাংবাদিকে সোধাত শৰ্মাই কয়, “আমাৰ ভক্তসকলে নিজৰ ঘৰত মানুহক ৰখাৰ ব্যৱস্থা কৰিব।”

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

বাছৰ কণ্ডাক্টৰৰ ৰূপত মুখ্যমন্ত্ৰী থালাপতি বিজয়: দেখি আচৰিত যাত্ৰীসকল

বাছৰ কণ্ডাক্টৰৰ ৰূপত মুখ্যমন্ত্ৰী থালাপতি বিজয়: দেখি আচৰিত যাত্ৰীসকল

October 2, 2026 9:30 pm
সমসাময়িক প্ৰত‍্যাহ্বানৰ সন্মুখীন হোৱাত গান্ধীজীৰ দৰ্শন আমাৰ পাঠেয় হ’ব পাৰে

সমসাময়িক প্ৰত‍্যাহ্বানৰ সন্মুখীন হোৱাত গান্ধীজীৰ দৰ্শন আমাৰ পাঠেয় হ’ব পাৰে

October 2, 2026 8:30 pm
শিৱাজী পাৰ্কত ‘ককৰোচ জনতা পাৰ্টি’ৰ তীব্ৰ প্ৰতিবাদ, সমৰ্থন জনাবলৈ আহিল নাচিৰুদ্দিন শ্বাহ আৰু জাভেদ আখতাৰ

শিৱাজী পাৰ্কত ‘ককৰোচ জনতা পাৰ্টি’ৰ তীব্ৰ প্ৰতিবাদ, সমৰ্থন জনাবলৈ আহিল নাচিৰুদ্দিন শ্বাহ আৰু জাভেদ আখতাৰ

October 2, 2026 7:30 pm
তাৰিখ পে তাৰিখ! প্ৰণৱ দলেৰ গোচৰত পুনৰ তাৰিখ পিছুৱালে আদালতে

তাৰিখ পে তাৰিখ! প্ৰণৱ দলেৰ গোচৰত পুনৰ তাৰিখ পিছুৱালে আদালতে

October 2, 2026 6:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বাছৰ কণ্ডাক্টৰৰ ৰূপত মুখ্যমন্ত্ৰী থালাপতি বিজয়: দেখি আচৰিত যাত্ৰীসকল

বাছৰ কণ্ডাক্টৰৰ ৰূপত মুখ্যমন্ত্ৰী থালাপতি বিজয়: দেখি আচৰিত যাত্ৰীসকল

October 2, 2026 9:30 pm
সমসাময়িক প্ৰত‍্যাহ্বানৰ সন্মুখীন হোৱাত গান্ধীজীৰ দৰ্শন আমাৰ পাঠেয় হ’ব পাৰে

সমসাময়িক প্ৰত‍্যাহ্বানৰ সন্মুখীন হোৱাত গান্ধীজীৰ দৰ্শন আমাৰ পাঠেয় হ’ব পাৰে

October 2, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd