DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, October 2, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home দেশ

নৃশংস! ৰাখী বন্ধন উদযাপন কৰি অহাৰ সময়তে দুই ভগ্নীক দলবদ্ধ ধৰ্ষণ

স্থানীয় বিজেপি নেতাৰ পুত্ৰসহ দহ অভিযুক্তক গ্ৰেপ্তাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 2, 2023 7:40 pm
gang-rape
1.6k
VIEWS
Share on FacebookShare on Twitter

ইটোৰ পিছত সিটো নাৰী উৎপীড়ন কাণ্ডই জোকাৰিছে দেশ। এইবাৰ পোহৰলৈ আহিছে ছত্তীশগড়ৰ এক দলবদ্ধ ধৰ্ষণৰ ঘটনা। ৰাজ্যখনৰ ৰায়পুৰত দলবদ্ধ ধৰ্ষণৰ বলি হৈছে দুই ভগ্নী।

প্ৰকাশিত খবৰ অনুসৰি, ভুক্তভোগী দুই ভগ্নীৰে এগৰাকীৰ ভাবী স্বামীৰ সৈতে ৰাখী বন্ধন উদযাপন কৰি উভতি অহাৰ সময়তে দুই ভগ্নীক দলবদ্ধ ধৰ্ষণ কৰা হয়।

দহজনীয়া দুৰ্বৃত্তৰ এটা দলে বলপূৰ্বকভাৱে পথ অৱৰোধ কৰি এই ঘৃণনীয় কাণ্ড সংঘটিত কৰে বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে উল্লেখ কৰা মতে, দুই ভগ্নী আৰু তেওঁলোকৰ সংগীক প্ৰথমে তিনি দুৰ্বৃত্তই পথ আগচি ধৰে।।

দুৰ্বৃত্তৰ দলটোৱে তিনিওৰে পৰা নগদ ধন আৰু মোবাইল ফোন কাঢ়ি নিয়াৰ অভিযোগ উত্থাপন হৈছে। ইয়াৰ পিছতে আন সাতগৰাকী অভিযুক্ত মটৰ চাইকেলেৰে সেই স্থানত উপস্থিত হয়।

অভিযুক্ত দুৰ্বৃত্তৰ দলটোৱে দুই ভগ্নীৰ লগত থকা যুৱকগৰাকীক প্ৰহাৰ কৰি ভগ্নী দুগৰাকীক মূল পথৰ পৰা টানি বিচ্ছিন্ন স্থানলৈ লৈ যায় আৰু দলবদ্ধ ধৰ্ষণ কৰা বুলি অভিযোগ উত্থাপন হৈছে।

এই ঘটনাৰ বিষয়ে খবৰ লাভ কৰাৰ লগে লগে আৰক্ষীয়ে গোচৰ ৰুজু কৰে আৰু তাৎক্ষণিক অভিযান চলাই দহ অভিযুক্তক গ্ৰেপ্তাৰ কৰে।

ধৃত অভিযুক্তসকলৰ মাজত স্থানীয় এগৰাকী বিজেপি নেতাৰ পুত্ৰও আছে বুলি জানিব পৰা গৈছে। ঘটনাৰ মূল অভিযুক্ত বুলি সন্দেহ কৰা পুনম ঠাকুৰ স্থানীয় বিজেপি নেতা লক্ষ্মী নাৰায়ণ সিঙৰ পুত্ৰ।

পূৰ্বেও অপৰাধমূলক কাৰ্যকলাপত জড়িত থকাৰ ইতিহাস থকা পুনম ঠাকুৰক শেহতীয়াকৈ ২০২৩ চনৰ আগষ্ট মাহত জামিনত মুকলি কৰি দিয়া হৈছিল।

Recent News

ভণ্ড সাধু নিৰ্মূল অভিযান! সাধুসকলৰ আঙুলিৰ ছাপ সংগ্ৰহ কৰা আৰম্ভ কৰিলে তামিলনাডু আৰক্ষীয়ে

ভণ্ড সাধু নিৰ্মূল অভিযান! সাধুসকলৰ আঙুলিৰ ছাপ সংগ্ৰহ কৰা আৰম্ভ কৰিলে তামিলনাডু আৰক্ষীয়ে

মণিপুৰৰ দুই শিক্ষাৰ্থীক হত্যাৰ ঘটনাত চাৰিজনক গ্ৰেপ্তাৰ, দুগৰাকী মহিলাক আটক চিবিআইৰ

মণিপুৰৰ দুই শিক্ষাৰ্থীক হত্যাৰ ঘটনাত চাৰিজনক গ্ৰেপ্তাৰ, দুগৰাকী মহিলাক আটক চিবিআইৰ

অৰুণাচলত আটক দুই আলফা (স্বাধীন) কেডাৰ

অৰুণাচলত আটক দুই আলফা (স্বাধীন) কেডাৰ

Gandhi Jayanti 2023:  জাতিৰ পিতা মহাত্মা গান্ধীৰ ১৫৪ সংখ্যক জয়ন্তীত তেওঁৰ কেইটামান বিখ্যাত উক্তি

Gandhi Jayanti 2023: জাতিৰ পিতা মহাত্মা গান্ধীৰ ১৫৪ সংখ্যক জয়ন্তীত তেওঁৰ কেইটামান বিখ্যাত উক্তি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd