NORTHEAST NOW (Assamese)

জম্মু-কাশ্মীৰত পুনৰ নিৰাপত্তাৰক্ষীৰ এনকাউণ্টাৰ: নিহত দুই সন্ত্ৰাসবাদী

January 17, 2023 1:22 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: January 17, 2023 1:28 pm

জম্মু-কাশ্মীৰত অব্যাহত আছে নিৰাপত্তাৰক্ষীৰ সন্ত্ৰাসবাদ বিৰোধী অভিযান। নতুন বৰ্ষৰ প্ৰথমটো দিনতে উপত্যকাটোত সন্ত্ৰাসবাদীৰ আক্ৰমণে ৰক্তাক্ত পৰিৱেশৰ সৃষ্টি কৰাৰ পিছত জোৰদাৰ হৈ পৰিছে নিৰাপত্তাৰক্ষীৰ অভিযান।

আজি পুৱা জম্মু-কাশ্মীৰৰ বুডগাম জিলাত নিৰাপত্তা বাহিনীৰ গুলীত নিহত হৈছে দুই সন্ত্ৰাসবাদী সদস্য। আৰক্ষী বিষয়াসকলে জানিবলৈ দিয়া মতে, বুডগাম চহৰৰ জিলা আদালত কমপ্লেক্সৰ সমীপত সংঘটিত হয় এই এনকাউণ্টাৰ।

বুডগামত আৰক্ষী আৰু সেনাই যুটীয়া অভিযান চলাই অঞ্চলটো ঘেৰাও কৰাৰ পাছতে সংঘৰ্ষ আৰম্ভ হয় বুলি আৰক্ষীয়ে জানিবলৈ দিছে। ঘটনা সন্দৰ্ভত শীঘ্ৰেই সবিশেষ সদৰী কৰা হ’ব বুলি আৰক্ষী বিষয়াসকলে লগতে কয়।

 

উল্লেখ্য যে সন্ত্ৰাসবাদ নিৰ্মূলৰ লক্ষ্যৰে যোৱা বৰ্ষত জম্মু-কাশ্মীৰত নিৰবিচ্ছিন্ন ৰূপত সন্ত্ৰাসবাদ বিৰোধী অভিযান চলায় নিৰাপত্তা বাহিনীয়ে।জম্মু-কাশ্মীৰ আৰক্ষী তথ্য অনুসৰি ২০২২ বৰ্ষত কাশ্মীৰত নিৰাপত্তা বাহিনীয়ে অঞ্চলটোত শান্তি নিশ্চিত কৰিবলৈ ৯৩ টা সফল এনকাউণ্টাৰ কৰি ৪২ বিদেশী সন্ত্ৰাসবাদীকে ধৰি মুঠ ১৭২ সন্ত্ৰাসবাদীক হত্যা কৰিছে।

কাশ্মীৰৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধানে সদৰী কৰা মতে নিহত প্ৰায় ১০৮ সন্ত্ৰাসবাদী মূলতঃ লস্কৰ-ই-তৈবা আৰু দ্য ৰেজিষ্টেন্স ফ্ৰণ্ট (TRF)ৰ সদস্য আছিল।

আনহাতে জইছ-ঈ-মহম্মদৰ ৩৫ গৰাকী, হিজবুল-মুজাহিদিনৰ ২২ গৰাকী, আল-বদৰৰ ৪ গৰাকী আৰু আনছাৰ গাজৱাত-উলৰ-হিন্দৰ ৩ গৰাকী সদস্য এই বৰ্ষত নিৰাপত্তা বাহিনীৰ গুলীত নিহত হয় বুলি তেওঁ সদৰী কৰে।

আনহাতে আৰক্ষী বিষয়া গৰাকীৰ তথ্য মতে, যোৱা বৰ্ষত সন্ত্ৰাসবাদী গোটত ১০০ সদস্যৰ নতুন নিযুক্তিৰ বাতৰি পোৱা গৈছিল। এই সংখ্যা ২০২১ চনৰ তুলনাত ৩৭ শতাংশ হ্ৰাস পায় বুলি তেওঁ লগতে উল্লেখ কৰে।

মুঠ নতুন নিযুক্তিৰ ভিতৰত ৬৫ সন্ত্ৰাসবাদীক গুলীয়াই হত্যা কৰা হৈছে, ১৭ গৰাকীক গ্ৰেপ্তাৰ কৰা হৈছে আৰু ১৮ গৰাকী এতিয়াও সক্ৰিয় হৈ আছে বুলি তেওঁ লগতে কয়।

Related News